অসম
মণিপুৰত উদ্ধাৰ বুজন পৰিমাণৰ অস্ত্ৰ : গ্ৰেপ্তাৰ দুই ইউ এন এল এফ সদস্য
ডিজিটেল সংবাদ,শিলচৰ : মণিপুৰৰ থৌবাল আৰু বিষ্ণুপুৰ জিলাত আৰক্ষীৰ অভিযানত বুজন পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্বাৰ কৰা হয়। আৰক্ষীৰ এই অভিযানৰ সময়ছোৱাত আই এন এছ এ এছ ৫.৫৬ এম এম ৰাইফল ১টা, ৭.৬২ এছ এল আৰ ৰাইফল ২টা, ৯ এম এম পিষ্টল ২টা, ৩০ গোলা বাৰুদ আদিকে ধৰি ভালেখিনি বিস্ফোৰক পদাৰ্থ উদ্বাৰ কৰে।
আনহাতে ৰাজ্যখনৰ ইম্ফল পশ্চিম আৰু ইম্ফল পূবৰ পৰা ইউ এন এল এফৰ ২ জন সদস্যক গ্ৰেপ্তাৰ কৰে। এই দুই ধৃতৰ পৰা আৰক্ষীয়ে বহু আপত্তিজনক তথ্য উদ্বাৰ কৰে।
তেওঁলোকৰ পৰা ৪খন চিম কাৰ্ড,বন্দুক ১টা,৯ এম এম পিষ্টল, ১৪৩টা সক্ৰিয় জাঁই গুলী,গোলা বাৰুদ আৰু ৩টা মোবাইল হেণ্ডছেট আৰক্ষীয়ে উদ্ধাৰ কৰে বুলি জানিব পৰা গৈছে।