চৌদিশে বদনাম টীম ইণ্ডিয়া, সমালোচনা সমগ্ৰ বিশ্বৰ

চৌদিশে বদনাম টীম ইণ্ডিয়া, সমালোচনা সমগ্ৰ বিশ্বৰ

ডিজিটেল ডেস্ক : বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ কথা । ইংলেণ্ডৰ মাটিত নিৰ্লজ্জ আত্মসমৰ্পন ভাৰতীয় দলৰ । সন্মুখত আছিল অষ্ট্ৰেলিয়া । টেষ্টত অষ্ট্ৰেলিয়াক হৰুৱাতো কঠিন হ'লেও অসম্ভৱ নাছিল ভাৰতীয় দলটিৰ বাবে । কিন্তু অধিনায়কৰ পৰা আৰম্ভ কৰি প্ৰতিজন খেলুৱৈয়ে আই পি এলৰ দীঘলীয়া কষ্টৰ অন্তত ভাগৰুৱা । ২০ অভাৰৰ পৰিৱৰ্তে পাঁচ দিনীয়া খেলত জয়ী হোৱাৰ কোনো চেষ্টাই নকৰিলে দলটোৱে ।

তাৰ পাচতেই সমগ্ৰ বিশ্বত বদনাম দলটিৰ । পূৰ্বে দক্ষিণ আফ্ৰিকাৰ গাত থকা চ'কাৰ্ছৰ বদনাম ভাৰতীয় দলৰ গাতো লাগিল অৱশেষত । বিগত দহ বছৰত চাৰিখনকৈ ফাইনেল, চাৰিখনকৈ ছেমি ফাইনেলত পৰাস্ত ভাৰত । এনে হতাশগ্ৰস্ত ব্যৰ্থতাই এতিয়া সকলো অনুৰাগীকেই প্ৰশ্ন কৰিবলৈ বাধ্য কৰিছে দলটোৰ সামৰ্থ্যৰ ওপৰত ।

একেই কঠোৰ সমালোচনা ৰবি শাস্ত্ৰীৰো । আই পি এল নে দেশৰ হৈ খেলাত প্ৰাধান্য দিব দলটিয়ে বুলি প্ৰশ্ন উত্থাপন কৰিছে ৰবি শাস্ত্ৰীয়ে । খেলুৱৈসকলে ইচ্ছা কৰিলে দেশৰ হৈ খেলাত প্ৰাধান্য দি আই পি এলৰ অন্তিম খেলসমূহ বৰ্জন কৰিব পাৰিলে হয় কিন্তু তেনে নকৰিলে দলটিয়ে । আনহাতে, ফাইনেলত মন্থৰ বলিং কৰি দলগত মেচ ফীৰ এশ শতাংশই হেৰুৱাব টীম ইণ্ডিয়াই । একেদৰেই দলটিৰ বেটছমেন শুবমন গীলে নিজৰ আউট সন্দৰ্ভত সামাজিক মাধ্যমত অসন্তুষ্টি প্ৰকাশ কৰি ২০ শতাংশ মেচ ফী জৰিমনা ভৰিব লগীয়া হয় ।

ভাৰতীয় দলৰ এনে অৱস্থাক সমালোচনা কৰিবলৈ নেৰিলে অষ্ট্ৰেলিয়া অধিনায়ক পেট কামিন্সেও । এনে ধৰণৰ গুৰুত্বপূৰ্ণ প্ৰতিযোগিতাৰ ফাইনেল কেৱল এখন মেচৰ জৰিয়তে হোৱা উচিত নহয় বুলি ৰোহিত শৰ্মাই দিয়া দায়সৰা মন্তব্যক উপলুঙা পেট কামিন্সৰ । মুঠৰ ওপৰত সকলো দিশৰ পৰা কেৱল বদনাম আৰু সমালোচনাৰ সন্মুখীন দলটি । এতিয়া প্ৰশ্ন হয়, এই সমালোচনাৰ পৰা কিবা শিক্ষা লাভ কৰিব নে দলটিয়ে ?

চৌদিশে বদনাম টীম ইণ্ডিয়া, সমালোচনা সমগ্ৰ বিশ্বৰ
১০ বছৰত কেৱল ব্যৰ্থতা দেখিলে ভাৰতীয় দলে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in