পাণ্ডিয়াই বুমৰাহক গুৰুত্বহীন কৰাৰ পৰিণতিঃ হায়দৰাবাদত ৰেকৰ্ডৰ বৰষুণ...

মুম্বাইৰ বিৰুদ্ধে এছ আৰ এইছৰ ২৭৮ ৰাণ লক্ষ্য
পাণ্ডিয়াই বুমৰাহক গুৰুত্বহীন কৰাৰ পৰিণতিঃ হায়দৰাবাদত ৰেকৰ্ডৰ বৰষুণ...
পাণ্ডিয়াই বুমৰাহক গুৰুত্বহীন কৰাৰ পৰিণতিঃ হায়দৰাবাদত ৰেকৰ্ডৰ বৰষুণ...

ডিজিটেল ডেস্কঃ ৰোহিতক আঁতৰাই পাণ্ডিয়াক অধিনায়কৰ দায়িত্ব দি ভুল কৰিলে নেকি মুম্বাই ইণ্ডিয়ানছে ? এই প্ৰশ্নৰ উত্তৰ বিচাৰি নিশ্চয়কৈ মুম্বাই ইণ্ডিয়ানছৰ দলীয় মেনেজমেণ্টেও পৰ্যালোচনা কৰিছে।

যি আত্মবিশ্বাসেৰে পাণ্ডিয়াক মুম্বাই ইণ্ডিয়ানছে দললৈ ঘূৰাই আনিছিল আৰু ৰোহিত শৰ্মাৰ দৰে সফল অধিয়াকক আঁতৰাই তেওঁক অধিনায়কৰ দায়িত্ব দিয়া হৈছিল সেই আত্মবিশ্বাস মুম্বায়ে খেলা দুয়োখন মেচতে দেখিবলৈ পোৱা নাই। বিশেষকৈ যশপ্ৰীত বুমৰাহৰ দৰে ৱৰ্ল্ড ক্লাছ বলাৰ থকাৰ পিছতো খেল পথাৰত তেওঁক গুৰুত্বহীন কৰা কাৰ্য এতিয়া সহ্যৰ বাহিৰলৈ গৈছে মুম্বাই ইণ্ডিয়ানছৰ সমৰ্থকসকলৰ।

গুজৰাটৰ বিৰুদ্ধে খেলা প্ৰথমখন মেচত পাণ্ডিয়াই বুমৰাহক গুৰুত্বহীন কৰি নিজেই প্ৰথমে বলিং কৰিবলৈ আহি অধিনায়ক হিচাপে তেওঁৰ দূৰদৰ্শীতাৰ অভাৱৰ পৰিচয় দিছিল। মেচখনত পূৰ্বৰ অধিনায়ক ৰোহিত শৰ্মাকো পাণ্ডিয়াই খেল পথাৰত কৰা ব্যৱহাৰে কেৱল মুম্বাইৰে নহয় ক্ৰিকেট ভালপোৱা প্ৰতিগৰাকী লোককে অসন্তুষ্ট কৰিছিল। এই অসন্তুষ্টিৰ সুৰ শুনিবলৈ পোৱা গৈছিল প্ৰাক্তন ক্ৰিকেটাৰৰ মুখতো।

আহমেদাবাদত অনুষ্ঠিত হোৱা সেই মেচখনত পাণ্ডিয়াক ষ্টেডিয়ামৰ ৮০ হাজাৰ দৰ্শকে তেওঁৰ আচৰণৰ প্ৰত্যুত্তৰ দিছিল যদিও তেওঁৰ মানসিকতাৰ সলনি নহ'ল। হায়দৰাবাদত অনুষ্ঠিত হোৱা বুধবাৰৰ মেচখনতো পাণ্ডিয়াই সেই একেই ভুল কৰিলে।

বুমৰাহৰ দৰে বিশ্বপ্ৰসিদ্ধ বলাৰ থকাৰ পিছতো তেওঁক গুৰুত্বহীন কৰিলে। পৰিণতিত হায়দৰাবাদৰ বেটছমেনে মেচখনৰ আৰম্ভণিৰ পৰাই কেৱল বাউণ্ডেৰী, অভাৰ বাউণ্ডেৰীৰে ৰাণৰ পাহাৰ গঢ়িবলৈ আৰম্ভ কৰিলে।

