ৰায়বেৰলীত ৰাহুলঃ উপায়হীন স্বঘোষিত 'দৰিদ্ৰ চাণক্য' !

জয়ৰাম ৰমেশৰ অমিত শ্বাহক কটাক্ষ

author-image
Asomiya Pratidin
New Update
ৰায়বেৰলীত ৰাহুলঃ উপায়হীন স্বঘোষিত 'দৰিদ্ৰ চাণক্য' !

ৰায়বেৰলীত ৰাহুলঃ উপায়হীন স্বঘোষিত 'দৰিদ্ৰ চাণক্য' !

ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ আমেঠি লোকসভা সমষ্টিৰ পৰিৱৰ্তে ৰায়বেৰলীতহে প্ৰতিদ্বন্দিতা কৰিব ৰাহুল গান্ধীয়ে। ইয়াকে লৈ বিজেপি নেতাসকলে আমেঠিৰ পৰা ৰাহুল গান্ধীয়ে পলায়ন কৰিছে বুলি কটাক্ষ কৰিবলৈ আৰম্ভ কৰিছে।

Advertisment

২০০৪ চনৰ পৰা ২০১৯ লৈকে আমেঠি লোকসভা সমষ্টিত সাংসদ হিচাপে আছিল ৰাহুল। ২০১৯ ত এই সমষ্টিত স্মৃতি ইৰাণীৰ হাতত পৰাস্ত হোৱা ৰাহুল গান্ধীয়ে কেৰালাৰ ৱাইনাড সমষ্টিৰ পৰাহে সংসদলৈ নিৰ্বাচিত হৈছিল। এইবাৰো তেওঁ ৱাইনাড সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিছে।

মন কৰিবলগীয়া যে, ৰায়বেৰলী লোকসভা সমষ্টি কংগ্ৰেছৰ দুৰ্গ হিচাপে পৰিচিত। ২০০৪ চনৰ পৰা এই সমষ্টিত ছোনিয়া গান্ধী সাংসদ হৈ আছে। কিন্তু এইবাৰ ছোনিয়া গান্ধীয়ে লোকসভা এৰি ৰাজ্যসভালৈ নিৰ্বাচিত হোৱাত ৰায়বেৰলীত কংগ্ৰেছে কাক প্ৰাৰ্থীত্ব প্ৰদান কৰিব তাক লৈ চৰ্চা অব্যাহত আছিল।

বিজেপিয়ে অভিযোগ কৰিছিল আমেঠি আৰু ৰায়বেৰলীৰ পৰা গান্ধী পৰিয়ালে পলায়ন কৰিছে। বিজেপিৰ এনে অভিযোগৰ মাজতে ৰায়বেৰলীত কংগ্ৰেছে প্ৰক্ষেপ কৰিলে ৰাহুল গান্ধীক। আজি তেওঁ এই সমষ্টিৰ প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰিলে।

কিন্তু আমেঠি এৰি ৰাহুল গান্ধীয়ে ৰায়বেৰলীত প্ৰতিদ্বন্দিতা কৰাত এতিয়া বিজেপিয়ে পৰাজয়ৰ ভয়তে ৰাহুলে আমেঠি এৰিলে বুলি পুনৰ আক্ৰমণ কৰিবলৈ আৰম্ভ কৰিছে। তাৰ মাজতে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰন সম্পাদক জয়ৰাম ৰমেশে কয়, ৰায়বেৰলী কেৱল ছোনিয়া গান্ধীৰেই নহয়, ইন্দিৰা গান্ধীৰো আসন। এয়া উত্তৰাধিকাৰ নহয়, এয়া এক দায়িত্ব, এক কৰ্তব্য।

তেওঁ এক্সত লিখিছে, ৰাহুল গান্ধী ৰাজনীতি আৰু দবা খেলৰ এগৰাকী অভিজ্ঞ খেলুৱৈ। তেওঁ কয়, এই সিদ্ধান্তৰ দ্বাৰা বিজেপি, ইয়াৰ সমৰ্থক আৰু চাটুকাৰসকল ধ্বংস হৈছে। স্বঘোষিত দৰিদ্ৰ চাণক্য যি পৰম্পৰাগত আসনৰ বিষয়ে কৈ আছিল তেওঁ এতিয়া কি কৰিব লাগে সেয়া একো বুজি পোৱা নাই।

জয়ৰাম ৰমেশে কয়, "কেৱল আমেঠি-ৰায়বৰেলীয়েই নহয়, উত্তৰৰ পৰা দক্ষিণলৈ সমগ্ৰ দেশ গান্ধী পৰিয়ালৰ দুৰ্গ। ৰাহুল গান্ধী উত্তৰ প্ৰদেশৰ পৰা তিনিবাৰ আৰু কেৰালাৰ পৰা এবাৰ সাংসদ হৈছে, কিন্তু মোডীয়ে বিন্ধ্যচলৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ সাহস কিয় কৰিব নোৱাৰিলে?"

 ইফালে প্ৰিয়ংকা গান্ধীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰা সন্দৰ্ভত জয়ৰাম ৰমেশে কয়, প্ৰিয়ংকা গান্ধীয়ে নিৰ্বাচনৰ তীব্ৰ প্ৰচাৰ চলাই আছে। কেৱল সত্যৰে নৰেন্দ্ৰ মোডীৰ প্ৰতিটো মিছাকথাৰ উত্তৰ দি আছে। তেওঁৰ কথাত মোডীৰ মুখ বন্ধ হৈ পৰিছে। সেয়েহে তেওঁক এটা সমষ্টিত সীমাবদ্ধ ৰাখিব বিচৰা নাই। তেওঁ যিকোনো উপ-নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব আৰু সদনত উপস্থিত হ'ব।"

তেওঁ পুনৰ কয়, আজি স্মৃতি ইৰাণীৰ কেৱল এটাই পৰিচয় আছে, তেওঁ ৰাহুল গান্ধীৰ বিৰুদ্ধে আমেঠিত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰে। এতিয়া স্মৃতি ইৰাণীৰ সেই পৰিচয়ো কাঢ়ি লোৱা হ’ল।

উল্লেখ্য যে, ১৯৯৯ চনৰ পাছত প্ৰথমবাৰৰ বাবে গান্ধী পৰিয়ালৰ কোনো সদস্যই আমেঠি সমষ্টিত প্ৰতিদ্বন্দিতা নকৰাকৈ আছে। এই সমষ্টিত কংগ্ৰেছে কিশোৰী লাল শৰ্মাক প্ৰাৰ্থীত্ব প্ৰদান কৰিছে।

Also Read: বৰ্ণাঢ্য কাৰ্যসূচীৰে ৫১ সংখ্যক চিলাপথাৰ কেন্দ্ৰীয় ব'হাগী উৎসৱ...

অমিত শ্বাহ ৰাহুল গান্ধী প্ৰিয়ংকা গান্ধী জয়ৰাম ৰমেশ