কাইলৈ ভাৰত-পাকিস্তানৰ মেচঃ ৰোহিত, কোহলি, বুমৰাহৰ সৈতে আফ্ৰিদী, আমিৰ, বাবৰৰ যুঁজলৈ বিশ্ববাসীৰ দৃষ্টি

প্ৰথম মেচত বিজয়েৰে আত্মবিশ্বাসী ভাৰত, অত্যাধিক চাপ, সমালোচনাৰে বিধ্বস্ত পাকিস্তান
কাইলৈ ভাৰত-পাকিস্তানৰ মেচঃ ৰোহিত, কোহলি, বুমৰাহৰ সৈতে আফ্ৰিদী, আমিৰ, বাবৰৰ যুঁজলৈ বিশ্ববাসীৰ দৃষ্টি
কাইলৈ ভাৰত-পাকিস্তানৰ মেচঃ ৰোহিত, কোহলি, বুমৰাহৰ সৈতে আফ্ৰিদী, আমিৰ, বাবৰৰ যুঁজলৈ বিশ্ববাসীৰ দৃষ্টি

ডিজিটেল ডেস্কঃ খুব কম সময়ৰ ভিতৰতে এছিয়া কাপ, এদিনীয়া বিশ্বকাপত ভাৰত-পাকিস্তানৰ মাজৰ ক্ৰিকেট মেচৰ পাছত এইবাৰ ক্ৰিকেট বিশ্ব সাজু হৈছে টি-২০ বিশ্বকাপত চিৰবৈৰী ৰাষ্ট্ৰদুখনৰ ক্ৰিকেট যুঁজ প্ৰত্যক্ষ কৰিবলৈ। কূটনৈতিক কাৰণতে দুয়োদেশৰ মাজত সংস্কৃতি, ক্ৰীড়া সকলো ক্ষেত্ৰৰে সম্পৰ্ক বিচ্ছিন্ন হৈ আছে। দুয়ো দেশৰ মাজত এটা দশকৰো অধিক সময় কোনো দ্বিপাক্ষীক মেচ অনুষ্ঠিত হোৱা নাই।

সেয়ে আই চি চিৰ ইভেণ্টছসমূহলৈকে অপেক্ষা কৰে অনুৰাগীয়ে। কেৱল ভাৰত, পাকিস্তানেই নহয়, এই দুই দেশৰ ক্ৰিকেট মেচ চাবলৈ অপেক্ষা কৰি থাকে বিশ্ব ক্ৰিকেট অনুৰাগীয়ে। এইবাৰ টি-২০ বিশ্বকাপত দেওবাৰে মুখামুখী হ’ব ভাৰত আৰু পাকিস্তান।

ইতিমধ্যে বিশ্বকাপৰ যাত্ৰা আৰম্ভ কৰিছে ভাৰত আৰু পাকিস্তানে। ভাৰতে প্ৰথমখন মেচত আয়াৰলেণ্ডক সহজে পৰাজিত কৰি ২ পইণ্ট নিজৰ কৰিছে। ইয়াৰ বিপৰীতে পাকিস্তানে আয়োজক আমেৰিকাৰ বিৰুদ্ধে পৰাজিত হৈ চৰম লজ্জাৰ সন্মুখীন হোৱাই নহয় প্ৰচণ্ড চাপৰ মাজলৈ গৈছে। স্বৰাষ্ট্ৰৰ উপৰিও সৰ্বত্ৰে সমালোচনাৰ সন্মুখীন হৈছে বাবৰ আজম বাহিনী। এনে পৰিস্থিতিৰ মাজত ভাৰতৰে খেলিবলগীয়া মেচখন এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে।

বিশেষকৈ দুয়ো দেশৰ ক্ৰিকেটাৰসকলৰ মাজৰ যুঁজখন এতিয়া ব্যাপকভাৱে চৰ্চিত হৈছে। ভাৰতীয় বেটছমেন বিৰাট কোহলি পাকিস্তানৰ বিৰুদ্ধে সদায়েই আক্ৰমণাত্মক হৈ আহিছে। পূৰ্বৰ কেইবাখনো মেচত বিৰাটৰ বাবেই পাকিস্তানৰ পৰাজিত হ’বলৈ বাধ্য হৈছে।

ইফালে পাকিস্তান দলটোলৈ চাৰি বছৰৰ বিৰতিৰ মূৰত প্ৰত্যাৱৰ্তন কৰা মহম্মদ আমিৰক অধিক বিশ্বাসত লৈছে পাক দলটোৰ মেনেজমেণ্টে। কিন্তু এই মহম্মদ আমিৰে টি-২০ ত বিৰাট কোহলিৰ উইকেট আজিলৈকে ল’ব পৰা নাই। সকলো ধৰণৰ ফৰ্মেট মিলাই কেৱল এদিনীয়াতহে পাকিস্তানৰ এই আক্ৰমণাত্মক বেগী বলাৰজনে মাত্ৰ দুবাৰ বিৰাটৰ উইকেট দখল কৰিছে।

