ঋণত ডুবি থকা চৰকাৰৰ শুভ বুদ্ধি উদয় !

ঋণত ডুবি থকা চৰকাৰৰ শুভ বুদ্ধি উদয় !

ঋণ লৈ ভাগৰি পৰিছে অসম চৰকাৰ। ঋণেৰে অভিলেখ গঢ়া অসম চৰকাৰৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা শেহতীয়াকৈ এক কাৰ্যালয় স্মাৰক প্ৰকাশ পাইছে। য'ত কোৱা হৈছে ব্যয় সংকোচনৰ কথা। এই সন্দৰ্ভতে অসমীয়া প্ৰতিদিনৰ এক বিশেষ প্ৰতিবেদন।

আৰু কিমান ঋণ ল’ব অসম চৰকাৰে? হয়তো ৰাজ্য চৰকাৰো ভাগৰি পৰিছে ঋণ লৈ। সেয়েহে পলমকৈ হ'লেও বাধ্য হৈছে ব্যয় সংকোচনৰ নীতি ল'বলৈ।বিগত সময়চোৱাত অসম চৰকাৰে ঋণ লৈ যি অভিলেষ সৃষ্টি কৰিছে তাক লৈ সমালোচনা হৈছে।

ঋণ লৈ চৰকাৰে বিহুৰ বিশ্ব ৰেকৰ্ড গঢ়িছে, হিতাধিকাৰী আঁচনি লৈছে। এখনৰ পাছত আন এখন হিতাধিকাৰী আঁচনিৰে ভিন্ন শ্ৰেণীৰ জনতাক চৰকাৰৰ প্ৰতি আকৃষ্ট কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে। তাৰো পৰি ঋণ লোৱা ধনেৰেই চৰকাৰে বিলাসীতাত লিপ্ত হৈছে। কোটি কোটি টকাৰে সজাইছে বিধায়ক আৱাস।

ৰাজ্যৰ আৰ্থিক অৱস্থাৰ পুতৌলগা দিশটোক চৰকাৰে যিমানেই নুই কৰিবলৈ চেষ্টা কৰিছে সিমানেই চৰকাৰে গ্ৰহণ কৰা হাজাৰ হাজাৰ কোটি টকাৰ ঋণ লোৱা বিষয়টোৱে স্পষ্ট কৰি তুলিছে। আজিৰ তাৰিখত অসম চৰকাৰৰ ঋণৰ পৰিমাণ প্ৰায় ১ লাখ ৪০ হাজাৰ কোটিৰ কাষ চাপিছেগৈ।

পৰিস্থিতি এনে পৰ্যায়তো উপনীত হৈছে এই ঋণৰ সুদ দিবলৈকো ঋণ ল'বলগীয়া হৈছে। ইয়াৰ পাছতো কিন্তু অসম চৰকাৰে ঋণ ল'বলৈ অথবা হিতাধিকাৰী আঁচনি ল'বলৈ এৰি দিয়া নাই। এৰি দিয়া নাই কোটি কোটি টকা খৰচ কৰি বিভিন্ন জিলাত কেবিনেট বৈঠক অনুষ্ঠিত কৰিবলৈ।

পিছে শেহতীয়াকৈ যেন শুভ বুদ্ধি উদয় হৈছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।যোৱা ৩ জুলাইত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা ব্যয় সংকোচন সন্দৰ্ভত জাৰি হোৱা এখন কাৰ্যালয় স্মাৰকে সেই কথাকেই যেন প্ৰমাণ কৰিছে।

No. ACS/CMO/07/2023/252- এই কাৰ্যালয় স্মাৰকখনত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে অন্যান্য মন্ত্ৰীৰ ক্ষেত্ৰত ব্যয় সংকোচনৰ বাবে নিৰ্দেশ প্ৰদান কৰা হৈছে। মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা প্ৰকাশিত এই কাৰ্যালয় স্মাৰকত মুখ্যমন্ত্ৰী আৰু অন্যান্য মন্ত্ৰীসকলৰ কাৰ্যসূচীসমূহত অতিৰিক্ত ব্যৱস্থাবোৰ পৰিহাৰ কৰিবলৈ কোৱা হৈছে।

কেৱল কাৰ্যসূচী পৰিচালনাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থাহে গ্ৰহণ কৰিবলৈ কোৱা হৈছে। জিলা প্ৰশাসনকো এই কথা মানি চলিবলৈ নিৰ্দেশ দিয়া হৈছে। পত্ৰখনত কোৱা হৈছে, মুখ্যমন্ত্ৰীৰ লগত বিভিন্ন জিলা ভ্ৰমণ কৰাৰ সময়ত যিসকল বিষয়া আৰু নিৰাপত্তাৰক্ষী থাকে তেওঁলোকৰ খাদ্য আৰু থকাৰ ব্যৱস্থাৰ ক্ষেত্ৰত নিজেই নিজৰ ব্যৱস্থা কৰিব লাগিব।

সংশ্লিষ্ট জিলাৰ এই ক্ষেত্ৰত ভূমিকা সীমিত হ'ব লাগিব। ইয়াৰ বাবে বিষয়া, নিৰাপত্তাৰক্ষীসকলক টি এ, ডি এ প্ৰদান কৰা হ'ব। অৱশ্যে চৰকাৰী কাৰ্যসূচীৰ অংশ হিচাপে জিলা প্ৰশাসনে আয়োজন কৰা চৰকাৰী দিনৰে হওক বৈ নৈশ আহাৰেই হওক গ্ৰহণ কৰিব পাৰিব। এই ক্ষেত্ৰত কোনো বাধা নাথাকিব।

