এয়া খেলুৱৈ আৰু খেল ভালপোৱা মানুহৰ সময়...

এয়া খেলুৱৈ আৰু খেল ভালপোৱা মানুহৰ সময়...
এয়া খেলুৱৈ আৰু খেল ভালপোৱা মানুহৰ সময়...

১৯৫১ চনৰ পৰা ২০২৩ লৈ এক সুদীৰ্ঘ সময়। ১৯ খনকৈ এছিয়ান গেমছ। মাজত বহু উত্থান পতন। তাৰ মাজতে ঈৰ্ষণীয় সফলতা। এছিয়াডত প্ৰথমবাৰৰ বাবে ভাৰতে অতিক্ৰম কৰিলে ১০০ৰ ঘৰ। এই সন্দৰ্ভত অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক বিশেষ প্ৰতিবেদন।

খেল ভালপোৱা আৰু খেলৰ চৰ্চা কৰাসকলৰ বাবে ইয়াতকৈ আৰু ভাল খবৰ আজিৰ তাৰিখত আৰু কি হ'ব পাৰে? এছিয়ান গেমছত ভাৰতে অৰ্জন কৰিলে শতক। ১৯৫১ ৰ পৰা ২০১৮ লৈ ১৮ খন এছিয়ান গেমছত ভাৰতে বহু অভিলেখ গঢ়িলে।

বহু ইতিহাস লিপিবদ্ধ কৰিলে ভাৰতীয় খেলুৱৈয়ে। কিন্তু কোনোবাৰতেই ভাৰতে তিনিটা সংখ্যাৰ ঘৰত পদক অৰ্জন কৰিবলৈ সক্ষম নহ'ল। চীনৰ হাংজৌত সেই ইতিহাস ৰচনা হ'ল। ভাৰতে স্পৰ্শ কৰিলে শতকৰ ঘৰ। কেৱল শতকৰ ঘৰ স্পৰ্শ কৰাই নহয়, শনিবাৰৰ দিনটোলৈকে ভাৰতে অৰ্জন কৰিলে ১০৭ টা পদক।

১৯৫১ চনত নতুন দিল্লীত ৪ মাৰ্চৰ পৰা ১১ মাৰ্চলৈ অনুষ্ঠিত হৈছিল প্ৰথমবাৰৰ বাবে এছিয়াড। সেইবাৰ ভাৰতে ১৫ টা স্বৰ্ণ পদকেৰে পদক তালিকাত লাভ কৰিছিল দ্বিতীয় স্থান। ইয়াৰ ভিতৰত এথলেটিকছৰ পৰাই আহিছিল ১০ টাকৈ সোণৰ পদক।

ইয়াৰোপৰি এথলেটিকছত ভাৰতে লাভ কৰিছিল ১২ টা ৰূপ আৰু ১২ টা ব্ৰঞ্জ। ডাইভিঙত লাভ কৰিছিল ২ টা সোণ আৰু ১ টাকৈ ৰূপ, ব্ৰঞ্জ। সাঁতোৰত এটা সোণ, ১ টা ৰূপ আৰু ৪ টা ব্ৰঞ্জ। ভাৰত্তোলনত এটাকৈ ৰূপ আৰু ব্ৰঞ্জৰ উপৰিও ফুটবল, ৱাটাৰ প’ল’ৰ পৰা আহিছিল এটাকৈ সোণৰ পদক।

ইয়াৰ পৰৱৰ্তী সময়ত ১৯৫৪ ৰ এছিয়াডত ভাৰতে লাভ কৰিছিল মাত্ৰ ১৭ টা পদক। ইয়াৰ ভিতৰত সোণৰ পদক আছিল ৫ টা, ৰূপৰ পদক আছিল ৪টা আৰু ব্ৰঞ্জৰ পদক আছিল ৮টা।

১৯৫৮ ৰ টকিঅ’ এছিয়ান গেমছত ভাৰতে লাভ কৰিছিল ১৩ টা পদক। এই ১৩ টা পদকৰ ভিতৰত আছিল ৫ টা সোণ আৰু ৪ টাকৈ ৰূপ, আৰু ব্ৰঞ্জ। ১৯৬২ ৰ জাকাৰ্টা এছিয়াডত ভাৰতৰ পদকৰ সংখ্যা পূৰ্বৰ দুখন এছিয়াডতকৈ বৃদ্ধি হৈছিল। সেইবাৰ ভাৰতে ১০ টা সোণ, ১৩ টা ৰূপ আৰু ১০ টা ব্ৰঞ্জৰ পদকৰ সৈতে মুঠ ৩৩ টা পদক লাভ কৰিছিল।

