শীৰ্ষত ৰিয়ান পৰাগ : হিমাচলৰ বিৰুদ্ধে অসমৰ জয়লাভ

৬খন মেচত অসমে ৪খনত জয়লাভ কৰি ১৬ পইণ্টৰে বি গ্ৰুপৰ তালিকাত দ্বিতীয় স্থানত আছে
শীৰ্ষত ৰিয়ান পৰাগ : হিমাচলৰ বিৰুদ্ধে অসমৰ জয়লাভ

ডিজিটেল ডেস্ক : সমালোচনাৰ জুয়ে তেওঁক আৰু অধিক সোণত সুৱগা চৰাইছে। ৰিয়ান পৰাগৰ ব্যৰ্থতা যেন সহ্য নহয় অসমৰ ক্ৰীড়াপ্ৰেমীৰ। সেয়েহে সামাজিক মাধ্যমত ব্যাপকভাৱে সমালোচনাৰ সন্মুখীন হ'ব লগা হয় প্ৰতিভাৱান খেলুৱৈগৰাকী।

পিচে চৈয়দ মুস্তাক আলী ট্ৰফী প্ৰতিযোগিতাত উজলি উঠিছে ৰিয়ান পৰাগ। প্ৰতিখন মেচতে বেটে-বলে সফলতা লাভ কৰিছে তেওঁ। তেওঁৰ প্ৰদৰ্শনৰ ভিত্তিতেই অসমে ইখনৰ পিচত সিখন মেচত জয়লাভ কৰিবলৈ সক্ষম হৈছে।

মুস্তাক আলী ট্ৰফী প্ৰতিযোগিতাৰ বুধবাৰে অনুষ্ঠিত অসম-হিমাচলৰ মেচখনত অসমে জয়লাভ কৰে। অধিনায়ক ৰিয়ানৰ দুৰ্দান্ত অৰ্ধশতকৰ (৭২) সহায়ত অসমে বিজয় সাব্যস্ত কৰে।

মেচখনত পোনতে অসমে বেট ধৰি নিৰ্ধাৰিত ২০ অ'ভাৰত ২৩১ ৰান সংগ্ৰহ কৰে। অৱশ্যে এই ৰানত বিশেষভাৱে অৰিহণা আছে প্ৰতিভাৱান বেটাৰ সুমিত ঘাদিগাংকৰৰ। তেওঁ ৭১ ৰানৰ অৰ্ধশতকীয় ইনিংছৰে দলৰ বিজয়ত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। প্ৰত্যুত্তৰত হিমাচলে ২২৯ ৰান কৰি থমকি ৰয় আৰু পৰাজয়বৰণ কৰে।

সম্প্ৰতি ৰিয়ানে ৬ মেচৰ ৬টা ইনিংছত ৩৮৩ ৰান সংগ্ৰহ কৰিছে। ইয়াৰ সুবাদতে তেওঁ প্ৰতিযোগিতাত সৰ্বাধিক ৰান সংগ্ৰহ কৰি তালিকাৰ শীৰ্ষস্থান অধিকাৰ কৰি আছে। তেওঁৰ নামত আছে ৫টাকৈ অৰ্ধশতক। ইফালে ৬খন মেচত অসমে ৪খনত জয়লাভ কৰি ১৬ পইণ্টৰে বি গ্ৰুপৰ তালিকাত দ্বিতীয় স্থানত আছে।

শীৰ্ষত ৰিয়ান পৰাগ : হিমাচলৰ বিৰুদ্ধে অসমৰ জয়লাভ
মণিপুৰত উদ্ধাৰ বুজন পৰিমাণৰ অস্ত্ৰ : গ্ৰেপ্তাৰ দুই ইউ এন এল এফ সদস্য

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in