/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/8dc774a6-1536-4c92-88ea-2c3bf01ebb2a/12.jpg)
ডিজিটেল ডেস্কঃ সমাগত লোকসভা নিৰ্বাচনকলৈ দেশৰ চাৰিওফালে বলিছে নিৰ্বাচনী বতাহ। ইয়াৰ মাজতে লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ অস্বীকাৰ কৰিছে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে।
অৰ্থৰ অভাৱৰ বাবে নিৰ্বাচন নেখেলাৰ সিদ্ধান্তৰ কথা ৰাজহুৱা কৰিলে কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে। জানিব পৰা মতে শীৰ্ষ নেতৃত্বৰ প্ৰস্তাৱ মানি লোৱা নাই বিত্তমন্ত্ৰীগৰাকীয়ে।
সীতাৰমণক দুখন ৰাজ্য অন্ধ্ৰপ্ৰদেশ আৰু তামিলনাডুত নিৰ্বাচন খেলাৰ বিকল্প দিয়া হৈছে। অন্ধ্ৰপ্ৰদেশ আৰু তামিলনাডুৰ নিৰ্বাচনত জয়ী হ’বলৈ বহু প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব বুলি বিত্তমন্ত্ৰীগৰাকীয়ে নিৰ্বাচন নেখেলাৰ কথা উল্লেখ কৰে।
উল্লেখযোগ্য যে মুঠ ৭ টা পৰ্যায়ত ১৯ এপ্ৰিলৰ পৰা আৰম্ভ হ'ব নিৰ্বাচন। ভোটগণনা অনুষ্ঠিত হ'ব ৪ জুনত। দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব ২৬ এপ্ৰিলত। তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ৭ মে', চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণ ১৩ মে', পঞ্চম পৰ্যায়ৰ ভোটগ্ৰহণ ২০ মে', ষষ্ঠ পৰ্যায়ৰ ভোটগ্ৰহণ ২৬ মে' আৰু সপ্তম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব ১ জুনত।
আনহাতে অন্ধ্ৰপ্ৰদেশ, উৰিষ্যাৰ বিধানসভা নৰ্বাচন অনুষ্ঠিত হ'ব ১৩ মে'ত। অৰুণাচল আৰু ছিকিমৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব ১৯ এপ্ৰিলত। চাৰিওখন ৰাজ্যত ভোট গণনা হ'ব ৪ জুনতেই। ইফালে ১৪ খন ৰাজ্যৰ ২৬ টা বিধানসভা সমষ্টিত অনুষ্ঠিত হ'ব উপ নিৰ্বাচন।
Also Read: উত্তৰ নেদেখুৱাই কাল হ'ল : সহপাঠীৰ আক্ৰমণত আহত মেধাৱী ছাত্ৰ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us