শীৰ্ষত টীম ইণ্ডিয়া, ক্ৰমাগত দ্বিতীয়টো শৃংখলা দখল ৰোহিত বাহিনীৰ

মেচখনত অধিনায়ক ৰোহিত শৰ্মা আৰু শুভমন গীলে শতক অৰ্জন কৰে

author-image
Asomiya Pratidin
New Update
শীৰ্ষত টীম ইণ্ডিয়া : অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৫ উইকেটত জয়লাভ ভাৰতৰ

শীৰ্ষত টীম ইণ্ডিয়া, ক্ৰমাগত দ্বিতীয়টো শৃংখলা দখল ৰোহিত বাহিনীৰ

ডিজিটেল ডেস্কঃ বছৰৰ আৰম্ভণিতে ক্ৰমাগত দ্বিতীয়টো এদিনীয়া শৃংখলা দখল ভাৰতীয় ক্ৰিকেট দলৰ। ঘৰৰ মাটিত শ্ৰীলংকাক পৰাস্ত কৰি এদিনীয়া শৃংখলা দখল কৰাৰ পাছতে ধাৰাবাহিকভাৱে নিউজিলেণ্ডৰ বিপক্ষে তিনিখনীয়া এদিনীয়া শৃংখলা ৩-০ৰ ব্যৱধানত জয়ী হয় ৰোহিত শৰ্মা নেতৃত্বাধীন ভাৰতে।

Advertisment

উক্ত শৃংখলাৰ মঙলবাৰে হলকাৰ ষ্টেডিয়ামত অনুষ্ঠিত অন্তিম তথা তৃতীয়খন মেচত ভাৰতে আলহী দল নিউজিলেণ্ডক ৯০ ৰানৰ ব্যৱধানত পৰাস্ত কৰে। প্ৰথমে ঘৰুৱা দল ভাৰতে বেট ধৰি নিউজিলেণ্ডক জয়ৰ বাবে নিৰ্ধাৰিত অভাৰত ৩৮৬ ৰানৰ লক্ষ্য বান্ধি দিয়ে। প্ৰত্যুত্তৰত নিউজিলেণ্ডে ৪১.২ অভাৰতে আটাইকেইটা উইকেট হেৰুৱাই ২৯৫ ৰানতে থমকি ৰয়।

মেচখনত অধিনায়ক ৰোহিত শৰ্মা আৰু শুভমন গীলে শতক অৰ্জন কৰে। অৱশ্যে নিউজিলেণ্ডৰ ডেভিদ ক'নৱেও ১৩৮ ৰানৰ শতকীয় ইনিংছ খেলে। ভাৰতৰ শ্বাৰ্দুল ঠাকুৰ,কুলদীপ যাদৱে ৩টাকৈ উইকেট দখল কৰাৰ লগতে অলৰাউণ্ডাৰ হাৰ্ডিক পাণ্ডিয়াই অৰ্ধশতকসহ ১টা উইকেট লাভ কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে, ভাৰতৰ এই জয়ৰ লগে লগে আই চি চি এদিনীয়া ৰেংকিঙত শীৰ্ষস্থানত উপনীত কৰায়। বৰ্তমান ভাৰতৰ ৰেটিং পইণ্ট ১১৪ আনহাতে ৰেংকিঙত দ্বিতীয় আৰু তৃতীয়স্থানত অধিকাৰ কৰিছে ক্ৰমে ইংলেণ্ড (১১৩) পইণ্ট আৰু অষ্ট্ৰেলিয়া (১১২) পইণ্ট। নিউজিলেণ্ডে ১১১ পইণ্টৰে তালিকাৰ চতুৰ্থ স্থানত থাকে।

আৰু পঢ়কঃ ধন সংগ্ৰহৰ অভিযোগত আৰক্ষী অধীক্ষকক এজাহাৰ দাখিল মধ্যাহ্ন ভোজন ৰান্ধনী সন্থাৰ

icc cricket bcci INDIAN CRICKET TEAM ind vs nz