ধন সংগ্ৰহৰ অভিযোগত আৰক্ষী অধীক্ষকক এজাহাৰ দাখিল মধ্যাহ্ন ভোজন ৰান্ধনী সন্থাৰ

আৰক্ষী অধীক্ষকক এজাহাৰ দাখিল ৰান্ধনীৰ
আৰক্ষী অধীক্ষকক এজাহাৰ দাখিল ৰান্ধনীৰ

ডিজিটেল সংবাদ,নগাঁও : নগাঁৱত মঙ্গলবাৰে আৰক্ষী অধীক্ষকক এজাহাৰ দাখিল কৰিলে একাংশ ৰান্ধনীয়ে ৷ মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰীৰ নাম লৈ অধিবেশন অনুষ্ঠিত কৰাৰ গইনাৰে বুজন পৰিমাণৰ ধন সংগ্ৰহ কৰি থকাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ।

জানিব পৰা মতে এক দুষ্ট চক্ৰই মধ্যাহ্ন ভোজন ৰান্ধনী/সহায়িকা সন্থাৰ নাম লৈ ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন কৰি নগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত এজাহাৰ দাখিল কৰে সদৌ অসম প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয় মধ্যাহ্ন ভোজন ৰান্ধনী/সহায়িকা সন্থাই ৷ সন্থাৰ হৈ এটি সজাতি দলে এজাহাৰ প্ৰদান কৰাৰ পিছত উপদেষ্টা তৃষ্ণা নাথে সংবাদ মাধ্যমৰ সন্মুখত কয় যে, সন্থাৰ প্ৰাক্তন সদস্যা খুদেজা খাতুন আৰু বহিস্কৃত সদস্য পূৰ্ণকান্ত বৰদলৈৰ নেতৃত্বত সন্থাৰ নামত সমগ্ৰ অসমতে অবৈধভাৱে ধন সংগ্ৰহ কৰি আছে ৷

কেৱল ইমানেই নহয় অসমৰ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী নগাঁও জিলাৰ ধিঙৰ ৰান্ধনী সন্থাৰ অধিবেশনত উপস্থিত থাকিব বুলি প্ৰচাৰ কৰিও ধন সংগ্ৰহ কৰি আছে এই চক্ৰটোৱে ৷ ইতিমধ্যে বহু ৰান্ধনীক হেঁচা প্ৰয়োগ কৰিও এই ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷

গতিকে উক্ত লোকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়াৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আবেদন জনায় নগাঁও আৰক্ষী অধীক্ষকক এজাহাৰ দাখিল কৰে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা অৰ্দ্ধশতাধিক ৰান্ধনীয়ে ৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in