কোন হ'ব ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক? গম্ভীৰ, লক্ষ্মণ নে আকৌ ৰাহুল...

প্ৰাক্তন অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰো আছে এই দৌৰত
কোন হ'ব ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক? গম্ভীৰ, লক্ষ্মণ নে আকৌ ৰাহুল...
কোন হ'ব ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক? গম্ভীৰ, লক্ষ্মণ নে আকৌ ৰাহুল...

ডিজিটেল ডেস্কঃ কোন হ'ব ভাৰতীয় ক্ৰিকেট দলৰ নতুন মুখ্য প্ৰশিক্ষক? কোন হ'ব ৰাহুল দ্ৰাবিড়ৰ উত্তৰসুৰী? বি চি চি আইয়ে আনুষ্ঠানিকভাৱে ভাৰতীয় ক্ৰিকেট দলটোৰ মুখ্য প্ৰশিক্ষকৰ বাবে আবেদন আহ্বান কৰাৰ পাছতে এতিয়া এই বিষয়টোক লৈ চৰ্চা তীব্ৰ হৈ পৰিছে। এই পদৰ বাবে উচ্চাৰণ হৈছে কেইবাজনো প্ৰাক্তন ক্ৰিকেটাৰৰ নাম।

বি চি চি আইয়ে ২০২৬ এদিনীয়া বিশ্বকাপক লক্ষ্য কৰি এগৰাকী পূৰ্ণকালীন মুখ্য প্ৰশিক্ষকৰ সন্ধান কৰিছে। মুখ্য প্ৰশিক্ষকগৰাকীৰ লগতে বেটিং, বলিং আৰু ফিল্ডিং প্ৰশিক্ষকৰ বিষয়েও চিন্তা চৰ্চা কৰিছে।

ভাৰতীয় দলটোৰ বৰ্তমানৰ মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ৰ কাৰ্যকাল শেষ হৈছে যদিও অৱশ্যে টি-২০ বিশ্বকাপৰ বাবে তেওঁৰ কাৰ্যকাল কিছুদিন বঢ়াই দিয়া হৈছে। টি-২০ বিশ্বকাপৰ পিছতে ভাৰতীয় দলটোৱে লাভ কৰিব এজন নতুন মুখ্য প্ৰশিক্ষক। কিন্তু প্ৰশ্ন হৈছে কোন হ’ব এইগৰাকী নতুন মুখ্য প্ৰশিক্ষক?

২০১১ ৰ বিশ্বকাপ বিজয়ী দলৰ সদস্য হ'ব পাৰে নতুন মুখ্য প্ৰশিক্ষক

চৰ্চা অনুসৰি ভাৰতীয় ক্ৰিকেট দলটোৰ নতুন মুখ্য প্ৰশিক্ষকৰ দৌৰত আছে ২০১১ বিশ্বকাপ বিজয়ী দলৰ অন্যতম নায়ক তথা বদমেজাজি বুলি নাম থকা গৌতম গম্ভীৰ। খেল পথাৰত অতি আক্ৰমণাত্মক ভূমিকা লোৱা গৌতম গম্ভীৰ হ'ব পাৰে ভাৰতীয় দলটোৰ অধিনায়ক।

বৰ্তমান কলকাতা নাইট ৰাইডাৰ্ছৰ মেণ্টৰ হিচাপে থকা গৌতম গম্ভীৰে আই পি এলৰ যোৱা দুটা ছিজনত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ মেণ্টৰ হিচাপে আছিল। দুয়োবাৰ তেওঁ এই দলটোক প্লে’ অফলৈ লৈ গৈছিল। এইবাৰ কলকাতা নাইট ৰাইডাৰ্ছকো প্লে’অফলৈ লৈ যোৱাৰ লগতে পইণ্ট টেবুলৰ শীৰ্ষস্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে।

৪২ বছৰীয়া এই প্ৰাক্তন ক্ৰিকেটাৰজনৰ প্ৰশিক্ষণৰ অভিজ্ঞতা নাথাকিলেও ক্ৰিকেটাৰ আৰু মেণ্টৰ হিচাপে তেওঁ কেৰিয়াৰত অৰ্জন কৰা সফলতা, আগ্ৰাসী দৃষ্টিভংগী আৰু খেল, খেলুৱৈৰ বাবে সকলো পৰ্যায়লৈকে যাব পৰা মানসিকতাৰ বাবেই এই পদৰ বাবে বি চি চি আইয়ে নিৰ্বাচন কৰিব পাৰে। ইয়াৰোপৰি বৰ্তমানৰ অধিনায়ক ৰোহিত শৰ্মাৰ সৈতেও গম্ভীৰৰ সম্পৰ্ক অতি ঘনিষ্ঠ।

কিন্ত গম্ভীৰৰ বাবে চিন্তাৰ বিষয় হৈ পৰিছে বিৰাট কোহলিকে ধৰি একাংশ ক্ৰিকেটাৰৰ সৈতে থকা তিক্ততাপূৰ্ণ সম্পৰ্ক। বিৰাট কোহলি এতিয়াও ভাৰতীয় ক্ৰিকেট দলৰ অন্যতম গুৰুত্বপূৰ্ণ সদস্য। কোহলিক বাদ দি ভাৰতীয় ক্ৰিকেট দলটো আজিৰ তাৰিখত কল্পনাই কৰিব নোৱাৰি। এনে প্ৰেক্ষাপটত গম্ভীৰক ভাৰতীয় ক্ৰিকেট দলটোৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব দিলে হিতে বিপীৰত হোৱাৰ সম্ভাৱনাও নথাকা নহয়।

