বিশ্ব ক্ৰিকেটৰ মহাযুদ্ধ : সমুখ সমৰত চিৰবৈৰী ভাৰত-পাকিস্তান

পৰিসংখ্যাৰ দিশৰে ভাৰত যদিও শক্তিশালী তথাপি পাকিস্তানক সহজভাৱে নোলোৱাই ভাল। কিয়নো সমালোচনাৰ অগনিৰে দগ্ধ পাকিস্তান যিকোনো মুহূৰ্ততে উজলি উঠিব পাৰে।
বিশ্ব ক্ৰিকেটৰ মহাযুদ্ধ : সমুখ সমৰত চিৰবৈৰী ভাৰত-পাকিস্তান

ডিজিটেল ডেস্ক : ছুপাৰ ছানডেত বিশ্বকাপৰ হাইভ'ল্টেজ মেচ। টি-২০ বিশ্বকাপৰ মহাযুদ্ধত অৱতীৰ্ণ হ'ব চিৰবৈৰী ভাৰত বনাম পাকিস্তান।

আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজে যুটীয়াভাৱে আয়োজন কৰিছে ২০২৪বৰ্ষৰ টি-২০ বিশ্বকাপ। এই মহাযুদ্ধত আজি সন্ধিয়া ৮-০০ বজাত অৱতীৰ্ণ হ'ব ভাৰত আৰু পাকিস্তান।

আজিৰ এই মেচখনকলৈ অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে বিশ্ব ক্ৰিকেটৰ অনুৰাগীৰ উপৰি দুয়োখন দেশৰ ক্ৰিকেটানুৰাগীসকল। ইতিমধ্যে শেহতীয়া মেচত আমেৰিকাৰ বিপক্ষে অপ্ৰত্যাশিতভাৱে পৰাজয়বৰণ কৰি তীব্ৰ চাপত পাকিস্তান।

বিপৰীতে ভাৰতীয় শিবিৰত নাই কোনো চাপ। চাপ মুক্ত হৈয়ে নাছাই ষ্টেডিয়ামত নামিব ভাৰতীয় ক্ৰিকেট দল।

আমেৰিকাৰ বিৰুদ্ধে শোচনীয় পৰাজয়বৰণ কৰাৰ পাছৰে পৰা দেশত সমালোচিত হৈছে বাবৰ বাহিনী। এই পৰাজয় যেন কোনোপধ্যেই মানি ল'ব পৰা পাকিস্তানবাসীয়ে। আজি সমালোচনাৰ যোগ্য প্ৰত্যুত্তৰ দিয়াৰ সময় আহি পৰিছে পাক শিবিৰত।

অৱশ্যে ভাৰতক সহজভাৱে ল'ব পৰা নাই দলটোৱে। কিয়নো ৰোহিত, বিৰাট, পণ্ট, সূৰ্য আদিৰে গঠিত ভাৰতৰ বেটিং লাই-আপ খহাই দিব পৰাটো মুখৰ কথা নহয়। বলিঙৰ দিশতো ছিৰাজ, বুমৰাহ আৰু অৰ্শদীপে যিকোনো মুহূৰ্ততে অধিক ভয়াবহ হৈ উঠিব পাৰে।

আনহাতে পাকিস্তানৰ ট্ৰাম্পকাৰ্ড বাঁওহতীয়া পেচাৰ মহম্মদ আমিৰ আৰু শ্বাহিন আফ্ৰিদী। এই দুয়োগৰাকী বলাৰে ভাৰতৰ দৰ্পচূৰ্ণ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। কাৰণ বাঁওহতীয়া পেচাৰৰ প্ৰতি দুৰ্বলতা আছে অধিনায়ক ৰোহিত শৰ্মাৰ।

যদিহে অপেনিঙত ৰোহিত-বিৰাটে খুঁটি পুতি লয়, তেন্তে পাকিস্তানৰ নিষ্ঠাৰ নাই। বিৰাট কোহলিয়ে যদিও শেহতীয়া মেচত আয়াৰেলণ্ডৰ বিপক্ষে উজলি উঠিব পৰা নাই তথাপি পাক বলাৰে বিৰাটক যথেষ্ট সমীহ কৰে।

কিয়নো সদ্যসমাপ্ত আই পি এলত বিৰাটৰ ৰুদ্ৰৰূপ সকলোৱে দেখিছে। কমলা টুপীৰগৰাকী বিৰাটে দেখুৱাই দিছে তেঁওৰ শেহতীয়া প্ৰদৰ্শন।

জানিব পৰামতে নাছাইৰ উইকেট বলিংবান্ধৱ। যিকোনো মুহূৰ্ততে নাাছাইৰ উইকেটে শ'লঠেকত পেলাব পাৰে বেটাৰসকলক। সেয়ে বলিঙৰ গতি-বিধি বুজিহে তিষ্ঠিব লাগিব উইকেটত।

টি-২০ত এতিয়ালৈকে উভয় দলে ১২মেচত মুখামুখি হৈছে। তাৰ ভিতৰত ভাৰতে ৯খন মেচত জয়ী হোৱাৰ বিপৰীতে পাকিস্তান ৩খনত পৰাস্ত হৈছে। এই পৰিসংখ্যাৰ দিশৰে ভাৰত যদিও শক্তিশালী তথাপি পাকিস্তানক সহজভাৱে নোলোৱাই ভাল। কিয়নো সমালোচনাৰ অগনিৰে দগ্ধ পাকিস্তান যিকোনো মুহূৰ্ততে উজলি উঠিব পাৰে। অপেক্ষা মাথো সময়লৈ।

বিশ্ব ক্ৰিকেটৰ মহাযুদ্ধ : সমুখ সমৰত চিৰবৈৰী ভাৰত-পাকিস্তান
কাইলৈ ভাৰত-পাকিস্তানৰ মেচঃ ৰোহিত, কোহলি, বুমৰাহৰ সৈতে আফ্ৰিদী, আমিৰ, বাবৰৰ যুঁজলৈ বিশ্ববাসীৰ দৃষ্টি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in