মুম্বাই ইণ্ডিয়ানছত 'ৰোহিত যুগ'ৰ অৱসানঃ হাৰ্দিক পাণ্ডিয়াৰ হাতত অধিনায়কৰ দায়িত্ব...

মুম্বাই ইণ্ডিয়ানছত 'ৰোহিত যুগ'ৰ অৱসানঃ হাৰ্দিক পাণ্ডিয়াৰ হাতত অধিনায়কৰ দায়িত্ব...
মুম্বাই ইণ্ডিয়ানছত 'ৰোহিত যুগ'ৰ অৱসানঃ হাৰ্দিক পাণ্ডিয়াৰ হাতত অধিনায়কৰ দায়িত্ব...

ডিজিটেল ডেস্কঃ আই পি এলৰ আটাইতকৈ সফল অধিনায়ক ৰোহিত শৰ্মাক আঁতৰাই মুম্বাই ইণ্ডিয়ানছৰ অধিনায়কৰ দায়িত্ব দিয়া হ'ল হাৰ্দিক পাণ্ডিয়াক। ইয়াৰ লগে লগে ১০ বছৰ ধৰি মুম্বাই ইণ্ডিয়ানছক নেতৃত্ব দি অহা ৰোহিত শৰ্মাৰ অধিনায়কৰ ভূমিকাৰ অৱসান ঘটিছে।

এক বিবৃতিৰ জৰিয়তে মুম্বাই ইণ্ডিয়ানছে আই পি এল-২০২৪ ছিজনৰ বাবে পাণ্ডিয়াৰ হাতত অৰ্পণ কৰিছে অধিনায়কৰ দায়িত্ব। ২০১৩ ত মুম্বাই ইণ্ডিয়ানছৰ অধিনায়কৰ দায়িত্ব লোৱা ৰোহিত শৰ্মাই অধিনায়ক হিচাপে যোৱা ১০ টা বছৰত মুম্বাই ইণ্ডিয়ানছক ৫ টাকৈ আই পি এলৰ খিতাপ জয় কৰোৱাইছে।

আনহাতে গুজৰাট টাইটানছক নেতৃত্ব প্ৰদান কৰা হাৰ্দিক পাণ্ডিয়াই আই পি এলৰ ২০২২ ছিজনত দলটো আত্মপ্ৰকাশ কৰোঁতেই চেম্পিয়নৰ খিতাপ জয় কৰোৱাৰ লগতে ২০২৩ ছিজনত ৰানাৰ্ছ আপৰ হৈছিল। আই পি এলৰ ২০২৪ ছিজনৰ পূৰ্বে হোৱা নিলামত মুম্বাই ইণ্ডিয়ানছে পাণ্ডিয়াক পুনৰ ৰিটেইন কৰিছে।

এই সন্দৰ্ভত মুম্বাই ইণ্ডিয়ানছৰ 'গ্লোবেল হেড অফ পাৰ্ফমেন্স' মহেলা জয়ৱৰ্ধনে কয়, এয়া উত্তৰাধিকাৰী গঢ়াৰ এক অংশ আৰু ভৱিষ্যতৰ বাবে মুম্বাই ইণ্ডিয়ানছ সাজু হোৱাৰ এক দৰ্শন। মুম্বাই ইণ্ডিয়ানছ সদায়েই শচীনৰ পৰা হৰভজনলৈকে আৰু ৰিকি পণ্টিঙৰ পৰা ৰোহিত শৰ্মালৈকে ব্যতিক্ৰমী নেতৃত্বৰ আশীৰ্বাদৰেপুষ্ট। তেওঁলোকে তাৎক্ষণিক সফলতাত অৰিহণা যোগোৱাৰ উপৰিও ভৱিষ্যতৰ বাবে দলটো শক্তিশালী কৰাৰ ওপৰত সদায় দৃষ্টি ৰাখিছে। এই দৰ্শনৰ লগত সংগতি ৰাখি হাৰ্দিক পাণ্ডিয়াই আই পি এল-২০২৪ ছিজনৰ বাবে মুম্বাই ইণ্ডিয়ানছৰ অধিনায়কত্ব গ্ৰহণ কৰিব।"

ইয়াৰোপৰি তেওঁ কয়, ৰোহিত শৰ্মাৰ ব্যতিক্ৰমী নেতৃত্বৰ বাবে আমি তেওঁৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছো। ২০১৩ চনৰ পৰা মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক হিচাপে তেওঁৰ কাৰ্যকাল আছিল অসাধাৰণ। তেওঁৰ নেতৃত্বই কেৱল দলটোলৈ অতুলনীয় সফলতা কঢ়িয়াই অনাই নহয়, আই পি এলৰ ইতিহাসৰো অন্যতম শ্ৰেষ্ঠ অধিনায়ক হিচাপে তেওঁৰ স্থান দৃঢ় কৰিছে।

তেওঁৰ নেতৃত্বত মুম্বাই ইণ্ডিয়ানছ আই পি এলৰ আটাইতকৈ সফল আৰু প্ৰিয় দলবোৰৰ ভিতৰত এটা হৈ পৰিছে। আমি এম আইক অধিক শক্তিশালী কৰিবলৈ খেলপথাৰ ভিতৰে, বাহিৰে তেওঁৰ নিৰ্দেশনা আৰু অভিজ্ঞতাৰ বাবে অপেক্ষা কৰিম। আমি হাৰ্দিক পাণ্ডিয়াক মুম্বাই ইণ্ডিয়ানছৰ নতুন অধিনায়ক হিচাপে আদৰণি জনাইছো আৰু শুভেচ্ছা জনাইছো।

মুম্বাই ইণ্ডিয়ানছত 'ৰোহিত যুগ'ৰ অৱসানঃ হাৰ্দিক পাণ্ডিয়াৰ হাতত অধিনায়কৰ দায়িত্ব...
কোকৰাঝাৰত সূত্ৰধৰ যুৱ ছাত্ৰ সন্থা আৰু যুৱ সন্মিলনীৰ প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in