অষ্ট্ৰেলিয়ান ক্ৰিকেট দলৰ প্ৰাক্তন মুখ্য প্ৰশিক্ষকো আছে এই দৌৰত

ভাৰতীয় ক্ৰিকেট দলটোৰ মুখ্য প্ৰশিক্ষক হোৱাৰ মন মেলিছে প্ৰাক্তন অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ জাষ্টিন লেংগাৰেও। অষ্ট্ৰেলিয়ান ক্ৰিকেট দলটোৰ প্ৰশিক্ষক হিচাপে সফল জাষ্টিন লেংগাৰ।

আই পি এলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ মুখ্য প্ৰশিক্ষক হিচাপে দায়িত্ব পালন কৰিছে তেওঁ। সেই অনুসৰিয়েই বহু কেইজন ভাৰতীয় ক্ৰিকেট দলৰ সদস্যৰ সৈতে তেওঁৰ আছে ঘনিষ্ঠ সম্পৰ্ক। বুজি উঠিছে ভাৰতীয় ক্ৰিকেটাৰৰ মন। ৫৩ বছৰীয়া এইগৰাকী প্ৰাক্তন অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰো উঠিব পাৰে বি চি চি আইৰ বিচাৰত।

ভি ভি এছ লক্ষ্মণৰো হ'ব পাৰে পদোন্নতি

সেইদৰে ভাৰতীয় ক্ৰিকেট দলটোৰ মুখ্য প্ৰশিক্ষকৰ দৌৰত আছে এন চি এৰ অধ্যক্ষ ভি ভি এছ লক্ষ্মণো। ৰাহুল দ্ৰাবিড়ক ভাৰতীয় ক্ৰিকেট দলটোৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব দিয়াৰ পূৰ্বে ৰাহুল দ্ৰাবিড়ো আছিল এন চি এৰ অধ্যক্ষ।

সেই অভিজ্ঞতা আহৰণ কৰাৰ পাছতহে তেওঁক ভাৰতীয় ক্ৰিকেট দলটোৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব দিয়া হৈছিল। সেইদৰেই ভি ভি এছ লক্ষ্মণকো ভাৰতীয় ক্ৰিকেট দলটোৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব প্ৰদান কৰা হ’ব পাৰে।

ভাৰতীয় ক্ৰিকেট দল গঠনত, ভাৰতত ক্ৰিকেটাৰ সৃষ্টিত এই এন চি এৰ ভূমিকা অপৰিসীম। ইয়াৰোপৰি ভি ভি এছ লক্ষ্মণে ভাৰতীয় ১৯ অনূৰ্ধ্বৰ ক্ৰিকেট দলৰো মুখ্য প্ৰশিক্ষকৰ দায়িত্ব পালন কৰিছে।

ৰাহুল দ্ৰাবিড়ক পুনৰ এই পদৰ বাবে আবেদনৰ বাবে আহ্বান

ভাৰতীয় ক্ৰিকেট দলটোৰ বৰ্তমানৰ মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ে পুনৰ এই পদৰ বাবে আবেদন কৰিবনে? এই প্ৰশ্নও এই কেইদিন উত্থাপন হৈছে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি ৰাহুল দ্ৰাবিড়ে পুনৰ এই পদৰ বাবে আবেদন কৰাৰ আগ্ৰহ প্ৰকাশ কৰা নাই।

টি-২০ বিশ্বকাপৰ পাছতে তেওঁ এই পদ ত্যাগ কৰিব। কিন্তু কেইবাজনো প্ৰাক্তন ক্ৰিকেটাৰ তথা বৰ্তমানৰ ক্ৰিকেটাৰে তেওঁক পুনৰ এই পদৰ বাবে আবেদন কৰিবলৈ আহ্বান জনাইছে। আন ন'হলেও টেষ্টত প্ৰয়োজন আছে ৰাহুল দ্ৰাবিড়ক।

ভাৰতীয় ক্ৰিকেট দলৰ জ্যেষ্ঠ ক্ৰিকেটাৰে তেওঁক টেষ্ট দলটোৰ প্ৰশিক্ষক হিচাপে বিচাৰিছে। কিন্তু বি চি চি আইয়ে যিহেতু পূৰ্ণকালীন মুখ্য প্ৰশিক্ষক হিচাপে আবেদন আহ্বান কৰিছে গতিকে ৰাহুল দ্ৰাবিড়ে এই পদৰ বাবে আহ্বান নকৰে।

অৱশ্যে জ্যেষ্ঠ ক্ৰিকেটাৰসকল আগ্ৰহ কৰাৰ দৰেই যদি ৰাহুল দ্ৰাবিড়ে টেষ্ট দলটোক প্ৰশিক্ষণ দিয়াৰ চিন্তা কৰে তেন্তে বি চি চি আইয়ে তেওঁক ফৰ্মেট স্পেচিয়েলিষ্ট কোচ হিচাপেহে নিয়োগ কৰাৰ সম্ভাৱনা আছে। সেয়ে এতিয়া ৰাহুল দ্ৰাবিড়ৰ ওপৰতেই নিৰ্ভৰ কৰিছে সকলো।  

কোন হ'ব ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক? গম্ভীৰ, লক্ষ্মণ নে আকৌ ৰাহুল...
খেলপথাৰত গালি পৰা কে এল ৰাহুলক ঘৰত ভাত খাবলৈ মাতিলে লক্ষ্ণৌ টীমৰ মালিক সঞ্জীৱ গোৱেংকাই...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in