ব্ৰহ্মপুত্ৰৰ খহনীয়া এলেকা পৰিদৰ্শন মিচিং ছাত্ৰ সন্থাৰ

বাৰিষাৰ সময়ত ব্ৰহ্মপুত্ৰৰ গৰা খহনীয়া প্ৰতিৰোধৰ বাবে জলসম্পদ বিভাগৰ অস্থায়ী প্ৰতিৰোধ ব্যৱস্থা নিৰ্ভৰ যোগ্য পন্থা নহয়

author-image
Asomiya Pratidin
New Update
ব্ৰহ্মপুত্ৰৰ খহনীয়া এলেকা পৰিদৰ্শন মিচিং ছাত্ৰ সন্থাৰ

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ বাৰিষাৰ সময়ত ব্ৰহ্মপুত্ৰৰ শিহৰণকাৰী গৰা খহনীয়া প্ৰতিৰোধৰ বাবে জলসম্পদ বিভাগৰ অস্থায়ী প্ৰতিৰোধ ব্যৱস্থা নিৰ্ভৰ যোগ্য পন্থা নহয়। ব্ৰহ্মপুত্ৰৰ খহনীয়া স্থায়ী ভাবে ৰোধিবলৈ এক সুপৰিকল্পিত বিজ্ঞানসন্মত আৰু দীৰ্ঘম্যাদী আঁচনি লাগিব। তেতিয়াহে ব্ৰহ্মপুত্ৰৰ কৰাল গ্ৰাসৰ পৰা ঢকুৱাখনাৰ ভৌগলিক অস্তিত্ব সুৰক্ষিত কৰিব পৰা যাব।- এই মন্তব্য সদৌ মিচিং ছাত্ৰ সন্থাৰ সভাপতি তিলক দলেৰ ।

Advertisment

মঙলবাৰে ঢকুৱাখনা জলসম্পদ বিভাগৰ অন্তৰ্গত ব্ৰহ্মপুত্ৰই চিচি টেকেলিফুটা মথাউৰীৰ সমীপৰ জিৰ পইণ্ট, বালি গাঁও, বান্দেনা আদি বিস্তৰ অংশত অব্যাহত ৰখা ভয়ংকৰ খহনীয়া পৰিদৰ্শন কৰি এই মন্তব্য কৰে টি এম পি কেৰ সভাপতিগৰাকীয়ে। জনগোষ্ঠীয় ছাত্ৰ সংগঠনটোৰ উপ-সভাপতি টুনিৰাম পাংগিং, সহকাৰী সাধাৰণ সম্পাদক যতীন পেগু, ক্ৰীড়া সম্পাদক ৰাজীৱ দলে, জিলা সমিতিৰ সভাপতি  সম্পাদক অমৰজিত পেগু, ক্ষীৰোদ পেগু, বৃগেন দলে, ভূপেন দলে আদিৰ লগতে গৰিষ্ঠ সংখ্যক কৰ্মীৰ সহযোগত কেন্দ্ৰীয় সমিতিৰ সজাতি দলটোৱে ব্ৰহ্মপুত্ৰৰ খহনীয়া উপদ্ৰুত সকলো এলেকা পৰিদৰ্শন কৰি ভয়াবহতা প্ৰত্যক্ষ কৰে।

মাতমৰাৰ জিৰপইণ্ট, মিচিং বালি গাঁও, বান্দেনা আদি অঞ্চল পৰিদৰ্শন কৰি মিচিং জাতীয় সংগঠনৰ নেতা দলেয়ে খহনীয়া বিধ্বস্ত অঞ্চলসমূহত জলসম্পদ বিভাগে অব্যাহত ৰখা অস্থায়ী খহনীয়া প্ৰতিৰোধ আঁচনিৰো বুজ লয়। সংবাদ মাধ্যমৰ আগত সভাপতিগৰাকীয়ে এই ভয়াৱহতা প্ৰত্যক্ষ কৰি নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়- সৰ্বশ্ৰান্ত ৰাইজক স্থায়ী প্ৰতিৰোধ আঁচনি লাগে। খহনীয়া ৰোধৰ বাবে জৰুৰীকালীন ব্যৱস্থা জলসম্পদ বিভাগৰ উদ্যোগত চলি আছে যদিও স্থায়ী প্ৰতিৰোধ আঁচনি বাৰিষা শেষ হোৱাৰ পাছতে আৰম্ভ কৰাৰ দাবী জনাই সভাপতি গৰাকীয়ে।

তেওঁ লগতে কেৱল মথাউৰী শক্তিশালী ভাবে নিৰ্মান কৰিলেই নহব, ব্ৰহ্মপুত্ৰৰ খহনীয়া প্ৰতিৰোধো এশ শতাংশ কৰিব লাগিব বুলি দাবী জনাই পৰ্কীউপাইন আৰু শিলৰ স্পাৰৰ জৰীয়তেহে এই শিহৰণকাৰী খহনীয়া প্ৰতিৰোধ কৰিব পৰা যাব বুলি কয়। দলেয়ে অনাগত সময়ত এনে আঁচনি গ্ৰহণ কৰিব লাগিব বুলি চৰকাৰক দাবী জনাই বাঘচুকৰ পৰা টেকেলিফুটা লৈকে হোৱা খহনীয়া স্থায়ী প্ৰতিৰোধৰ বাবে কৰ্ম আঁচনি চৰকাৰে  ক্ষিপ্ৰতাৰে গ্ৰহণ কৰি ঢকুৱাখনাৰ ভৌগলিক অস্তিত্ব সুৰক্ষিত কৰক বুলি চৰকাৰক দাবী জনায়। খহনীয়া স্থায়ী প্ৰতিৰোধৰ বাবে চৰকাৰে গ্ৰহণ কৰা সকলো পদক্ষেপত মিচিং জাতীয় সংগঠনে পূৰ্ণ সহযোগিতা আগবঢ়াব বুলি সভাপতিগৰাকীয়ে জানিবলৈ দিয়ে। এই সন্দৰ্ভত শীঘ্ৰেই চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিব বুলি মত ব্যক্ত কৰে ।

Also Read: জাগীৰোড মহাবিদ্যালয়ৰ ৪৫ সংখ্যক প্ৰতিষ্ঠা দিৱস...

Takam Mising Porin Kebang GOVT OF ASSAM