যাদুকৰৰ অন্তিম যাদুৰ অপেক্ষাত বিশ্ব...

যাদুকৰৰ অন্তিম যাদুৰ অপেক্ষাত বিশ্ব...

জয়দীপ নাৰায়ণ দেব

আজিৰ পৰা এটা দশক পূৰ্বলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেখা গৈছিল চাৰ্কাছ । যাযাবৰী লোক সকলৰ এটি দলে ঘূৰি ফুৰিছিল চাৰিও দিশে বিভিন্ন কলা কৌশল দেখুৱাই । কোনোবাই যদি জিমনাষ্টিকৰ কলা কৌশল দেখুৱাইছিল, কোনোবাই আকৌ বনৰীয়া জীৱ জন্তুক বশ কৰি দেখুৱাইছিল খেল ।

এইবোৰৰ মাজত আছিল এগৰাকী যাদুকৰ । জিলিক মিলিক পোছাকেৰে দীঘল টুপী এটা পিন্ধি ৰহস্যময় ভাৱ ভংগীৰে মঞ্চলৈ আহিছিল যাদুকৰ গৰাকী । কোনোবাই টুপীটোৰ পৰা যদি পাৰ চৰাই উৰুৱাই প্ৰদৰ্শনী আৰম্ভ কৰিছিল আন কোনোবাই ফুলৰ ৰং সলনি কৰি । প্ৰত্যেকটো যাদুৰ পাছতেই উফৰি আহিছিল জাউৰিয়ে জাউৰিয়ে হ‍াত চাপৰি, কিৰিলি । সৰুৰ পৰা ডাঙৰলৈ মন্ত্ৰমুগ্ধ হৈ চাই ৰৈছিল যাদু ।

কিন্তু এইবোৰৰ মাজতো সকলোৰে দৃষ্টি নিৱদ্ধ হৈ আছিল যাদুকৰৰ অন্তিমটি যাদুৰ প্ৰতিহে । প্ৰদৰ্শনীৰ বিদায় বেলাত দেখুওৱা এই যাদুটোত যাদুকৰ জন অদৃশ্য হৈ বিদায় মাগিছিল দৰ্শকৰ মাজৰ পৰা । যেন যাদুকৰ এজনৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ যাদুটো বতাহত বিলীন হৈ যোৱাটোহে ।

ঠিক তেনেদৰেই ২০০৫ চনত বগাত আকাশী নীলা আচঁ পৰা জাৰ্ছীটোৰ সৈতে খেলপথাৰত প্ৰৱেশ কৰিছিল এজন যাদুকৰে । দীঘল চুলিৰে ক্ষীণকায় যাদুকৰ জনৰ উচ্চতাও আছিল কম । ইউৰোপীয়ান খেলুৱৈ সকলৰ তুলনাত যেন আকাশ পাতাল পাৰ্থক্য । কিন্তু যাদুৰ মোনাটো খোলাৰ পাছতেই ৰক্ষা নাই দৰ্শকৰ । জাৰ্মানীৰ হেমলিন চহৰৰ বাহীবাদক জনৰ পিছে পিছে অহা নিগনিবোৰৰ দৰেই দৰ্শকৰ দৃষ্টি ঘুৰি ফুৰে যাদুকৰ জনৰ পিছে পিছে ।

এই যাদুকৰ জনৰ আজি চিকমিক পোছাকযোৰত অন্তিমখন খেল । ৯০ মিনিটৰ পাছত বতাহত বিলীন হৈ যাব এই পোছাকযোৰৰ সৈতে যাদুকৰ জন । অৱশ্যে আন ঠাইত আন পোছাকত দেখুৱাই যাব যাদু ।

এই যাদুকৰ গৰাকী হৈছে আৰ্জেন্টিনাৰ ফুটবলাৰ লিয়নেল মেছি । যাক কোৱা হয় মাৰাডোনাৰ উত্তৰসূৰী বুলি । ফুটবলৰ ৰাজকুমাৰ মাৰাডোনাৰ উত্তৰসূৰী হ'বলৈ নিশ্চয়কৈ প্ৰদৰ্শন কৰিব লাগিব উন্নত মানৰ খেল । এই প্ৰশ্নৰ উত্তৰ বিশ্বকাপৰ ফাইনেলৰ সৈতে জড়িত হৈ থকা মানুহৰ আৱেগ ।

বিশ্বৰ কোটি কোটি ক্ৰীড়াপ্ৰেমীয়ে বিচাৰে আন্ত:ৰাষ্ট্ৰীয় কেৰিয়াৰত অন্তিম খন খেলত অন্তত: বিশ্বকাপৰ ট্ৰ'ফীটো দাঙি ধৰক মেছিয়ে । যি ফুটবলক অতবৰ্ষৰ পৰা মেছিয়ে দিলে নিজৰ সৰ্বস্ব । সেই ফুটবলৰ পৰা যেন মেছিয়ে বিদায় লওক সতীৰ্থ খেলুৱৈৰ কান্ধত উঠি ট্ৰ'ফীটো দৰ্শকৰ ফালে আগুৱাই দি । এইয়া হ'ব খেলুৱৈ গৰাকীৰ আন্ত:ৰাষ্ট্ৰীয় কেৰিয়াৰ সৰ্বশ্ৰেষ্ঠ বিদায় ।

