Advertisment

এছিয়ান ছিনিয়ৰ জিমনাষ্টিক চেম্পিয়নশ্বিপত স্বর্ণ জয় দীপা কর্মকাৰৰ

এছিয়ান ছিনিয়ৰ জিমনাষ্টিক চেম্পিয়নশ্বিপত স্বর্ণ জয় দীপা কর্মকাৰৰ

author-image
Asomiya Pratidin
New Update
এছিয়ান ছিনিয়ৰ জিমনাষ্টিক চেম্পিয়নশ্বিপত স্বর্ণ জয় দীপা কর্মকাৰৰ

ডিজিটেল ডেস্কঃ এছিয়ান ছিনিয়ৰ জিমনাষ্টিক চেম্পিয়নশ্বিপত মহিলাৰ শাখাত স্বর্ণ জয় কৰি ত্ৰিপুৰাৰ দীপা কর্মকাৰে প্ৰথমগৰাকী ভাৰতীয় এথলিট হিচাপে কৃতিত্ব অর্জন কৰিছে। উজবেকিস্তানৰ ৰাজধানী চহৰত অনুষ্ঠিত এই প্রতিযোগিতাৰ দেওবাৰে শেষৰ দিনা জিমনাষ্টগৰাকীয়ে ১৩.৫৬ স্ক'ৰ অৰ্জন কৰি উত্তৰ কোৰিয়াৰ কিম ছন হায়াং আৰু জো কিয়ং বায়লক পৰাস্ত কৰে।

Advertisment

উল্লেখযোগ্য যে ২০১৬ৰ বিঅ অলিম্পিকত চতুর্থস্থান অর্জনকাৰী দীপাই ইয়াৰ পূর্বে ২০১৫ত একেটা ইভেন্টতে ব্ৰঞ্জৰ পদক লাভ কৰিছিল। তদুপৰি তুর্কীৰ মাৰ্চিনত অনুষ্ঠিত ২০১৮ চনৰ এফ আই জি বিশ্বকাপত সোণৰ পদক অর্জন কৰি আন্তঃৰাষ্ট্ৰীয় জিমনাষ্টিক প্রতিযোগিতাৰ সোণৰ পদক অর্জন কৰা প্ৰথমগৰাকী ভাৰতীয় হিচাপে পৰিগণিত হয়।

২০১৬ চনৰ এপ্ৰিলত, কৰ্মকাৰ ৫২.৬৯৮ পয়েণ্ট লাভ কৰি প্ৰথম ভাৰতীয় নাৰী জিমনাষ্ট হিচাপে অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰিছিল। লগতে ৫২ বছৰ পিছত ভাৰতে প্ৰথম জিমনাষ্টিক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ যোগ্যতা অৰ্জন কৰে।

Also Read: আই পি এল-২৪ : খিতাপ বঞ্চিত হ'লেও জেপ গধুৰ হ'ল এইসকল খেলুৱৈৰ

asian senior gymnastic championchip DIPA KARMAKAR gymnastic