/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/ba6a342a-06d7-4b3b-8dcb-4b5e2907648f/T20_Cricket_WCup_USA_India_63_1718210143527_1718210157612.avif)
ডিজিটেল ডেস্ক : ক্ৰিকেটৰ শিশু আমেৰিকাৰ বিৰুদ্ধে শক্তিশালী টীম ইণ্ডিয়াৰ কষ্টকৰ জয়। বুধবাৰে নিশা নিউয়ৰ্কৰ নাছাই ষ্টেডিয়ামত অনুষ্ঠিত গ্ৰুপ লীগৰ মেচত আমেৰিকাৰ বিপক্ষে ৭ উইকেটত জয়লাভ কৰে ভাৰতে।
কানাডা আৰু পাকিস্তানক পৰাস্ত কৰি আত্মবিশ্বাসী হৈ থকা আমেৰিকাই অৱশেষত টীম ইণ্ডিয়াৰ হাতত পৰাজয় স্বীকাৰ কৰে। বিপৰীতে আয়াৰলেণ্ড, পাকিস্তান আৰু শেহতীয়াকৈ আমেৰিকাৰ বিপক্ষে একেৰাহে ৩খন মেচত জয়ী হৈ জয়ৰ হেট্ৰিক অৰ্জন কৰে ৰোহিত বাহিনীয়ে।
এই জয়ৰে ছুপাৰ এইটলৈ যোৱাৰ পথ প্ৰশস্ত কৰিলে টীম ইণ্ডিয়াই। আমেৰিকাৰ বিপক্ষে ভাৰতে জয়লাভ কৰিলেও এই জয় আছিল কষ্টকৰ।
পোনতে বেট ধৰা আমেৰিকাই ভাৰতৰ নিয়ন্ত্ৰিত বলিঙক প্ৰত্যহ্বান জনাব নোৱাৰি ১১০ ৰানতে ইনিংছ সামৰে। ভাৰতৰ দৰে শক্তিশালী দল এটাৰ বাবে এই লক্ষ্য তেনেই সহজ যদিও বেটাৰসকলে আশানুৰূপ প্ৰদৰ্শন দাঙি ধৰাত ব্যৰ্থ হয়।
আই পি এলৰ যোৱাটো ছিজনত সৰ্বাধিক ৰান সংগ্ৰহকাৰী বিৰাট কোহলিয়ে টি-২০ বিশ্বকাপত বৰ্তমানলৈ সফল হ'ব পৰা নাই। ব্যৰ্থতাৰ ধাৰাবাহিকতা অৱ্যাহত আছে কোহলিৰ।
কালিৰ মেচখনতো কোহলিয়ে কোনো ৰান নকৰাকৈ বিদায় লয়। ইয়াৰোপৰি অধিনায়ক ৰোহিত শৰ্মা ৩ ব্যৰ্থ হয়। নিম্নস্কৰীয় মেচত ভাৰতীয় দলৰ এনে প্ৰদৰ্শনক একাংশই চৰ্চা চলোৱাও পৰিলক্ষিত হৈছে।
অৱশ্যে ৩নম্বৰ স্থানত বেটিং কৰিবলৈ অহা ঋষভ পণ্টে ১৮ ৰানৰ উল্লেখযোগ্য বৰঙণি যোগাই আলী খানৰ বলত পেভিলিয়নমুখী হয়। পিছৰফালে ধৈৰ্যসহকাৰে বেট ধৰি সূৰ্যকুমাৰ যাদৱ আৰু শিৱম ডুবে দলৰ ইনিংছ আগুৱাই নিয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/a47240b1-82b3-4a35-8895-bcd6bad73c8c/GP5FdqIaAAMqWiq.jpg)
দলৰ এনে পৰিস্থিতিত বিপৰ্যয় ৰুধি সূৰ্যকুমাৰে অৰ্ধশতক অৰ্জনেৰে দলৰ বিজয়ত অন্যতম ভূমিকা পালন কৰে। চতুৰ্থ উইকেটৰ যুটিত সূৰ্যই ৫০ আৰু ডুবে ৩১ ৰান কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/95d93d7c-c13c-4471-9197-dffca5de1ef2/GP4_k6KaAAQJ1fH.jpg)
এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে ভাৰতৰ হৈ অৰ্শদীপ সিঙে ৪টা উইকেট দখল কৰে। তদুপৰি হাৰ্ডিক পাণ্ডিয়াই ২টা উইকেট লাভ কৰে।