'আউট অফ দিছ ৱৰ্ল্ড'- টি২০ বিশ্বকাপৰ শীৰ্ষ গীতে বৃদ্ধি কৰিছে আকৰ্ষণ...

গানটোত কণ্ঠ দিছে শ্বন পল আৰু কেছে
'আউট অফ দিছ ৱৰ্ল্ড'- টি২০ বিশ্বকাপৰ শীৰ্ষ গীতে বৃদ্ধি কৰিছে আকৰ্ষণ...
'আউট অফ দিছ ৱৰ্ল্ড'- টি২০ বিশ্বকাপৰ শীৰ্ষ গীতে বৃদ্ধি কৰিছে আকৰ্ষণ...

ডিজিটেল ডেস্কঃ মাজত মাত্ৰ এটা মাহ। তাৰ পাছতেই আৰম্ভ হব টি-২০ ক্ৰিকেট বিশ্বকাপ। অৰ্থাত আই পি এল অন্ত পৰাৰ ঠিক পাছতেই আৰম্ভ হব ক্ৰিকেটৰ চমু ফৰ্মেটৰ বিশ্বকাপ প্ৰতিযোগিতা। ইতিমধ্যে এই প্ৰতিযোগিতাখনৰ বাবে যোগ্যতা অৰ্জন কৰা প্ৰতিখন দেশেই ঘোষণা কৰিছে দল। তাৰ মাজতেই মুকলি হল টি-২০ ক্ৰিকেট বিশ্বকাপৰ শীৰ্ষ গীত। আউট অফ দিছ ৱৰ্ল্ড শীৰ্ষক এই গানটোত কণ্ঠ দিছে শ্বন পল আৰু কেছে।

শীৰ্ষ গীতটোৰ দৃশ্যায়নত দেখুওৱা হৈছে যুৱক-যুৱতীসকলে বেলাভূমিত ক্ৰিকেট খেলি আছে। ৱেষ্ট ইণ্ডিজৰ কিংবদন্তি তাৰকাসকলে তেওঁলোকৰ শৈশৱকালত এই সাগৰৰ পাৰত বেট আৰু বল লৈ নামি আহিছিল। ক্ৰিকেট তেওঁলোকৰ জীৱন আছিল। শয়নত, সপোনত আৰু সজাগতাত আছিল কেৱল ক্ৰিকেট, ক্ৰিকেট আৰু ক্ৰিকেট।

গানটোৰ আৰম্ভণিতে বিৰাট কোটহলিয়ে ছয় কোবোৱাৰ পিছত ফলো-থ্ৰু দেখুওৱা হৈছে। ইয়াৰোপৰি বিগত বিশ্বকাপৰ কেইবাটাও উল্লেখনীয় মুহূৰ্তক দেখুওৱা হৈছে ইয়াত। বহু কেইজন তাৰকা ক্ৰিকেটাৰৰ বিশেষ মুহূৰ্তও আছে গানটোত। আই চি চি অফিচিয়েল ইউটিউব একাউণ্টত ২৩ ঘণ্টাৰ পূৰ্বে মুক্তি দিয়া হৈছে এই শীৰ্ষ গীতটো।

উল্লেখ্য যে, এইবাৰৰ বিশ্বকাপৰ ব্ৰেণ্ড এম্বেচাডৰ ৱেষ্ট ইণ্ডিজৰ ষ্টাৰ ক্ৰিকেটাৰ ক্ৰীছ গেইল আৰু জামাইকান স্প্ৰিণ্টাৰ উছেইন বল্ট। এই দুয়োজন তাৰকাকে গানটোৰ ছন্দত কঁকাল জোকাৰা দেখা গৈছিল। ৱেষ্ট ইণ্ডিজৰ প্ৰাক্তন ক্ৰিকেটাৰ শিৱনাৰিন চন্দ্ৰপল, ষ্টেফানি টেইলৰ আৰু আলী খান আদিকো গানটোত দেখা গৈছে।

স্মৰ্তব্য, এইবাৰ বিশ্বকাপ প্ৰতিযোগিতাখনলৈ মুঠ ২০ টা দলৰ মাজত গ্ৰুপ পৰ্যায়ৰ মেচসমূহ অনুষ্ঠিত হ'ব। ৪ টা গ্ৰুপত বিভিক্ত কৰা হৈছে এই দল কেইটাক। প্ৰতিটো গ্ৰুপৰ শীৰ্ষ আৰু দ্বিতীয় স্থানত থকা দুটাকৈ দলে ছুপাৰ-৮ ত প্ৰবেশ কৰিব।

অহা ২ জুনৰ পৰা আৰম্ভ হ'ব গ্ৰুপ পৰ্যায়ৰ মেচসমূহ। উদ্বোধনী মেচখনত প্ৰতিদ্বন্দিতা কৰিব আয়োজক আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু কানাডাই। ১৯ জুনৰ পৰা আৰম্ভ হ'ব ছুপাৰ-৮ ৰ মেচসমূহ। ভাৰতে গ্ৰুপ পৰ্যায়ত প্ৰথমখন মেচ খেলিব ৫ জুনত আয়াৰলেণ্ডৰ বিৰুদ্ধে। ৯ জুনত আছে ভাৰত আৰু পাকিস্তানৰ গ্ৰুপ পৰ্যায়ৰ হাই ভল্টেজ মেচ।

'আউট অফ দিছ ৱৰ্ল্ড'- টি২০ বিশ্বকাপৰ শীৰ্ষ গীতে বৃদ্ধি কৰিছে আকৰ্ষণ...
ৰায়বেৰলীত ৰাহুলঃ উপায়হীন স্বঘোষিত 'দৰিদ্ৰ চাণক্য' !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in