১৯৬৬ ৰ বেংকক এছিয়াডত পুনৰ পদকৰ সংখ্যা হ্ৰাস পাই ভাৰতৰ। সেইবাৰ ভাৰতে লাভ কৰে ২১ টা পদক। ইয়াৰ ভিতৰত আছিল ৭ টা সোণ, ৩ টা ৰূপ আৰু ১১ টা ব্ৰঞ্জ। ১৯৭০ ৰ এছিয়াডত ভাৰতৰ পদক ১৯৬৬ ৰ এছিয়াডতকৈ ৪ টা বৃদ্ধি পাই। সেইবাৰ ভাৰতে ৬ টা সোণ, ৯ টা ৰূপ আৰু ১০ টা ব্ৰঞ্জৰ পদক লাভ কৰিছিল।

১৯৭৪ ত তেহৰাণত অনুষ্ঠিত হৈছিল সপ্তম সংখ্যক এছিয়ান গেমছ। সেই প্ৰতিযোগিতাত ভাৰতে ৪ টা সোণ আৰু ১২ টাকৈ ৰূপ, ব্ৰঞ্জৰ সৈতে মুঠ ২৮ টা পদক লাভ কৰিছিল। ১৯৭৮ ত পুনৰ বেংককত অনুষ্ঠিত হয় এছিয়ান গেমছ। এইবাৰ এই প্ৰতিযোগিতাত পুনৰ ভাৰতে লাভ কৰে ২৮ টা পদক। ইয়াৰ ভিতৰত ১১ টা আছিল সোণ, ১১ টা ৰূপ। অৱশিষ্ট ৬ টা আছিল ব্ৰঞ্জৰ পদক।

১৯৮২ ত ভাৰতৰ পদকৰ সংখ্যা পূৰ্বৰ তুলনাত যথেষ্ট বৃদ্ধি পাই। দিল্লীত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাখনত ভাৰতে ১৩ টা সোণ, ১৯ টা ৰূপ আৰু ২৫ টা ব্ৰঞ্জৰ পদক দখল কৰে। এই প্ৰতিযোগিতাখনত এথলেটিকছৰ পৰা ৪ টা, বক্সিঙৰ পৰা এটা, ইকৱেষ্ট্ৰেইনৰ পৰা ৩টা, হকীৰ পৰা ১টা, গল্ফৰ পৰা ২ টা, ছেইলিং, মল্লযুঁজৰ পৰা এটাকৈ সোণৰ পদক লাভ কৰিছিল।

১৯৮৬ ৰ এছিয়ান গেমছ অনুষ্ঠিত হৈছিল দক্ষিণ কোৰিয়াৰ ছিউলত। ইয়াত ভাৰতে ৫ টা সোণ, ৯ টা ৰূপ আৰু ২৩ টা ব্ৰঞ্জৰ পদকৰ সৈতে মুঠ ৩৭ টা পদক লাভ কৰে। ১৯৯০ চনত এছিয়ান গেমছ অনুষ্ঠিত হৈছিল চীনৰ বেইজিঙত। এই প্ৰতিযোগিতাত ভাৰতে অৰ্জন কৰিছিল মুঠ ২৩ টা পদক। ইয়াৰ ভিতৰত সোণৰ পদক আছিল মাত্ৰ এটা। এই একমাত্ৰ পদকটো আহিছিল কাবাদীৰ পৰা। ইয়াৰ বিপৰীতে ভাৰতে লাভ কৰিছিল ৮ টা ৰূপ আৰু ১৪ টা ব্ৰঞ্জৰ পদক।

দ্বিতীয় বিশ্বযুদ্ধৰ ভয়াৱহ স্মৃতিৰে বিজড়িত চহৰ হিৰোচিমাত অনুষ্ঠিত হৈছিল ১৯৯৪ ৰ এছিয়ান গেমছ। পাৰমাণৱিক বোমাই ধ্বংস কৰা এই চহৰখনত অনুষ্ঠিত এছিয়াডত ভাৰতে মুঠ ২৩ টা পদক লাভ কৰিছিল। ইয়াৰে ৪ টা আছিল সোণৰ আৰু ৩ টা ৰূপৰ। অৱশিষ্ট ১৬ টায়েই আছিল ব্ৰঞ্জৰ পদক।

