কথমপি নহ'ল অঘটন ! নেপালৰ বিৰুদ্ধে ১ৰানত দঃ আফ্ৰিকাৰ কঠিন জয়

কথমপি নহ'ল অঘটন ! নেপালৰ বিৰুদ্ধে ১ৰানত দঃ আফ্ৰিকাৰ কঠিন জয়

author-image
Asomiya Pratidin
New Update
কথমপি নহ'ল অঘটন ! নেপালৰ বিৰুদ্ধে ১ৰানত দঃ আফ্ৰিকাৰ কঠিন জয়

ডিজিটেল ডেস্ক : অনিশ্চিতয়তাৰে ভৰা খেল ক্ৰিকেট। সেই কথা পুনৰ প্ৰমামিত হ’ল টি-২০ বিশ্বকাপৰ এখন মেচত।

Advertisment

শনিবাৰে অনুষ্ঠিত এখন মেচত দক্ষিণ আফ্ৰিকাই নেপালৰ বিৰুদ্ধে কষ্টকৰ বিজয় সাৱ্যস্ত কৰে।  টছত জয়ী হৈ নেপালে প্ৰতিপক্ষ দঃ আফ্ৰিকাক পোনতে বেট ধৰাৰ বাবে আমন্ত্ৰণ জনায়।

টছৰ সিদ্ধান্তৰ সুবৰ্ণ সুযোগ গ্ৰহণ কৰি নেপালৰ বলাৰসকলে দঃআফ্ৰিকাৰ বেটাৰৰ ওপৰত বাঘৰ দৰে জপিয়াই পৰে। নেপালৰ দুৰ্দান্ত বলিঙৰ আগত তিষ্ঠিব নোৱাৰি দঃ আফ্ৰিকাই নিৰ্ধাৰিত অভাৰত মাত্ৰ ১১৫ ৰান কৰিয়েই ইনিংছ সামৰে।

নেপালৰ হৈ দিপেন্দ্ৰ সিং আন্দ্ৰিয়ে ৩টা আৰু কুশল ভুৰ্টেলে ৪টা উইকেট দখল কৰি দক্ষিণ আফ্ৰিকাৰ উইকেট তাচপাচতৰ দৰে খহাই পেলায়। দঃ আফ্ৰিকাৰ হৈ ৰিজ্জা হেনৰীক্সে সৰ্বাধিক ৪৩ ৰান কৰে। বাকীসকল আগশাৰীৰ বেটাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হয়।

ইফালে বিজয় লক্ষ্য আগত লৈ ক্ৰিজত নমা নেপালৰ অপেনাৰ কুশল ভুৰ্টেল ১৩ আৰু আচিফ চাইখে ৪২ দলক সন্তোষজনক আৰম্ভণি দিয়ে। পিছলৈ ৪নম্বৰ উইকেটত অনিল কুমাৰ শ্বাহে দলৰ ইনিংছ আগুৱাই নিয়ে যদিও মাত্ৰ ১ৰানৰ ব্যৱধানত পৰাজয়বৰণ কৰিব লগা হয় নেপাল।

দঃ আফ্ৰিকাৰ ওপৰত বাঘৰ দৰে জপিয়াই পৰা নেপাল শেষ মুহূৰ্তত ১১৪ ৰানত থমকি ৰ’ব লগা হয়। দঃ আফ্ৰিকা জয়ী হ’লেও কাৰ্যতঃ এয়া কষ্টকৰ জয়।

Also Read: গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ বৃহৎ সাফল্য : ব্ৰেইন ডেড হোৱা লোকৰ বৃক্ক সংৰোপণ কৰিলে দুই ৰোগীৰ দেহত

worldcup south africa cricket nepal sports