পাণ্ডিয়াৰ এনে ভুল সিদ্ধান্তৰ বাবেই আই পি এলৰ ইতিহাসত ছানৰাইজাৰ্ছ হায়দৰাবাদে গঢ়িলে অনন্য অভিলেখ। ২০ অভাৰত ২৭৭ ৰাণৰ স্ক'ৰ। হায়দৰাবাদৰ প্ৰতিজন বেটছনেই মেচখনত হৈ পৰিছিল দুৰ্দান্ত। আৰম্ভণি কৰিছিল ট্ৰেভিছ হেডে।

এদিনীয়া বিশ্বকাপৰ নায়ক হেডে মেচখনত ২৪ বলত ৬২ ৰাণৰ ইনিংছ খেলে। তেওঁৰ বেটৰ পৰা আহে ৯ টাকৈ বাউণ্ডেৰী আৰু ৩ টাকৈ অভাৰ বাউণ্ডেৰী। অৱশ্যে অপেনাৰ মায়ঙক আগৰৱালে মাত্ৰ ১১ ৰাণহে কৰে।

ইয়াৰ পিছত ৩ নম্বৰত বেটিং কৰিবলৈ অহা অভিষেক শৰ্মাই ২৩ বলত কৰে ৬৩ ৰাণ। তেওঁৰ বেটৰ পৰা আহে ৭ টাকৈ অভাৰ বাউণ্ডেৰী আৰু ৩ টা বাউণ্ডেৰী। মেচখনত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ হৈ দ্ৰুততম অৰ্ধশতক অৰ্জন কৰাৰ ৰেকৰ্ড গঢ়িছিল ট্ৰেভিছ হেডে।

এই একেখন মেচতে কিছু সময়ৰ পাছতে অভিষেক শৰ্মাই মাত্ৰ ১৬ বলতে অৰ্ধশতক অৰ্জন কৰি সেই ৰেকৰ্ড ভংগ কৰে। ইয়াৰ পিছত দলটোৰ হৈ এডেন মাক্ৰামে ২৮ বলত ৪২ ৰাণ কৰে। ইয়াৰ পিছত ক্ৰীজলৈ আহে দক্ষিণ আফ্ৰিকাৰ হেনৰিখ ক্লাছেন।

ক্লাছেনে আৰু অধিক দুৰ্দান্ত ৰূপ ধাৰণ কৰি ৩৪ বলত সংগ্ৰহ কৰে ৮০ ৰাণ। তেওঁৰ বেটৰ পৰা আহে ৭ টাকৈ অভাৰ বাউণ্ডেৰী আৰু ৪ টা বাউণ্ডেৰী। দলটোৰ বেটছমেনসকলৰ এনে বেটিং বিক্ৰমৰ ফলত এসময়ত দলীয় স্ক'ৰ ৩০০ ৰ কাষ চাপিবগৈ বুলি অনুমান কৰা হৈছিল যদিও ২৭৭ ৰাণতে অৱশ্যে ২০ অভাৰ অন্ত পৰে। ইয়াৰ লগে লগে আই পি এলৰ ইতিহাসৰ সৰ্বাধিক স্ক'ৰ হিচাপে চিহ্নীত হয় এই ইনিংছ।

মুম্বাইৰ হৈ মাফাকাই ৪ অভাৰত ৬৬ ৰাণ, পাণ্ডিয়াই ৪ অভাৰত ৪৬ ৰাণ, কোয়েটজিয়ে ৪ অভাৰত ৫৭ ৰাণ, পীযুষ চাউলাই ২ অভাৰত ৩৪ ৰাণ, মুলানিয়ে ২ অভাৰত ৩৩ ৰাণ আৰু বুমৰাহে ৪ অভাৰত ৩৬ ৰাণ ব্যয় কৰে।

অৱশ্যে মুম্বাই ইণ্ডিয়ানছেও ছানৰাইজাৰ্ছ হায়দৰাবাদৰ এই লক্ষ্য অতিক্ৰম কৰিবলৈ সকলো ধৰণৰ চেষ্টা কৰে। ঈশান কিষাণ আৰু ৰোহিত শৰ্মাই দলটোক সুন্দৰ আৰম্ভণি দিয়ে। দলটোৱ ১৮ অভাৰলৈকে মেচখনত তেওঁলোকৰ জয়ৰ সম্ভাৱণাক ধৰি ৰাখিবলৈ সক্ষম হৈছিল। পাণ্ডিয়াক বাদ দি দলটোৰ প্ৰতিজন বেটছমেনেই মেচখনত জয়ী হ'বলৈ দুৰ্দান্ত ৰূপ ধাৰণ কৰে। যাৰ ফলশ্ৰুতিত দলটোৱে ২৪৬ ৰাণ কৰিবলৈ সক্ষম হয়।