১৯৯৮ চনত পুনৰ এছিয়ান গেমছ অনুষ্ঠিত কৰিছিল থাইলেণ্ডে। বেংককত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাখনত ভাৰতে ৭ টা সোণ, ১১ টা ৰূপ আৰু ১৭ টা ব্ৰঞ্জৰ পদক লাভ কৰিছিল। ২০০২ ত বুছানত অনুষ্ঠিত হৈছিল এছিয়ান গেমছ। সেইবাৰৰ প্ৰতিযোগিতাখনত ভাৰতে ১১ টা সোণ, ১২ টা ৰূপ আৰু ১৩ টা ৰূপৰ পদকৰ সৈতে মুঠ ৩৬ টা পদক অৰ্জন কৰিছিল ।

২০০৬ ত এছিয়ান গেমছ অনুষ্ঠিত হৈছিল কাটাৰৰ দোহাত। ৪১৮ গৰাকী এথলিটেৰে ভাৰতে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাখনত মুঠ পদক অৰ্জন কৰিছিল মাত্ৰ ৫৩ টা। ইয়াৰ ভিতৰত সোণৰ পদক আছিল ১০ টা। ৰূপৰ আৰু ব্ৰঞ্জৰ পদক আছিল ক্ৰমে ১৭ আৰু ২৬ টা।

২০১০ ত চীনত পুনৰ অনুষ্ঠিত হৈছিল এছিয়ান গেমছ।সেইবাৰৰ প্ৰতিযোগিতাখনত ভাৰতে প্ৰেৰণ কৰিছিল মুঠ ৬২৫ গৰাকী এথলিট। এই ৬২৫ গৰাকী এথলিটৰ ভিতৰত ভাৰতে মুঠ ৬৪ টা পদক অৰ্জন কৰিছিল। ইয়াৰ ভিতৰত ১৪ টা সোণ, ১৭ টা ৰূপ আৰু ৩৪ টা ব্ৰঞ্জৰ পদক আছিল।

২০১৪ ত দক্ষিণ কোৰিয়াত অনুষ্ঠিত হৈছিল এই প্ৰতিযোগিতাখন। সেইবাৰ ভাৰতে পদক লাভ কৰিছিল ৫৭ টা। ইয়াৰ ভিতৰত সোণৰ পদক আছিল ১১ টা। অৱশিষ্ট পদকসমূহৰ ভিতৰত ৯ টা আছিল ৰূপৰ ৩৭ টা আছিল ব্ৰঞ্জৰ।

২০১৮ ত জাকাৰ্টাত অনুষ্ঠিত হৈছিল ১৮ সংখ্যক এছিয়ান গেমছ। এই প্ৰতিযোগিতাখনতেই ধিং এক্সপ্ৰেছ হিমাই ট্ৰেকত আনিছিল ধুমুহা। অভিলেখ সৃষ্টি কৰি লাভ কৰিছিল সোণৰ পদক।

এই প্ৰতিযোগিতাখনত ভাৰতে লাভ কৰিছিল মুঠ ৭০ টা পদক। ইয়াৰে ১৬ টা আছিল সোণৰ, ২৩ টা আছিল ৰূপৰ আৰু ৩১ টা আছিল ব্ৰঞ্জৰ। এই প্ৰতিযোগিতাখনতেই নীৰজ চোপ্ৰায়ো লাভ কৰিছিল সোণৰ পদক।

এইদৰে ২০১৮ লৈকে ভাৰতে এছিয়ান গেমছত ধাৰাবাহিক ভাৱে অংশগ্ৰহণ কৰি বিভিন্ন উত্থান, পতনৰ মাজেৰে পদক তালিকাত ভিন্ন স্থান দখল কৰি আহিছিল। কিন্তু এবাৰো শতকৰ ঘৰত পদক অৰ্জন কৰিবলৈ সক্ষম হোৱা নাছিল।

হাংজৌত সেই অভিলেখ ইতিমধ্যে ৰচনা হ'ল। ২০২৩ ৰ এছিয়ান গেমছ ভাৰতৰ বাবে হৈ পৰিল অভিলেখ ভংগৰ স্থান। শনিবাৰে প্ৰতিযোগিতাখনত ভাৰতে ১০৭ টা পদক লাভেৰে পদক তালিকাৰ চতুৰ্থ স্থান অক্ষুন্ন ৰাখিছে।

