মুম্বাই ইণ্ডিয়ানছে হৃদয় ভাঙিলে স্কাইৰ ! পাণ্ডিয়াক শুভেচ্ছা জনোৱা নাই সতীৰ্থই...

মুম্বাই ইণ্ডিয়ানছে হৃদয় ভাঙিলে স্কাইৰ ! পাণ্ডিয়াক শুভেচ্ছা জনোৱা নাই সতীৰ্থই...
মুম্বাই ইণ্ডিয়ানছে হৃদয় ভাঙিলে স্কাইৰ ! পাণ্ডিয়াক শুভেচ্ছা জনোৱা নাই সতীৰ্থই...

ডিজিটেল ডেস্কঃ মুম্বাই ইণ্ডিয়ানছৰ অধিনায়কৰ দায়িত্ব হাৰ্দিক পাণ্ডিয়াক প্ৰদান কৰি ৰোহিত শৰ্মাক এই দায়িত্বৰ পৰা অব্যাহতি দিয়া বিষয়টোক সাধাৰাণ হিচাপে ল'ব পৰা নাই ৰোহিত শৰ্মাৰ লগতে মুম্বাই ইণ্ডিয়ানছৰ অনুৰাগীসকলে। যদিও মুম্বাই ইণ্ডিয়ানছে এই সিদ্ধান্ত দলৰ ভৱিষ্যতৰ স্বাৰ্থত গ্ৰহণ কৰা হৈছে বুলি এক বিবৃতিৰ জৰিয়তে প্ৰকাশ কৰিছে আৰু ৰোহিত শৰ্মাৰ পৰা সদায়েই দলে নিৰ্দেশনা আশা কৰে বুলি উল্লেখ কৰিছে তথাপিও এই সিদ্ধান্তক মানি ল'ব পৰা নাই অনুৰাগীসকলে।

বিশেষকৈ হাৰ্দিক পাণ্ডিয়ানক মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক হিচাপে মানিবলৈ প্ৰস্তুত নহয় অনুৰাগীসকল। গুজৰাট টাইটানছৰ অধিনায়ক হাৰ্দিক পাণ্ডিয়া যদিও মুম্বাই ইণ্ডিয়ানছৰে আৱিষ্কাৰ আছিল তথাপিও পাণ্ডিয়াৰ প্ৰতি মুম্বাই ইণ্ডিয়ানছৰ অনুৰাগী তথা সদস্যসকল কিমান আগ্ৰহী সেয়া তেওঁক ৰিটেইন কৰি অধিনায়ক হিচাপে ঘোষণা কৰাৰ পাছতে স্পষ্ট হৈছে।

শেহতীয়াকৈ ভাৰতীয় টি-২০ দলৰ অধিনায়ক হিচাপে দায়িত্ব পালন কৰি থকা তথা মুম্বাই ইণ্ডিয়ানছৰ নিৰ্ভৰযোগ্য মিডল অৰ্ডাৰ বেটছমেন সূৰ্য কুমাৰ যাদৱৰ সামাজিক মাধ্যমৰ এটা পোষ্টে বহু কথাই মুকলিকৈ আলোচনা কৰাৰ পৰিৱেশ সূচনা কৰিছে। সূৰ্য কুমাৰ যাদৱে নিজৰ ইনষ্টাগ্ৰাম ষ্ট'ৰীত এটা ভগ্ন হৃদয়ৰ ইমজী আপলোড কৰিছে। একেদৰে টুইটাৰতো তেওঁ কোনো কথাৰ অৱতাৰণা নকৰাকৈ ভগ্ন হৃদয়ৰ ইমজী আপলোড কৰিছে।

সূৰ্যৰ এই আপডেটে এতিয়া ধুমুহাৰ সৃষ্টি কৰিছে। সমান্তৰালকৈ চৰ্চালৈ আহিছে এই পৰ্যন্ত মুম্বাই ইণ্ডিয়ানছৰ কোনো এজন খেলুৱৈ তথা ছাপৰ্টিং ষ্টাফে পাণ্ডিয়াক নতুন অধিনায়ক হিচাপে মানি লৈ আদৰণিও জনোৱা নাই বা শুভেচ্ছাও জনোৱা নাই।

১০ বছৰ মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক হিচাপে থকা ৰোহিত শৰ্মাৰ নেতৃত্বতে দলটোৱে ৫ টাকৈ খিতাপ জয় কৰিবলৈ সক্ষম হৈছিল। শেহতীয়া বিশ্বকাপত সকলোৱে ৰোহিত শৰ্মাক নতুনকৈ আৱিষ্কাৰ কৰিছিল। তেওঁৰ বেটিং শৈলীলৈ আহিছিল পৰিৱৰ্তন। একেদৰে তেওঁৰ অধিনায়কত্ব বিশ্বজুৰি প্ৰশংসিত হৈছিল।

এনে পৰিস্থিতিত ৰোহিত শৰ্মাক মুম্বাইয়ে দলৰ নেতৃত্বৰ পৰা আঁতৰ কৰোৱা বিষয়টো সপোনৰো অগোচৰ আছিল অনুৰাগীসকলৰ বাবে। সেয়ে মুম্বাইৰ অনুৰাগীয়ে দলটোৰ জাৰ্ছী পৰ্যন্ত জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰিছে।

অৱশ্যে যোৱা সময়ছোৱাত ৰোহিত শৰ্মাৰ অনুপস্থিতিত মুম্বাই ইণ্ডিয়ানছৰ নেতৃত্ব কাৰ হাতলৈ যাব বুলি এক চৰ্চা আৰম্ভ নোহোৱা হয়। এই বিষয়ত বিকল্প হিচাপে চৰ্চালৈ আহিছিল সূৰ্য কুমাৰ যাদৱৰ নামো। একেদৰে আছিল যশপ্ৰীত বুমৰাহৰ নাম। এই দুয়োজন ক্ৰিকেটাৰৰ কোনো এজনক এই দায়িত্ব দিয়া হ'লেও হয়তো এনে পৰিস্থিতিৰ মুখামুখী হ'বলগীয়া নহ'ল হয় দলটো।

মুম্বাই ইণ্ডিয়ানছে হৃদয় ভাঙিলে স্কাইৰ ! পাণ্ডিয়াক শুভেচ্ছা জনোৱা নাই সতীৰ্থই...
মুম্বাই ইণ্ডিয়ানছত 'ৰোহিত যুগ'ৰ অৱসানঃ হাৰ্দিক পাণ্ডিয়াৰ হাতত অধিনায়কৰ দায়িত্ব...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in