অপেনিং কৰিবলৈ আহি ৰোহিত শৰ্মাই ১২ বলত ২৬ ৰাণ, ঈশান কিষাণে ১৩ বলত ৩৪ ৰাণ, তিলক বাৰ্মাই ৩৪ বলত ৬৪ ৰাণ, নমন ধীৰে ১৪ বলত ৩০ ৰাণ, টীম ডেভিডে ২২ বলত ৪২ ৰাণ ৰোমাৰিঅ'ই ৬ টা বলত ১৫ ৰাণ কৰে। আটাইতকৈ মন্থৰ বেটিং কৰে অধিনায়ক পাণ্ডিয়াই। তেওঁ ২০ টা বলত মাত্ৰ ২৪ ৰাণ কৰে। ফলত মেচখনত ৩১ ৰাণত পৰাজিত হয় মুম্বাই।

বিশ্ব ক্ৰিকেটত বহু বছৰলৈ চৰ্চাত থকাটো নিশ্চিত হোৱা এই মেচখনত বহু নতুন ৰেকৰ্ড গঢ় ল'লে আৰু বহু ৰেকৰ্ড ভাঙিলে। সেইবোৰৰ ভিতৰত সৰ্বাধিক দলীয় স্ক'ৰ হিচাপে গঢ়িলে নতুন ৰেকৰ্ড। মাত্ৰ ৩ উইকেটত এছ আৰ এইছে কৰিলে ২৭৭ ৰাণ। এই ক্ষেত্ৰত ভংগ কৰিলে আৰ চি বিয়ে ২০১৩ ত ৫ উইকেটত গঢ়া ২৬৩ ৰাণৰ অভিলেখ।

ছয় অভাৰৰ পাৱাৰ প্লেত এছ আৰ এইছে মেচখনত সংগ্ৰহ কৰিলে এক উইকেটত ৮১ ৰাণ। ইয়াৰ পূৰ্বে কে কে আৰে হায়দৰাবাদৰ বিৰুদ্ধে ৭৯ ৰাণ কৰি এই অভিলেখ গঢ়ি থৈছিল।

মেচখনত অভিষেক শৰ্মাই ১৬ বলত সংগ্ৰহ কৰে অৰ্ধশতক। এয়া আছিল আই পি এলত এছ আৰ এইছৰ বেটছমেনৰ দ্ৰুততম অৰ্ধশতক। একেখন মেচতে ১৮ বলত অৰ্ধশতক অৰ্জন কৰা ট্ৰেভিছ হেডৰ ৰেকৰ্ড ভংগ কৰিলে অভিষেকে।

টি-২০ ৰ ইতিহাসত সৰ্বাধিক ৰাণ সংগ্ৰহ হ'ল এছ আৰ এইছ আৰু মুম্বাইৰ মেচখনত। এছ আৰ এইছৰ ২৭৭ আৰু মুম্বাইৰ ২৭৮ ৰাণ মিলাই মুঠ ৰাণ হয়গৈ ৫২৩।

প্ৰথম ১০ অভাৰত এছ আৰ এইছে সংগ্ৰহ কৰে ১৪৮ ৰাণ। আই পি এলত এয়াই প্ৰথম ১০ অভাৰত কৰা সৰ্বাধিক ৰাণ। ইয়াৰ পূৰ্বে মুম্বায়ে কৰিছিল ১৩১ ৰাণ।

মেচখনত সৰ্বাধিক অভাৰ বাউণ্ডেৰীয়েও অভিলেখ গঢ়িলে। মেচখনত এছ আৰ এইছে কোবাই মুঠ ১৮ টা ছিক্সাৰ। মুম্বায়ে কোবাই ২০ টা ছিক্স। ফলত মুঠ ছিক্সাৰৰ সংখ্যা হয়গৈ ৩৮ টা।

পাণ্ডিয়াই বুমৰাহক গুৰুত্বহীন কৰাৰ পৰিণতিঃ হায়দৰাবাদত ৰেকৰ্ডৰ বৰষুণ...
ধনৰ অভাৱত নিৰ্বাচন নেখেলে নিৰ্মলা সীতাৰমণে !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in