অভিশপ্ত ফুটবল... এটি গ'লৰ বাবেই হত্যা কৰা হৈছিল এগৰাকী খেলুৱৈক

অভিশপ্ত ফুটবল... এটি গ'লৰ বাবেই হত্যা কৰা হৈছিল এগৰাকী খেলুৱৈক

আত্মঘাতী গ'লৰ বাবেই আততায়ীয়ে থকা সৰকা কৰিছিল এস্কোবাৰৰ বুকু । ফুটবল বিশ্বকাপৰ এই ক'লা অধ্যায় অখ্যাত আজিও । দু:সহ দুস্বপ্ন দৰে ফিফাই পাহৰিব বিচাৰে এই হত্যাকাণ্ড । কিন্তু সম্ভৱ জানো এগৰাকী ব্যক্তিৰ মৃত্যুক লুকুৱাই ৰখা । কলোম্বিয়াৰ খেলুৱৈ এস্কোবাৰৰ মৃত্যু সন্দৰ্ভত এই বিশেষ প্ৰতিবেদন...

গ'ল ! গ'ল ! গ'ল !

এটাৰ পাছত আনটো গুলীয়ে থকাসৰকা কৰি গৈছিল এস্কোবাৰৰ বুকু । তাৰ সৈতেই পাশৱিক উল্লাসত উন্মত্ত হৈছিল আততায়ী কেইগৰাকী । চিঞৰি উঠিছিল "গ'ল" বুলি !

কোৱা হয় ক্ৰীড়া সকলোৰে উৰ্ধত । ৰাজনীতি, সমাজনীতি, ধৰ্মৰ উৰ্ধত ফুটবল । এই ফুটবলৰে একোগৰাকী খেলুৱৈক ঠায়ে ঠায়ে গণ্য কৰা হয় সম্ৰাটৰ দৰে । ইয়াৰেই জ্বলন্ত উদাহৰণ পেলে, মাৰাডোনা, মেছি, ৰোনাল্ডোৰ সৈতে আন বহু কেই গৰাকী খেলুৱৈ । কিন্তু এই ফুটবলৰো আছে এক ক'লা ইতিহাস ।

ব্ৰাজিলৰ গ'লৰক্ষক বাৰবোছাই এটা গ'ল হজম কৰিব লগীয়া হোৱাৰ পিছতেই যিদৰে সমগ্ৰ ব্ৰাজিল বাসীৰ সন্মুখত হৈ পৰিছিল খলনায়ক ঠিক তেনেদৰেই কলম্বিয়ান ফুটবলাৰ আন্দ্ৰেছ এস্কোবাৰে এটি আত্মঘাতী গ'ল দি হেৰুৱাইছিল নিজৰ প্ৰাণ ।

১৯৯৪ চনৰ বিশ্বকাপ আছিল বহু কথাৰ বাবেই স্মৰণীয় । ফুটবলৰ ৰাজকুমাৰ মাৰাডোনাই অংশগ্ৰহণ কৰা অন্তিম খন বিশ্বকাপ আছিল ১৯৯৪ চনৰ বিশ্বকাপ । কিন্তু তাৰ সৈতেই এইয়া হৈ পৰিছিল আন্দ্ৰেছ এস্কোবাৰৰো অন্তিম খন বিশ্বকাপ ।

এইয়া ১৯৯৪ চনৰ কথা । ড্ৰাগছে জুৰুলা কৰা কলোম্বিয়াই লাহে লাহে সাহস কৰিছে আন দিশ সমূহতো পাৰদৰ্শিতা দেখুৱাবলৈ । তাৰ ফলস্বৰূপেই ১৯৯৪ চনৰ বিশ্বকাপত স্থান লাভ কৰিলে কলোম্বিয়াই । গ্ৰুপ পৰ্যায়ৰ খেলত কলোম্বিয়াৰ সৈতে আছিল আমেৰিকা যুক্তৰাষ্ট্ৰ । আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে অনুষ্ঠিত হোৱা খেলখনত আমেৰিকাই মিডফিল্ডৰ পৰা লোৱা এটি ক্ৰছ স্তব্ধ কৰাবলৈ সন্মুখত থিয় হৈছিল এষ্কোবাৰ । কিন্তু দুৰ্ভাগ্যবশত: এস্কোবাৰৰ ভৰিত খুন্দা খাই বলটোৱে বিচাৰি লয় নিজৰেই দলৰ নেট । অৰ্থাৎ আত্মঘাতী গ'ল কৰে এস্কোবাৰে । এই গ'লৰ পাছতেই একাধিকবাৰ গ'ল বুলি চিঞৰি উঠিছিল আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফুটবল অনুৰাগী সকল । শেষলৈ ২-১ গ'লত জয়ী হয় আমেৰিকা ।