এনে ভ্ৰমণৰ সময়ত মুখ্যমন্ত্ৰীৰ থকা-খোৱাৰ যি খৰচ হ'ব সেই খৰচ মুখ্যমন্ত্ৰীয়ে নিজেই বহন কৰিব। মুখ্যমন্ত্ৰীক যিসকল লোকে সাক্ষাৎ কৰিবলৈ আহিব সেইসকলক আপ্যায়ন কৰাৰ ক্ষেত্ৰত জিলা প্ৰশাসনৰ যি খৰচ হ'ব সেই খৰচৰ হিচাপ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত সংশ্লিষ্ট জিলা উপায়ুক্তই দাখিল কৰিব লাগিব। পৰৱৰ্তী সময়ত এই বিল মুখ্যমন্ত্ৰী কাৰ্যালয়ে পৰ্যায়ক্ৰমে অগ্ৰাধিকাৰ দি আদায় দিব।

দিছপুৰৰ বাহিৰত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকৰ নামতো বিগত সময়ছোৱাত কোটি কোটি টকা খৰচ হৈ আহিছে। ইয়াক লৈ সৃষ্টি হৈছে বিতৰ্ক। হৈছে সমালোচনা। কিন্তু এতিয়াৰে পৰা কেবিনেট অনুষ্ঠিত হোৱা জিলাসমূহত জিলা প্ৰশাসনে ব্যয় কৰাৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব।

কেবিনেট বৈঠক বা পৰ্যালোচনা সভা কোনো জিলাত অনুষ্ঠিত হলে প্ৰয়োজনীয় ব্যয়ৰ বাহিৰে আন ক্ষেত্ৰত ব্যয় কৰিব নোৱাৰিব। কেবিনেট বৈঠক অনুষ্ঠিত হোৱাৰ বাবেই বিভিন্ন নিৰ্মাণ কাৰ্য মেৰামতি আদি কৰাৰ যি এক প্ৰথাৰ আৰম্ভ হৈছিল সেই প্ৰথা বিলুপ্ত হ'ব।

কিয়নো এই নিৰ্দেশনাত তেনে মেৰামতি আৰু নিৰ্মাণ কাৰ্য কৰাত বাধা দিয়া হৈছে। কেৱল প্ৰয়োজনীয় ব্যয়হে জিলা প্ৰশাসনে কৰিব পাৰিব । যিসমূহ জিলাত কেবিনেট বৈঠক অনুষ্ঠিত হ'ব সেইসমূহ জিলাক কেবিনেট বৈঠক পৰিচালনা কৰিবৰ বাবে তাৎক্ষণিক ভাৱে ৫ লাখ টকা সাধাৰণ প্ৰশাসন বিভাগৰ পৰা মুকলি কৰি দিয়া হ'ব।

জিলাসমূহ ভ্ৰমণৰ সময়ত মুখ্যমন্ত্ৰীয়ে যদি কোনো ভোজৰ ব্যৱস্থা কৰে তেন্তে তাৰ বিল উপায়ুক্তই মুখ্যমন্ত্ৰীৰ সচিবালয়ত দাখিল কৰিব লাগিব। যিকোনো চৰকাৰী সভাত মুখ্যমন্ত্ৰীয়ে অংশগ্ৰহণ কৰাৰ সময়ত যিসমূহ খৰচ হ'ব সেইসমূহ সংশ্লিষ্ট বিভাগে বহন কৰিব লাগিব।

যদিহে কোনো কাৰণত একাধিক বিভাগৰ কাৰ্যসূচী হয় তেন্তে জিলাখনৰ অভিভাৱক মন্ত্ৰীয়ে সেই ব্যয় বহন কৰিবলৈ সকলো বিভাগকে সমানে ভগাই দিব লাগিব। একেদৰে মুখ্যমন্ত্ৰীৰ কনভয়ৰ ক্ষেত্ৰতো ব্যয় সংকোচন নীতি গ্ৰহণ কৰা হৈছে।

মুখ্যমন্ত্ৰীৰ কনভয়ত জিলা প্ৰশাসনে যিসমূহ বাহন ব্যৱহাৰ কৰে সেই বাহন কোন বিষয়াই ব্যৱহাৰ কৰিছে সেই সন্দৰ্ভত প্ৰমাণিত বিল মুখ্যমন্ত্ৰীৰ সচিবালয়ত দাখিল কৰিব লাগিব।মুখ্যন্ত্ৰীৰ ক্ষেত্ৰত ব্যৱহাৰ হ'বলগীয়া এই নিয়মাৱলী অন্যান্য মন্ত্ৰীসকলৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'ব বুলিও কোৱা হৈছে।

উল্লেখ্য, ইয়াৰ পূৰ্বেও ব্যয় সংকোচনৰ কথা মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছিল। বিত্ত বিভাগৰ পৰা ব্যয় সংকোচনৰ নিৰ্দেশনা আহিছিল। সেই নিৰ্দেশনা যোৱা সময়ছোৱাত কিমান কাৰ্যকৰী হৈছে সেয়া সকলোৰে জ্ঞাত। এই নিৰ্দেশনাত অৱশ্যে মুখ্যমন্ত্ৰীয়ে এখন জিলাৰ পৰা আন এখন জিলালৈ যাবলৈ ব্যৱহাৰ কৰা হেলিকপ্টাৰ ব্যৱহাৰ হ্ৰাস কৰাৰ কথা কোৱা হোৱা নাই। কোৱা নাই দীঘলীয়া কনভয়ৰ বাহন হ্ৰাস কৰিবলৈ।

ঋণত ডুবি থকা চৰকাৰৰ শুভ বুদ্ধি উদয় !
জনতাক লাগে বিকল্পঃ কংগ্ৰেছী নেতায়ো চোন কৰিব নোৱাৰে চৰকাৰক প্ৰশ্ন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in