১০ বছৰত কেৱল ব্যৰ্থতা দেখিলে ভাৰতীয় দলে...

১০ বছৰত কেৱল ব্যৰ্থতা দেখিলে ভাৰতীয় দলে...

ডিজিটেল ডেস্ক : বিশ্ব ক্ৰিকেটৰ অন্যতম শক্তিশালী দল টীম ইণ্ডিয়া । এই দলটোত স্থান লাভ কৰাটোও এক বৃহৎ প্ৰত্যাহ্বান । ১৪০ কোটি জনসংখ্যাৰ মাজত প্ৰথম শ্ৰেণীৰ ক্ৰিকেটাৰ হোৱাৰ সপোন দেখা কিশোৰৰ সংখ্যা অলেখ । তাৰ মাজৰে পৰাই কেৱল ১১ জনে খেলে মূল দলটোত । ১৪০ কোটিৰ পৰা ১১ জন । সহজ নহয় এই পৰিক্ৰমা । কিন্তু শেহতীয়াকৈ যেন এই যাত্ৰা, এই কষ্টক উপহাস কৰি আহিছে ক্ৰিকেটাৰসকলে । দলত স্থান লাভ কৰা মানেই স্বৰ্ণলংকা জয় কৰা যেন হৈ পৰিছে । তাৰেই প্ৰমাণ বিগত ১০ বছৰৰ ইতিহাস ।

উল্লেখ্য যে, ভাৰতীয় দলে অন্তিমবাৰৰ বাবে আই চি চি ট্ৰ'ফী হাতত তুলি লৈছিল ২০১৩ চনতেই । তাৰ পিচৰে পৰাই বিগত ১০ বছৰত আই চি চিৰ সকলো প্ৰতিযোগিতাত বিফল দলটো । নেতৃত্বও সলনি হৈ আহিছে সময়ে সময়ে । মহেন্দ্ৰ সিং ধোনীৰ হাতৰ পৰা বিৰাট কোহলি তাৰ পাছত ৰোহিত শৰ্মাৰ হাতলৈ গ'ল নেতৃত্বৰ দায়িত্ব ।

এই ১০ বছৰত সৰ্বমুঠ ৮ বাৰ আ চি চি প্ৰতিযোগিতাৰ ছেমি ফাইনেল আৰু ফাইনেললৈ গৈছে দলটো । কিন্তু এবাৰো সফল হ'ব নোৱাৰিলে । শেহতীয়াকৈ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত নিৰ্লজ আত্মসমৰ্পন দলটোৰ ।

এতিয়া প্ৰশ্ন হয়, আই চি চিৰ প্ৰতিযোগিতাত এনে ব্যৰ্থতা সহজে মানি ল'ব পৰা যায় নে ? বছৰটোৰ অধিকাংশ সময় আই পি এলৰ নামত সমৰ্পন কৰি দিয়া ভাৰতীয় খেলুৱৈসকলে পাহৰি পেলাইছে নেকি দলত স্থান লাভ কৰিবলৈ কৰা সংগ্ৰাম ?  নে আই পি এলৰ ধনৰ সন্মুখত সেইয়াও নগণ্য হৈ পৰিছে ? বাৰে বাৰে নেতৃত্বৰ ওপৰত প্ৰশ্ন উত্থাপন হোৱা ৰোহিত শৰ্মাৰ ভূমিকা আজি হতাশজনক ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in