২৭ আৰু ২৮ ডিচেম্বৰত চিলাপথাৰত বিশাল আধ্যাত্মিক অনুষ্ঠান 'সদ্ভাৱণা সন্মিলন'...
২৭ আৰু ২৮ ডিচেম্বৰত চিলাপথাৰত বিশাল আধ্যাত্মিক অনুষ্ঠান 'সদ্ভাৱণা সন্মিলন'...

২৭ আৰু ২৮ ডিচেম্বৰত চিলাপথাৰত বিশাল আধ্যাত্মিক অনুষ্ঠান 'সদ্ভাৱণা সন্মিলন'...

ডিজিটেল সংবাদ চিলাপথাৰঃ দেশী, বিদেশী বহু বিদ্বানৰ উপস্থিতিত ২৭ আৰু ২৮ ডিচেম্বৰত দুদিনীয়াকৈ চিলাপথাৰত অনুষ্ঠিত হ'ব বিশাল আধ্যাত্মিক অনুষ্ঠান। ইতিমধ্যে এই অনুষ্ঠানক লৈ চলি আছে ব্যাপক প্ৰস্তুতি।

উল্লেখ্যে অহা ২৭ আৰু ২৮ ডিচেম্বৰত চিলাপাথৰত অনুষ্ঠিত হ'ব জীপুত সদ্ভাৱনা সন্মিলন। এই সন্মিলন সফলতাৰে অনুষ্ঠিত কৰিবলৈ তথা অনুষ্ঠানস্থলী সজাই-পৰাই তুলিবলৈ দিনে-নিশাই শ্ৰমদান কৰিছে স্থানীয় লোকসকলে।

চিলাপথাৰৰ অসম- অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী ২ নং ফুলবাৰী জীপু কল্যাণধাম আশ্ৰমত অনুষ্ঠিত হ'ব এই বিশাল আধ্যাত্মিক অনুষ্ঠান 'সদ্ভাৱণা সন্মিলন'। মানৱ উত্থান সেৱা সমিতিৰ তত্বাবধানত অনুষ্ঠিত হ'বলগীয়া এই বিশাল সন্মিলনৰ বাবে দিনে নিশাই অঞ্চলটোৰ পুৰুষ- মহিলাসকলে অব্যাহত ৰাখিছে শ্ৰমদান।

মানৱ হৃদয়ত আধ্যাত্মিক চেতনা জাগ্ৰত কৰি সমাজত এক সুস্থ সামাজিক বাতাবৰণ সৃষ্টিৰ মহৎ লক্ষ্য আগত ৰাখি আয়োজিত সন্মিলনত দেশ-বিদেশৰ বহু সাধু সন্তই ভাগ ল'ব। সন্মিলনত মুখ্য প্ৰবক্তা হিচাপে উপস্থিত থাকিব দেশৰ বিশিষ্ট সামাজকৰ্মী তথা আধ্যাত্মিক গুৰু সৎপাল মহাৰাজজী।

ইয়াৰ বাবে সীমান্ত অঞ্চলটোত নিৰ্মাণ কৰা হৈছে বিশাল মণ্ডপ। একে সময়তে ভাগৱত কথাঅমৃত ৰসাস্বাদন কৰিবলৈ কেইবা হাজাৰ দৰ্শক বহিব পৰাকৈ নিৰ্মাণ কৰিছে বিৰাটকায় মঞ্চ। সন্মিলন সফল কৰি তোলাত সহযোগ কৰিবলৈ সকলো ৰাইজৰ সহযোগ কামনা কৰিছে আয়োজকসকলে।

২৭ আৰু ২৮ ডিচেম্বৰত চিলাপথাৰত বিশাল আধ্যাত্মিক অনুষ্ঠান 'সদ্ভাৱণা সন্মিলন'...
টাকাম মিলি অপৃন কৗবাঙৰ ষষ্ঠ ত্ৰি-বাৰ্ষিক সাধাৰণ অধিবেশনৰ সফল সামৰণি...
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in