/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/d24c4b72-3a56-4eb9-9a82-49c597363970/kiss.jpg)
ডিজিটেল ডেস্কঃ হায়দৰাবাদৰ বিৰুদ্ধে আই পি এলৰ এখন মেচত লক্ষ্ণৌ পৰাজিত হোৱাৰ পাছত ছচিয়েল মিডিয়াত বতাহৰ গতিত ভাইৰেল হৈছিল এটা বিশেষ ভিডিঅ। ভিডিঅটোত লক্ষ্ণৌৰ অধিনায়ক কে এল ৰাহুলক দলটোৰ স্বত্বাধিকাৰী সঞ্জীৱ গোৱেংকাই উগ্ৰ আচৰণেৰে কিছু কথা কৈ আছিল। এই ভিডিঅটো ভাইৰেল হোৱাৰ পাছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। ক্ৰীডানুৰাগীসকলৰ উপৰিও মহম্মদ ছামীৰ দৰে খেলুৱৈয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/84c56d55-17ab-40e8-ae9e-a500f9253373/51bc825e-3fe9-456a-bd96-f7fed57d7a7d.jpg)
সামাজিক মাধ্যমত এই কথাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে বিৰ্তকটো যৱনিকা পেলাবলৈ সঞ্জীৱ গোৱেংকাই গ্ৰহণ কৰিলে এটা বিশেষ পন্থা। শেহতীয়াকৈ লক্ষ্ণৌৰ অধিনায়ক কে এল ৰাহুলক গোৱেংকাই নিজৰ ঘৰত নিশাৰ আহাৰ গ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনালে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/86964f0b-6f29-4c22-87ee-9cece3ef46ab/GNhySp5awAAW5AA.jpg)
কেৱল আমন্ত্ৰণ জনোৱাই নহয়। কে এল ৰাহুলৰ সৈতে হাঁহি মাতি কথা পাতি, সাৱটি ধৰাৰ ফটো সামাজিক মাধ্যমযোগে আপলোডো কৰা হ'ল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/f2eca886-c3bd-428a-b9b6-4e86e38eb9df/GNiaJDbacAEG9d-.jpg)
এই ফটো পুনৰ সামাজিক মাধ্যমত দেখা পাই শেহতীয়াকৈ বিষয়টো কিছু শাম কাটিছে। কিন্তু একাংশ নেটিজেনে এতিয়া দাবী উত্থাপন কৰিছে যে, ৰাজহুৱাভাৱে এগৰাকী খেলুৱৈক কৰা অপমানৰ বাবে ৰাজহুৱাকৈ ক্ষমা খুজিব লাগে গোৱেংকাই।
Also Read: মঞ্চত জুবিনক সাৱটি ধৰি, সেৱা লৈ নিলম্বিত মহিলা গৃহৰক্ষী জোৱান...