আজিৰ পৰা ১৯ বছৰ পূৰ্বে স্পেইনৰ অন্যতম ক্লাব বাৰ্ছিলোনাৰ হৈ জ্যেষ্ঠ দলটোত জীৱনৰ প্ৰথমখন খেলত অৱতীৰ্ণ হৈছিল মেছি । তাৰ পাছতেই কোনোদিনেই শেষ নহ'ল যাদুকৰৰ মোনাৰ পৰা ওলাই অহা পাৰ অথবা শহাপহুটোৰ যাদু । প্ৰত্যেক খন খেলতেই সমানেই উদ্দ্যমেৰে অৱতীৰ্ণ হৈ আহিল বিগত ১৯ বছৰে । দেখিলে বহু উত্থান পতন কিন্তু কাহানিও প্ৰদৰ্শনীৰ মাজতেই ত্যাগ নকৰিলে দৰ্শকক ।

আজি নিশা ৮.৩০ বজাত আৰ্জেন্টিনাৰ জাৰ্ছীটোৰ সৈতে শেষ বাৰৰ বাবে অৱতীৰ্ণ হ'ব মেছি । সাক্ষী হৈ ৰ'ব বিশ্বৰ বিভিন্ন প্ৰান্তৰ কোটি কোটি দৰ্শক । বিগত ৪ খন বিশ্বকাপৰ বিফলতা পাহৰি শেষ বাৰৰ বাবে এঘড়ী যুঁজি চাব নেপোলিয়েন বাহিনীৰ সৈতে । ফ্ৰান্সৰ দুৰ্দান্ত ডিফেণ্ডাৰে মেছিক আগুৰি ধৰিব, মিডফিল্ডৰ এজন মেছিৰ সমানেই বেগত দৌৰিব পেনাল্টী বক্সৰ ভিতৰলৈ, তাৰ মাজেতেই হয়তো কোনোবা এটা অসৰ্তক মূহুৰ্তত মেছিৰ ভৰিৰ পৰা বল গৈ পাব নেটৰ ভিতৰলৈ ।

ফুটবল হৈছে সম্ভাৱনাৰ খেল, অন্তিম মূহুৰ্ততো সলনি হ'ব পাৰে খেলৰ ফলাফল । আৰু যদি ফ্ৰান্সৰ এমবাপে আৰু আৰ্জেন্টিনাৰ মেছি একেখন খেলপথাৰতেই থাকে তেন্তে এই পৰিঘটনা বহু বাৰ ঘটাৰ সম্ভাৱনা বহুত ।

দক্ষিণ আমেৰিকাৰ বাবে ফুটবল হৈছে এক ধৰ্ম । এই ধৰ্মৰ উন্মাদনাত বন্দী সমগ্ৰ বিশ্ব । আৰ্জেন্টিনাৰ প্ৰতিবাদী কন্ঠ ছে' গুৱেভাৰাই বিশ্ব ভ্ৰমণ কৰিবলৈ আহি মেক্সিকোৰ কয়লা খনিৰ শ্ৰমিকৰ শিশুৰ সৈতে খেলিছিল ফুটবল, শীতৰ ৰাতি হীমশিতল নৈ পাৰ হৈ কুষ্ঠ ৰোগীৰ সৈতে খেলিছিল ফুটবল । মাৰাডোনাই জীৱনৰ অন্তিম মূহুৰ্তলৈ ষ্টেডিয়ামত উপভোগ কৰি গ'ল আৰ্জেন্টিনাৰ খেল । ব্ৰাজিলত শিশু এটিয়ে খোজ কাঢ়িব পৰা হোৱাৰ পৰাই লঠিয়াবলৈ আৰম্ভ কৰে ফুটবল ।

অৱশ্যে হতাশা, ক্ষুধাই জুৰুলা কৰা দেশ এখনৰ লোক সকলে স্বাভাৱিকতেই বিচাৰি লয় সৰু সৰু মূহুৰ্তবোৰতেই আনন্দ । ঠেক পথবোৰতো শিশু সকলে খেলা ফুটবলৰেই দৰ্শক অগণন এই সমূহ দেশত । ড্ৰাগছৰ ঠাইত ক্ৰীড়াক সাৱটি ল'লেই যেন সুখী অভিভাৱক ।

এনে এখন দেশৰ পৰাই আগবাঢ়ি আহিছিল এজন যাদুকৰ । যি বিগত ১৯ বছৰে সন্মোহিত কৰি ৰাখিলে সমগ্ৰ বিশ্বক । সমগ্ৰ বিশ্বৰ এটিয়ে আশা যেন অন্তিমটো যাদুত ট্ৰ'ফীটো হাতত লৈ অদৃশ্য হয় যাদুকৰজন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in