কিয় ভাৰতীয় দলত স্থান নাপালে ৰিংকু, ৰাহুলে? অজিত আগাৰকাৰে দিলে উত্তৰ...

সংবাদ মেলত আগাৰকাৰে ক'লে ৰিংকুৰ গাত দোষ নাই, অপেনাৰ ৰাহুলক দলত প্ৰয়োজন নাই
কিয় ভাৰতীয় দলত স্থান নাপালে ৰিংকু, ৰাহুলে? অজিত আগাৰকাৰে দিলে উত্তৰ...
কিয় ভাৰতীয় দলত স্থান নাপালে ৰিংকু, ৰাহুলে? অজিত আগাৰকাৰে দিলে উত্তৰ...

ডিজিটেল ডেস্কঃ টি-২০ বিশ্বকাপৰ বাবে ঘোষণা কৰা ১৫ জনীয়া দলত স্থান লাভ নকৰিলে বিধ্বংসী বেটছমেন ৰিংকু সিঙে। চলিত আই পি এলত ৰিংকুৱে এতিয়ালৈকে কোনো উল্লেখনীয় প্ৰদৰ্শন দাঙি ধৰিব পৰা নাই যদিও আই পি এলৰ পূৰ্বৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ প্ৰদৰ্শনলৈ লক্ষ্য কৰিলে ৰিংকু সিং বিশ্বকাপৰ বাবে ঘোষিত দলত স্থান লাভৰ বাবে সম্পূৰ্ণৰূপে যোগ্য।

এই যুক্তিৰেই বহু প্ৰাক্তন ক্ৰিকেটাৰ বি চি চি আই ছিলেক্টৰক ৰিংকুক দলত স্থান নিদিয়াক লৈ সমালোচনা কৰি আহিছে। এই সমালোচনাৰ মাজতে আজি ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য নিৰ্বাচক অজিত আগাৰকাৰে ৰিংকু সন্দৰ্ভত মুখ খুলিছে।

উল্লেখ্য যে, ভাৰতে বিশ্বকাপৰ বাবে ঘোষণা কৰা মূল দলটোত অধিনায়ক হিচাপে ৰোহিত শৰ্মা, উপ-অধিনায়ক হিচাপে হাৰ্দিক পাণ্ডিয়াৰ উপৰিও যশস্বী জয়ছোৱাল, বিৰাট কোহলি, সূৰ্য কুমাৰ যাদৱ, ঋষভ পণ্ট, সঞ্জু চেমচেন, যশপ্ৰীত বুমৰাহ,ৰবীন্দ্ৰ জাদেজা, অক্ষৰ পেটেল, কুলদ্বীপ যাদৱ, যুজবেন্দ্ৰ চাহাল, অৰ্শদ্বীপ সিং, মহম্মদ ছিৰাজ, শিৱম ডুবে আদিক দলত স্থান দিছে।

আনহাতে অতিৰিক্তভাৱে ৪ গৰাকী খেলুৱৈ শুভমণ গিল, ৰিংকু সিং, খলিল আহমেদ আৰু আবেশ খানক ৰাখিছে নিৰ্বাচকে। ১৫ জনীয়া মূল দলত স্থান নাই এই কেইজন খেলুৱৈৰ।

বৃহস্পতিবাৰে মুখ্য নিৰ্বাচক অজিত আগাৰকাৰে ৰোহিত শৰ্মাৰ সৈতে সম্বোধন কৰা এক সংবাদ মেলত আনুষ্ঠানিকভাৱে এই সন্দৰ্ভত মন্তব্য কৰিছে। তেওঁ কয়, ৰিংকু সন্দৰ্ভত তেওঁলোকৰ এই সিদ্ধান্ত লোৱাতো কঠিন আছিল।

তেওঁ কয়, ইয়াত ৰিংকুৰ কোনো দোষ নাই। তেওঁ আমাৰ সৈতে যাব। তেওঁক দলৰ পৰা বাদ দিয়া হৈছে দলৰ ভাৰাসাম্য ৰক্ষা কৰিবলৈ। আমি এজন অতিৰিক্ত স্পীনাৰ নিবলৈ বিচাৰিছিলোঁ। এই একেই কাৰণতেই শুভমণ গিলকো দলত স্থান দিব পৰা নগ’ল বুলিও মন্তব্য কৰিছে আগাৰকাৰে।

উল্লেখ্য যে, এইবাৰ ভাৰতীয় দলত ৪ জন স্পীনাৰক স্থান দিয়া হৈছে। কুলদ্বীপ যাদৱ, য়ুজবেন্দ্ৰ চাহালৰ উপৰিও আছে অক্ষৰ পেটেল আৰু ৰবীন্দ্ৰ জাদেজা। এই সংবাদ মেলতেই কে এল ৰাহুলক কিয় দলৰ পৰা বাদ দিয়া হ’ল বুলিও সাংবাদিকে প্ৰশ্ন কৰাত তেওঁ কয়, চলিত আই পি এলত ৰাহুলে লক্ষ্ণৌৰ হৈ অপেনিং কৰি আছে। ভাল ফৰ্মতো আছে। কিন্তু ভাৰতীয় দলটোক প্ৰয়োজন এজন মিডল অৰ্ডাৰ বেটছমেন। সেয়েহে ভাল ফৰ্মত থাকিলেও ৰাহুলৰ বাবে দলত স্থান মুকলি নহ’ল।

কিয় ভাৰতীয় দলত স্থান নাপালে ৰিংকু, ৰাহুলে? অজিত আগাৰকাৰে দিলে উত্তৰ...
ঘোষাণা হ'ল টি-২০ বিশ্বকাপৰ বাবে ভাৰতীয় দলঃ সঞ্জু, পণ্ট, শিৱম ডুবেও পালে স্থান...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in