একেদৰে কিং কোহলিয়ে আমিৰৰ বলত ছিক্সাৰ কোবাবলৈ সক্ষম হোৱা নাই। সেয়ে এতিয়া এই দুই ক্ৰিকেটাৰৰ ওপৰত দৃষ্টি নিবদ্ধ আছে দুয়ো দেশৰ অনুৰাগীৰ। বিৰাটে এই পৰ্যন্ত ৬০ টা বল খেলি ৫৬ ৰাণ কৰিছে। ইয়াত আছে ৭ টাকৈ বাউণ্ডেৰী, নাই অভাৰ বাউণ্ডেৰী।

একেদৰেই ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মা যদিও দুৰ্দান্ত ফৰ্মত আছে তথাপিও পাকিস্তানৰ বেগী বলাৰ শ্বাহিন শ্বাহ আফ্ৰিদীৰ বিৰুদ্ধে তেওঁৰ কিছু দুৰ্বলতা নথকা নহয়। এই পৰ্যন্ত সকলোধৰণৰ ক্ৰিকেট মিলাই ৰোহিত আৰু আফ্ৰিদী মুঠ ৬ বাৰ মুখামুখী হৈছে।

ইয়াৰ ভিতৰত ৩ বাৰেই ৰোহিতৰ উইকেট লৈছে আফ্ৰিদীয়ে। ৰোহিতে খেলিছে আফ্ৰিদীৰ মুঠ ৬২ টা বল। এই ৬২ বলত তেওঁ কৰিছে ৫২ ৰাণ। ইয়াৰ ভিতৰত আছে ৫ টাকৈ বাউণ্ডেৰী আৰু তিনিটা অভাৰ বাউণ্ডেৰী।

আনহাতে ভাৰতীয় পেছ বলাৰ যশপ্ৰীত বুমৰাহ এই সময়ত বিশ্বৰ শ্ৰেষ্ঠ পেছ বলাৰ হিচাপে বিবেচিত হৈছে। বুমৰাহৰ প্ৰশংসাত বিশ্ব ক্ৰিকেটৰ বহু মহান ক্ৰিকেটাৰ পঞ্চমুখ হৈ আছে। আনহে নালাগে পাকিস্তানৰ বহু কেইজন বিশ্ব প্ৰসিদ্ধ বেগী বলাৰে বুমৰাহৰ প্ৰতিভাক স্বীকাৰ কৰাই নহয় এই সময়ৰ শ্ৰেষ্ঠ আখ্যা দিছে।

কিন্তু আজিলৈকে বুমৰাহে পাকিস্তানৰ অধিনায়ক বাবৰ আজমৰ উইকেট দখল কৰিব পৰা নাই। বাবৰে বুমৰাহৰ মাত্ৰ ৪৯ টা বলহে খেলিছে। এই ৪৯ টা বলত তেওঁ খেলিছে ৩৫ ৰাণ। বুমৰাহৰ বলত বাবৰে কোবাইছে ৪ টা বাউণ্ডেৰী। নাই অভাৰ বাউণ্ডেৰী।

এইদৰেই এতিয়া ভাৰত আৰু পাকিস্তানৰ তাৰকা ক্ৰিকেটৰ পূৰ্বৰ ৰেকৰ্ডৰ ভিত্তিত আৰম্ভ হৈছে তুলনা। এক দীঘলীয়া সময় আই পি এলৰ জৰিয়তে ধাৰাবাহিকবাৱে টি-২০ খেলি অভিজ্ঞ হৈ থকা ভাৰতীয় দলটোৱে প্ৰথমখন মেচ খেলি আত্মবিশ্বাসী হৈ আছে।

ইয়াৰ বিপৰীতে ইউ এছ এৰ বিৰুদ্ধে প্ৰথমখন মেচ খেলিয়েই চাপত আছে পাকিস্তান দলটো। সমালোচনাত বিধ্বস্ত অধিনায়ক বাবৰকে ধৰি দলটোৰে বেটাৰ, বলাৰসকল। এনে পৰিস্থিতিত ভাৰতীয় দলটোৱেই সকলোৱে ফেভাৰিট আখ্যা দিছে।

কাইলৈ ভাৰত-পাকিস্তানৰ মেচঃ ৰোহিত, কোহলি, বুমৰাহৰ সৈতে আফ্ৰিদী, আমিৰ, বাবৰৰ যুঁজলৈ বিশ্ববাসীৰ দৃষ্টি
মণিপুৰত বুজণ পৰিমাণৰ‌ অবৈধ মাৰণাস্ত্ৰ জব্দ, গ্ৰেপ্তাৰ তিনি কেচিপি উগ্ৰপন্থী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in