টি-২০ বিশ্বকাপ : নিউয়ৰ্কৰ পৰিৱেশত ভাৰতীয় দলৰ অনুশীলন

টি-২০ বিশ্বকাপ : নিউয়ৰ্কৰ পৰিৱেশত ভাৰতীয় দলৰ অনুশীলন

ডিজিটেল ডেস্ক : আসন্ন টি-২০ বিশ্বকাপৰ বাবে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰথমটো দল নিউয়ৰ্কত উপস্থিত হৈছে। বিশ্বকাপলৈ হাতত কেইদিনমান থকা অৱস্থাত দলটোৰ একাংশ খেলুৱৈয়ে বুধবাৰে শাৰীৰিক প্ৰশিক্ষক সোহম দেশাইৰ তত্বৱধানত অনুশীলন আৰম্ভ কৰে।

নিউইয়ৰ্কৰ অচিন পৰিৱেশত নিজকে খাপ খুৱাই ল'বলৈ টীম ইণ্ডিয়াৰ কেইগৰাকীমান খেলুৱৈয়ে আজি ভলীবল খেলি নিজৰে সাজু কৰি তোলে। এই অনুশীলনত অধিনায়ক ৰোহিত শৰ্মা, হাৰ্দিক পাণ্ডিয়া, যশপ্ৰীত বুমৰাহ, কুলদীপ যাদৱ আদিয়ে অংশ লয়।

প্ৰায় এবছৰৰ বিৰতি পাছত জাতীয় দললৈ প্ৰত্যাৱৰ্তন কৰা ঋষভ পণ্টকো কঠোৰ অনুশীলন কৰা দেখা যায়। উল্লেখ্য যে অহা ৫জুনত ভাৰতে আয়াৰলেণ্ডৰ বিৰুদ্ধে খেলি বিশ্বকাপ অভিযান আৰম্ভ কৰিব।

টি-২০ বিশ্বকাপ : নিউয়ৰ্কৰ পৰিৱেশত ভাৰতীয় দলৰ অনুশীলন
এছিয়ান ছিনিয়ৰ জিমনাষ্টিক চেম্পিয়নশ্বিপত স্বর্ণ জয় দীপা কর্মকাৰৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in