কোন কোন ক্ৰিকেটাৰে স্থান পাব ২০২৩ বিশ্বকাপৰ ভাৰতীয় দলটোত...

মহম্মদ কাঈফে দিলে ইংগিত
কোন কোন ক্ৰিকেটাৰে স্থান পাব ২০২৩ বিশ্বকাপৰ ভাৰতীয় দলটোত...
কোন কোন ক্ৰিকেটাৰে স্থান পাব ২০২৩ বিশ্বকাপৰ ভাৰতীয় দলটোত...

ডিজিটেল ডেস্কঃ ভাৰতীয় ক্ৰিকেটৰ ক্ষেত্ৰলৈ নিতৌ ন ন প্ৰতিভাৰ আগমন হৈ আছে। বহু যুৱ খেলুৱৈয়ে ইতিমধ্যেই ভাৰতীয় জাতীয় ক্ৰিকেট দলক প্ৰতিনিধিত্ব কৰিবলৈ পোৱা সুযোগৰ সঠিক ব্যৱহাৰ কৰি নিজ প্ৰতিভাৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত নিজৰ পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈছে।

যশস্বী জয়ছপাল, মহম্মদ ছিৰাজ, শুভমন গীল,ঈশ্বান কিশাণ আদিৰ দৰে নৱ প্ৰতিভাৰ আকৰেৰে ভৰি পৰিছে ভাৰতীয় ক্ৰিকেটৰ ভঁৰাল। ভাৰতত অনুস্থিত হ'বলগীয়া আই চি চি বিশ্বকাপ ২০২৩ৰ প্ৰাকমুহূৰ্ত্তত এতিয়া সকলোৰে মনত উদিত হৈছে এটাই প্ৰশ্ন। কোন কোন সন্নিৱিষ্ট হ'ব এইবাৰৰ ভাৰতীয় ক্ৰিকেট দলৰ প্লেয়িং ১১ ত?

এই বিষয়ে মন্তব্য প্ৰকাশ কৰি ভাৰতীয় জাতীয় ক্ৰিকেট দলৰ প্ৰাক্তন খেলুৱৈ মহম্মদ কাঈফে কয় যে, নতুন খেলুৱৈসকলে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যঠেষ্ট ভাল প্ৰদৰ্শন দেখুৱাই আছে। তেওঁলোকৰ পৰাক্ৰমী প্ৰদৰ্শনে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতীয় ক্ৰিকেটৰ মানক আৰু অধিক উচ্চতালৈ লৈ গৈছে।

কিন্তু ২০২৩ ৰ আই চি চি বিশ্বকাপৰ প্লেয়িং ১১ ত স্থান পাবলৈ তেওঁলোকৰ আন্তঃৰাষ্ট্ৰীয় খেলৰ অভিজ্ঞতা তাকৰীয়া। আই চি চি বিশ্বকাপৰ দৰে গুৰুত্বপূৰ্ণ টুৰ্ণামেন্টত নিশ্চয়কৈ পূৰ্ব অভিজ্ঞতাৰে পুষ্ট জ্যেষ্ঠ খেলুৱৈসকলেই প্ৰাধান্য পাব।

যশস্বী জয়ছৱালৰ দৰে যুৱ খেলুৱৈসকলে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে শেহতীয়াকৈ হোৱা শৃংখলাত আকৰ্ষণীয় প্ৰদৰ্শন আগবঢ়োৱাৰ লগে লগে ভাৰতত অনুষ্ঠিত হ’বলগীয়া বিশ্বকাপৰ বাবে তেওঁলোকক প্লেয়িং ১১ ত অন্তৰ্ভুক্ত কৰাৰ চৰ্চা চলিছে যদিও যশপ্ৰীত বুমৰাহ, শ্ৰেয়াছ  আয়াৰ, কে এল  ৰাহুলৰ দৰে খেলুৱৈ দললৈ উভতি আহিলে তেওঁলোকক দলত অন্তৰ্ভূক্ত হ'বলৈ অপেক্ষা কৰিব লাগিব বুলি মন্তব্য কৰে মহম্মদ কাঈফে।

আঘাতপ্ৰাপ্ত হৈ বিগত বহুদিন ধৰি খেলপথাৰৰ পৰা আঁতৰি থকা শ্ৰেয়াছ আয়াৰ, যশপ্ৰীত বুমৰাহ আৰু কে এল ৰাহুল দললৈ উভতি অহাৰ পিছতেই সাজু হৈ উঠিব ২০২৩ ৰ আই চি চি বিশ্বকাপত ভাৰতক প্ৰতিনিধিত্ব কৰিবলগীয়া দলটো।

প্ৰাক্তন ভাৰতীয় খেলুৱৈ কাঈফে ভাৰতবৰ্ষত অনুস্থিত হ'বলগীয়া বিশ্বকাপ ২০২৩ত ভাৰতৰ বেটিং অৰ্ডাৰৰ বিষয়ে এক পূৰ্বানুমানো কৰে। তেওঁৰ মতে অপেনিং বেটাৰৰ হিচাপে ৰোহিত শৰ্মা আৰু শুভমন গীল থাকিব।

৩য় স্থানত বিৰাট কোহলী, চতুৰ্থ স্থানত শ্ৰেয়াছ আয়াৰ, পঞ্চম স্থানত কে এল ৰাহুল, ষষ্ঠ স্থানত হাৰ্ডিক পাণ্ডিয়া, ,সপ্তমত ৰবীন্দ্ৰ জাদেজায়েই স্থান লাভ কৰিব। খেলপথাৰৰ পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি অষ্টম স্থানত অক্ষৰ পেটেল বা শ্বাৰ্দুল ঠাকুৰ, নৱম স্থানত কুলদীপ যাদৱ আৰু দশম আৰু একাদশ স্থানত থাকিব দুই ফাষ্ট বলাৰ মহম্মদ শ্বামী আৰু যশপ্ৰীত বুমৰাহ।

নতুন প্ৰতিভাসকলে আই চি চিৰ দৰে টুৰ্ণামেন্টসমূহত খেলিবলৈ কিছু অপেক্ষা কৰিব লাগিব বুলি কোৱাৰ লগতে সূৰ্যকুমাৰ যাদৱ, ঈশ্বান কিশাণ আৰু সঞ্জু ছেমচনৰ পাৰদৰ্শিতা আৰু অভিজ্ঞতাৰ প্ৰতি নিৰ্বাচকসকলে মন কৰিব বুলিও মন্তব্য প্ৰকাশ কৰে প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে।

কোন কোন ক্ৰিকেটাৰে স্থান পাব ২০২৩ বিশ্বকাপৰ ভাৰতীয় দলটোত...
ব্ৰহ্মপুত্ৰৰ খহনীয়া এলেকা পৰিদৰ্শন মিচিং ছাত্ৰ সন্থাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in