এই খেলখনৰ সৈতেই বিশ্বকাপৰ পৰা বাহিৰ হৈছিল কলোম্বিয়া । কিন্তু ইয়া‍তেই শেষ নহ'ল এস্কোবাৰৰ দুৰ্ভাগ্য । খেলৰ প্ৰায় ৫ দিন পাছত নিজৰ বাহন বহি থকা অৱস্থাতেই আততায়ীৰ গুলীত তপত তেজে ধোৱাই পেলাইছিল এস্কোবাৰৰ বুকু । ইয়াৰ সৈতেই শুনিবলৈ পোৱা গৈছিল আততায়ীৰ "গ'ল" বুলি মৰা পাশৱিক চিৎকাৰ । খেলখনত আমেৰিকাৰ দৰ্শকে গ'ল বুলি মৰা প্ৰত্যেকটো চিঞৰৰ বিপৰীতে আছিল এটাকৈ গুলী । ইমানেই নৃশংস আছিল এই হত্যাকাণ্ড ।

এয়াই আছিল এস্কোবাৰৰ শাস্তি । এটা গ'লৰ বিপৰীতে হেৰুৱাব লগীয়া হৈছিল প্ৰাণ । বাৰবোছাৰ শাস্তি যেন ইয়াৰ সন্মুখত আছিল নগণ্য ।

বিশ্বাস কৰা হয় যে, কলোম্বিয়াৰ এগৰাকী প্ৰভাৱশালী ব্যক্তিয়ে এই খেলখনত লগাইছিল বৃহৎ অংকৰ ধনৰ বাজী । এই বাজীত হৰাৰ বাবেই ব্যৱসায়ী গৰাকীয়ে ভেৰোণীয়া আততায়ীৰ হাতত প্ৰাণ হেৰুৱাব লগীয়া হৈছিল এস্কোবাৰে ।

কিন্তু বাৰবোছাৰ দৰে নাছিল এস্কোবাৰৰ দু:সহ জীৱন । জনপ্ৰিয় ফুটবলাৰ গৰাকীৰ অন্তিম যাত্ৰাত সংগী হৈছিল প্ৰায় ১.২ লাখ লোক । আজিও কলোম্বিয়াৰ প্ৰতিখন খেলতেই লৈ যোৱা হয় এস্কোবাৰৰ আলোকচিত্ৰ । ফুটবলৰৰ দৰে এটি খেলত হ'ব পাৰে জানো এনে ঘৃণনীয় অপৰাধ ? এটি গ'লেই নায়কৰ পৰা খলনায়কৈ ৰূপান্তৰ কৰিব পাৰে এগৰাকী খেলুৱৈক । কঢ়িয়াই আনিব পাৰে মৃত্যুৰ সংবাদ । ঘৃণা, ক্ষোভৰ কি এক বহি:প্ৰকাশ এই অপৰাধ । আত্মঘাতী এটি গ'লৰ বাবেই বুকু ভেদ কৰি গ'ল এটাৰ পাছত আনটো গুলীয়ে ।

এইয়া আছিল ফিফা বিশ্বকাপৰ ক'লা অধ্যায় । যি অধ্যায়ৰ বিষয়ে দৰ্শকক অৱগত কৰাব নিবিচাৰে ফিফাই । যি কাহিনী এতিয়া কেৱল এক দু:স্বপ্ন ফুটবল প্ৰেমীৰ বাবে । কিন্তু যি এস্কোবাৰে প্ৰাণ হেৰুৱালে, তেওঁ জানো ভাবিছিল ফুটবলৰ বাবেই প্ৰাণ হেৰুৱাব লাগিব এনেদৰে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in