আজি খেল হ'ব বেটিং আৰু বলিং পৰাক্ৰমৰ মাজত...

আজি খেল হ'ব বেটিং আৰু বলিং পৰাক্ৰমৰ মাজত...

ডিজিটেল ডেস্ক : একালৰ ডেক্কান চাৰ্জাৰ্ছ যি সকলো দিশৰে পৰাই অন্যতম শ্ৰেষ্ঠ দল আছিল প্ৰথম কেইবাটাও ছীজনলৈ, সেই ডেক্কান চাৰ্জাৰ্ছত আছিল ডেল ষ্টেইন, আৰ পি সিং, ঈশান্ত শৰ্মা, শ্বাহিদ আফ্ৰিদীৰ দৰে ব'লাৰ । প্ৰতিপক্ষক আৰম্ভণিৰে পৰাই ব্যতিব্যস্ত কৰি তোলা ডেক্কান চাৰ্জাৰ্ছ আছিল সন্ত্ৰাসৰ বিষয় ।

ডেক্কান চাৰ্জাৰ্ছে প্ৰথমে বলিঙৰ সিদ্ধান্ত লোৱা মানেই মূৰৰ কামোৰণি আন দলসমূহৰ বাবে । সেই ভয়ংকৰ ডেক্কান চাৰ্জাৰ্ছেই পৰৱৰ্তী সময়ত ফ্ৰেন্সাইজী হেৰুৱাই হৈ পৰিল চান ৰাইজাৰ্ছ হায়দৰাবাদ । দলৰ নাম, পোছাক, খেলুৱৈ, মালিকীস্বত্ব সকলো সলনি হ'লেও ৰৈ গ'ল বলিঙৰ চোক । যেন দক্ষতা নহয় আশীৰ্বাদ হে । সেই আশীৰ্বাদতেই ডেল ষ্টেইন পুনৰ উভতি আহিল দললৈ ।

পিছে খেলুৱৈ ৰূপে নহয়, এইবাৰ বলিং প্ৰশিক্ষক হিচাপে । একেদৰেই খেলুৱৈৰ স্থানত আহিল ভুৱনেশ্বৰ কুমাৰ, উমৰান মালিকৰ দৰে বেগী বলাৰ । যি সময়ত উমৰান মালিকে ঘন্টাত ১৫০ কিলোমিটাৰ পৰ্যন্ত বেগত বলিং কৰিবলৈ সক্ষম সেই একেই সময়তেই নতুন বল হাতত পৰিলেই ছুইং কৰাবলৈ সক্ষম ভুৱনেশ্বৰ কুমাৰ । সেই ছানৰাইজাৰ্ছৰ সন্মুখীন হ'ব চেন্নাই চুপাৰ কিংছ ।

কিন্তু পৰাক্ৰমৰ ফালৰ পৰা চেন্নাই চুপাৰ কিংছো কোনো গুণেই কম নহয় । বেটিংত খুবেই শক্তিশালী চেন্নাই । আৰম্ভণিতেই আছে অজিংক্য ৰাহানে, অম্বাতী ৰায়ুডুৰ দৰে খেলুৱৈ । মিডল অৰ্ডাৰত বেন ষ্ট'কছ, জাদেজা আৰু ধোনীৰ দৰে নিৰ্ভৰযোগ্য বেটছমেন ।

মুঠতে দুয়োটা দলেই নিজা নিজা দিশত শক্তিশালী । আনহাতে এম এ চিদাম্বৰমৰ পিটছ বেটিঙৰ বাবে সহায়ক বুলি ইতিমধ্যেই প্ৰমাণ হৈছে । যাৰ বাবে প্ৰথমে বেটিং কৰিবলৈ অহা দলে নিশ্চয়কৈ সুবিধা উঠাবলৈ সক্ষম হ'ব আজিৰ খেলত । এতিয়া অপেক্ষা মাথো ৭.৩০ বজালৈ । আই পি এল,২০২৩ৰ ইতিহাসত নিশ্চয়কৈ এখন ৰোমাঞ্চকৰ খেল উপভোগ কৰিব দৰ্শকে ।

আজি খেল হ'ব বেটিং আৰু বলিং পৰাক্ৰমৰ মাজত...
চুদান সংঘৰ্ষঃ উদ্বিগ্ন প্ৰধানমন্ত্ৰী, আবদ্ধ হাজাৰ হাজাৰ ভাৰতীয়...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in