আন্তৰ্জাতিক ফুটবলক বিদায় দিলে তাৰকা ফুটবলাৰ সুনীল ছেত্ৰীয়ে

ই এক আবেগিক সময়। মই মোৰ প্ৰশিক্ষকসকলৰ ওচৰত কৃতজ্ঞ। জীৱনৰ ১৯টা বসন্ত ফুটবলৰ নাম উৎসৰ্গা কৰি, ফুটবলক বিদায় জনোৱাটো এক কঠিন সিদ্ধান্ত : সুনীল ছেত্ৰী
আন্তৰ্জাতিক ফুটবলক বিদায় দিলে তাৰকা ফুটবলাৰ সুনীল ছেত্ৰীয়ে

ডিজিটেল ডেস্ক : বিদায় ফুটবল ! সুদীৰ্ঘ দুটা দশকজোৰা পৰিক্ৰমাৰ অন্ত পেলাই বৃহস্পতিবাৰে আন্তৰ্জাতিক ফুটবলৰ পৰা অৱসৰগ্ৰহণৰ কথা ঘোষণা কৰে সুনীল ছেত্ৰীয়ে।

সামাজিক মাধ্যমযোগে তাৰকা ফুটবলাৰগৰাকীয়ে এই কথা ৰাজহুৱা কৰাৰ পাছতে ক্ৰীড়প্ৰেমীৰ মাজত চৰ্চা লাভ কৰিছে। ফুটবলাৰগৰাকীয়ে ঘোষণা কৰা অনুসৰি তেঁও অহা ৬জুনত অন্তিমখন আন্তৰ্জাতিক মেচত অংশ ল’ব।

উক্ত দিনা তেঁও কলকাতাত কুৱেটৰ বিৰুদ্ধে অন্তিমখন মেচত অংশ ল’ব। এক আৱেগবিহ্বল কণ্ঠৰে সামাজিক মাধ্যমযোগে তেঁও কয়- ই এক আবেগিক সময়। মই মোৰ প্ৰশিক্ষকসকলৰ ওচৰত কৃতজ্ঞ। জীৱনৰ ১৯টা বসন্ত ফুটবলৰ নাম উৎসৰ্গা কৰি, ফুটবলক বিদায় জনোৱাটো এক কঠিন সিদ্ধান্ত।

বিগত ১৯বছৰত পোৱা অভিজ্ঞতাৰ কথা সুঁৱৰি আবেগিক হৈ পৰে তাৰকাগৰাকী। তেঁও কয়- খেলি থকা সময়ছোৱাত মই কেতিয়াও ব্যক্তিগতভাৱে ভবা নাছিলো যে মই দেশৰ হৈ খেলিছো। মই ভাল খেলিছো নে বেয়া সেয়াও নাজানো। কিন্তু এতিয়া সিদ্ধান্ত লৈছো যে অহা ৬জুনৰ খেলখনেই হ’ব মোৰ অন্তিম মেচ।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে ৩৯বছৰীয়া তাৰকা ফুটবলাৰগৰাকীয়ে ২০০৫চনৰ ১২জুনত আন্তৰ্জাতিক ফুটবলত অভিষেক ঘটিছিল। পাকিস্তানৰ বিৰুদ্ধে অভিষেক ঘটা সুনীল ছেত্ৰীয়ে উক্ত মেচতে প্ৰথমটো গল কৰিবলৈ সক্ষম হৈছিল।

সুনীল ছেত্ৰীয়ে দেশৰ উপৰি বিভিন্ন ক্লাৱৰ হৈও খেলিছিল ফুটবল। মোহন বাগান, আই এছ এল আদি বিভিন্ন পেচাদাৰী প্ৰতিযোগিত তেঁও প্ৰতিভাৰ চানেকি দাঙি ধৰিবলৈ সক্ষম হৈছিল।

তেঁওৰ নেতৃত্বতে ভাৰতীয় ফুটবলে সুকীয়া আসন দখল কৰিবলৈ সক্ষম হৈছিল।আন্তৰ্জাতিক পৰ্যায়ত তেঁও খেলিছে ১৫০খন মেচ আৰু তেঁওৰ নামত আছে ৯৪টা গল।

বিশ্বৰ সৰ্বাধিক গল দাতাৰ তালিকাত সম্প্ৰতি তেঁওৰ স্থান চতুৰ্থ। ১২৮টা গলৰে শীৰ্ষত আছে ক্ৰিষ্টিয়ানা ৰোণাল্ড’।

ভাৰতীয় ফুটবলৰ ক্ষেত্ৰত সুনীল চেত্ৰীৰ অৱদান অপৰিসীম। তেঁওৰ এই অৱদানৰ বাবে ক্ৰীড়াপ্ৰেমীয়ে সদায়ে তেঁওক মনত ৰাখিব।

আন্তৰ্জাতিক ফুটবলক বিদায় দিলে তাৰকা ফুটবলাৰ সুনীল ছেত্ৰীয়ে
নাট্যগোষ্ঠী ঈগল,গুৱাহাটীৰ বঁটা প্ৰদান অনুষ্ঠান : মলয়া গোস্বামীলৈ আগবঢ়াব জীৱনজোৰা সাধনা বঁটা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in