এই ১০৭ টা পদকৰ ভিতৰত আছে ২৮ টায়েই সোণৰ পদক। ইয়াৰোপৰি আছে ৩৮ টা ৰূপৰ আৰু ৪১ টা ব্ৰঞ্জৰ পদক। প্ৰতিবাৰৰ দৰে এইবাৰো এথলেটিকছতেই ভাৰতে এছিয়াডত লাভ কৰিছে সৰ্বাধিক সফলতা। এই পৰ্যন্ত এথলেটিকছৰ পৰা ভাৰতে লাভ কৰিছে ২৯ টা পদক।

ইয়াৰ ভিতৰত আছে নীৰজ চোপ্ৰা আৰু কিশোৰ জেনাৰ ঐতিহাসিক সোণ-ৰূপৰ পদক। ভাৰতীয় মহিলা আৰু পুৰুষ ক্ৰিকেট দলৰ সোণৰ পদক। আমাৰ আপোন লাভলীনাৰ ৰূপৰ পদক। আছে পাৰুল চৌধুৰী, অবিনাশ চেবলৰ ডাৱলছ পোডিয়াম। তাজিন্দৰ পাল সিং, ৪x৪০০ ৰিলে দলৰ সফলতা, তেজস্বিন শংকৰৰ ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰা ডেকাথলনৰ ৰূপৰ পদক। ইয়াৰোপৰি আছে ভাৰতীয় শ্বুটাৰৰ ৭ টা স্বৰ্ণসহ ২২ টা পদক।

কাবাদী দলৰ সোণ, পেৰিছ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰি পুৰুষ হকী দলে অৰ্জন কৰা ব্ৰঞ্জৰ পদকো আছে এই তালিকাত। ইতিহাস গঢ়ি বেডমিণ্টনত ভাৰতৰ সাতৱিকচাইৰাজ ৰঙ্কিৰেড্ডী আৰু চিৰাগ চেট্টীয়ে লাভ কৰা খিতাপ, পুৰুষৰ দলটোৰ ৰূপ, এইচ এছ প্ৰণয়ে আঘাতলৈয়ো অৰ্জন কৰা ব্ৰঞ্জৰ পদকেও ভাৰতৰ পদৰ সংখ্যা বৃদ্ধি কৰিছে।

ভাৰতৰ এই সফলতাত আছে স্কোৱাছত দীপিকা পাল্লিকাল আৰু হৰিন্দৰ পাল সান্ধুৱে লাভ কৰা সোণৰ পদকৰ উপৰিও পুৰুষ আৰু মহিলা দল দুটাৰ পদক। সৌৰভ ঘোচালে এছিয়ান গেমছৰএকেৰাহে পঞ্চমটো ব্যক্তিগত পদক অৰ্জন কৰিলে। ইয়ো এক ইতিহাস। অনাহত সিং আৰু অভয় সিঙেও মিক্সড ডাবলছত লাভ কৰিছে ব্ৰঞ্জ।

কম্পাউণ্ড আৰ্চাৰীৰ দলটোৰ স্বৰ্ণ পদক, ৰিকাৰ্ভ দলটোৰ দুটা পদক, হৰ্ছ ৰাইডিঙত ভাৰতৰ প্ৰথমটো সোণৰ পদক, ৰোহন বোপান্ন আৰু ৰুতুজা ভোচালে টেনিছৰ মিক্সড ডাবলছত লাভ কৰা সোণৰ পদক আছে ভাৰতৰ এই শতকীয় পদক তালিকাত।

এছিয়ান গেমছত আত্মপ্ৰকাশ কৰি আমাৰ লাভলীনাই লাভ কৰা ৰূপৰ পদক, অদিতি অশোকৰ পদক, সুতীৰ্থ মুখাৰ্জী আৰু আয়িকা মুখাৰ্জীৰ ব্ৰঞ্জৰ পদকৰ উপৰিও ভাৰতীয় মহিলা ৰেগু দলটোৰ ব্ৰঞ্জ, পুৰুষ-মহিলাৰ দবাৰ দলটোৰ ৰূপৰ পদকেও শুভা বৰ্ধন কৰিছে এই শতকীয় পদক তালিকাত।

এই সকলো পদক প্ৰাপ্তই দেশবাসীক গৌৰৱান্বিত কৰিছে। খেল ভাল পোৱা, খেলৰ চৰ্চা কৰি ভালপোৱা মানুহখিনিক সাহস দিছে। ভাৰতৰ এই ধাৰাবাহিকতা আব্যাহত থাকক।

এয়া খেলুৱৈ আৰু খেল ভালপোৱা মানুহৰ সময়...
ঋণত ডুবি থকা চৰকাৰৰ শুভ বুদ্ধি উদয় !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in