শুভমণ গীললৈ অধিনায়কৰ দায়িত্ব ! বিৰাট কোহলিৰ এই কথাই দিলে ইংগিত...

শুভমণ গীললৈ অধিনায়কৰ দায়িত্ব ! বিৰাট কোহলিৰ এই কথাই দিলে ইংগিত...
শুভমণ গীললৈ অধিনায়কৰ দায়িত্ব ! বিৰাট কোহলিৰ এই কথাই দিলে ইংগিত...

ডিজিটেল ডেস্কঃ ভাৰতীয় দলৰ অধিনায়ক হ'ব শুভমন গীল ! প্ৰাক্তন অধিনায়ক বিৰাট কোহলিয়ে এই বিষয়ে দিলে ইংগিত। ছানৰাইাজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত সোমবাৰে খেলা আই পি এলৰ এখন গুৰুত্বপূৰ্ণ মেচত শুভমন গীলৰ বেটৰ পৰা আহিছিল এটা শতকীয় ইনিংছ।

গীলে মেচখনত খেলিলে ১০১ ৰাণৰ এটা দৰ্শনীয় ইনিংছ। ইয়াৰ পাছতে শুভমণক লৈ আৰম্ভ হৈছি আলোচনা। পূৰ্বে লক্ষ্ণৌৰ বিৰুদ্ধে খেলা এখন মেচত শুভমণ গীলৰ বেটৰ পৰা আহিছিল ৯৪ ৰাণৰ অপাৰিজিত এক ইনিংছ।

ইয়াৰ পাছতেই সংবাদ মাধ্যমৰ আগত শুভমণ গীলে কৈছিল, হাতত আৰু ৫/৬ খন মেচ আছে। এইবাৰ বাউঞ্চাৰত আৱদ্ধ হৈ ৰলো। কিন্তু আশা কৰিছো চেঞ্চুৰি কৰিব পাৰিম।

শুভমণ গীলে তেওঁৰ এই আত্মবিশ্বাসক পূৰ্ণতা দিলে। টেষ্ট, এদিনীয়া, টি-২০ৰ পাছত সোমবাৰে আই পি এলটো শতক অৰ্জন কৰিবলৈ সক্ষম হ'ল। গীলৰ এই শতকীয় ইনিংছৰ পাছতে তেওঁক সকলোনে প্ৰশংসাৰে উপচাই দিছে।

আৰ চি বিৰ পূৰ্বৰ অধিনায়ক তথা তাৰকা ক্ৰিকেটাৰ বিৰাট কোহলিয়েও শুভমণক ভূয়সী প্ৰশংসা কৰিছে। গীলৰ এই অনবদ্য প্ৰদৰ্শনত মুগ্ধ হৈছে। তেওঁ নিজৰ ইনষ্টাগ্ৰাম ষ্টৰীত এই সন্দৰ্ভত লিখিলে, য'ত প্ৰতিভা আছে তাত গীল আছে। এইদৰেই আগুৱাই যোৱা আৰু পৰৱৰ্তী প্ৰজন্মক নেতৃত্ব দিয়া। ভগৱানে আশীৰ্বাদ কৰক।

কোহলিৰ এই পোষ্টৰ পাছতে পুনৰ গীলক লৈ চৰ্চা আৰম্ভ হৈছে। বহুতেই এই ইনষ্টাগ্ৰাম ষ্টৰীয়ে কিহৰ ইংগিত দিছে বুলিও প্ৰশ্ন কৰিছে। বহুতে আলোচনা কৰিছে শুভমণ গীল ভাৰতীয় ক্ৰিকেট দলৰ পৰৱৰ্তী অধিনায়ক হ'ব নেকি? 

ৰোহিত শৰ্মাৰ পাছত দলৰ নেতৃত্ব যাব নেকি শুভমণ গীলৰ হাতলৈ?  এই প্ৰশ্নৰ অৱশ্যে উত্তৰ এতিয়া কোনেও দিব নোৱাৰে। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত বহু অভিজ্ঞতা আহৰণ নকৰিলেও শুভমণ গীলে তেওঁৰ বেটিং পাৰদৰ্শিতাক ধৰি ৰাখিব পাৰিছে।

ধাৰাবাহিক ভাৱে তেওঁ ভাৰতীয় দললৈ আৰু আই পি এলৰ চলিত ছিজনত নিজা ফ্ৰেঞ্চাইজিলৈ ৰাণ সংগ্ৰহণ কৰিছে। এজন নিৰ্ভৰযোগ্য অপেনাৰ হিচাপে নিজকে প্ৰস্তুত কৰি তুলিছে গীলে।

এতিয়া ভাৰতীয় দলত স্থান প্ৰায় নিগাজী গীলৰ। আৰু কিছু অভিজ্ঞতা আৰু নেতৃত্ববহনকাৰী দক্ষতা আহৰণ কৰিব পাৰিলেই হয়তো ৰোহিত শৰ্মাৰ উত্তৰাধিকাৰী হোৱাৰ সুযোগ পাব গীলে। অৱশ্যে তাৰ বাবে আমিও অপেক্ষা কৰিব লাগিব আৰু গীলেও নিজকে তৈয়াৰ কৰিব পাৰিব লাগিব।

শুভমণ গীললৈ অধিনায়কৰ দায়িত্ব ! বিৰাট কোহলিৰ এই কথাই দিলে ইংগিত...
যুদ্ধৰ মাজত শান্তি বাণী বিলাবলৈ জি-৭ সন্মিলনলৈ মোডীয়ে লৈ যাব মহাত্মা গান্ধীক !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in