নাট্যগোষ্ঠী ঈগল,গুৱাহাটীৰ বঁটা প্ৰদান অনুষ্ঠান : মলয়া গোস্বামীলৈ আগবঢ়াব জীৱনজোৰা সাধনা বঁটা...

অনুষ্ঠানৰ লগত সংগতি ৰাখি নাট্যগোষ্ঠীটোৱে নিবেদন কৰিব ‘আঁচোৰ’ নামৰ এখনি নাট
নাট্যগোষ্ঠী ঈগল,গুৱাহাটীৰ বঁটা প্ৰদান অনুষ্ঠান : মলয়া গোস্বামীলৈ আগবঢ়াব জীৱনজোৰা সাধনা বঁটা...

ডিজিটেল ডেস্ক : অসমৰ অন্যতম জনপ্ৰিয় অপেচাদাৰী নাট্য গোষ্ঠী ঈগল, গুৱাহাটী। এই নাট্যগোষ্ঠীটোৱে অহা ১৯ মে’ৰ দিনা মহানগৰীৰ শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আয়োজন কৰিছে এক বিশেষ অনুষ্ঠানৰ।

নাট্যগোষ্ঠীটোৱে বিগত বৰ্ষসমূহৰ দৰে এইবাৰো উক্ত অনুষ্ঠানত অসমৰ ভালেকেইগৰাকী বৰণ্যে ব্যক্তিলৈ আগবঢ়াব ঈগল বঁটা-২০২৪। উদ্যোক্তাই জনোৱা অনুসৰি এই বৰ্ষৰ বাবে ঈগল বঁটা প্ৰদান কৰিব লগা ব্যক্তিসকল হ'ল বিশিষ্ট কবি নীলিম কুমাৰ, ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত অভিনেত্ৰী মলয়া গোস্বামী,  ড০ ৰঞ্জিত ডেকা, ডা০ শশাঙ্ক কুমাৰ বৰুৱা আৰু ৰাণী বৰদলৈ।

অভিনেত্ৰী মলয়া গোস্বামীলৈ আগবঢ়াব ঈগল জীৱনজোৰা সাধনা বঁটা, নীলিম কুমাৰলৈ ঈগল সাহিত্য বঁটা। একেদৰে ড০ ৰঞ্জিত ডেকাক প্ৰদান কৰিব ঈগল জ্ঞানদায়িনী বঁটা, ডা০ শশাঙ্ক কুমাৰ বৰুৱালৈ ঈগল জীৱনদায়িনী বঁটা আৰু ৰাণী বৰদলৈক প্ৰদান কৰিব ঈগল বিনোদন বঁটা।

ইয়াৰোপৰি ঈগলৰ সভাপতি আৰজু আমিনে জানিবলৈ দিয়ামতে উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি নাট্যগোষ্ঠীটোৱে নিবেদন কৰিব ‘আঁচোৰ’ নামৰ এখনি নাট। ১৯মে’ৰ সন্ধিয়া ৫-৫৫ বজাত মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃত মঞ্চস্থ কৰা হ’ব নাটখনি

নাটখনি উপভোগ কৰি দৰ্শকে যথেষ্ট আমোদ পাব বুলি পৰিচালক তথা নাটখনিৰ ৰচক তপন ডেকাই জানিবলৈ দিয়ে। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে নাটখনিৰ সামগ্ৰীক পৰিকল্পনা আৰজু আমিনৰ।

আনহাতে এই নাটখনিত অসমৰ ভালেকেইগৰাকী প্ৰতিশ্ৰুতিসম্পন্ন অভিনেতাই অভিনয় কৰিছে। তেঁওলোক হৈছে নৱজ্যোতি কাশ্যপ, পৰাগ শৰ্মা, বিৰাজ মেধি, নিৰৱ মন শইকীয়া, পৰ্ণালী শৰ্মা, ববিতা শৰ্মা, দীপক মালাকৰ আৰু ৰাখী শইকীয়া।

উক্ত অনুষ্ঠানটিত উদ্যোক্তাসকলে সমূহ ৰাইজৰ উপস্থিতি শ্ৰদ্ধাৰে কামনা কৰিছে।

নাট্যগোষ্ঠী ঈগল,গুৱাহাটীৰ বঁটা প্ৰদান অনুষ্ঠান : মলয়া গোস্বামীলৈ আগবঢ়াব জীৱনজোৰা সাধনা বঁটা...
মণিপুৰত বুজন পৰিমাণৰ অবৈধ মাৰণাস্ত্ৰ জব্দ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in