/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/e63683d2-3c2b-47d9-98f2-31ff7fe73716/GMCH_PRESS_MEET_2__1_.jpg)
ডিজিটেল ডেস্ক : গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ বৃহৎ সাফল্য। এতিয়া আৰু অকল জীৱন্ত মানুহে দান কৰা বৃক্ক সংৰোপণেৰে নহয়, ব্ৰেইন ডেড হোৱা লোকৰ বৃক্ক সংৰোপণেৰেও জীৱন লাভ কৰিব পাৰে দুয়োটা বৃক্ক বিকল হোৱা ৰোগীয়ে।
বৃক্ক ৰোগীসকলৰ বাবে এই আশাৰ বতৰা কঢ়িয়াই আনি জি এম চি এইছত আৰম্ভ হৈ কেডাভেৰিন ট্ৰেন্সপ্লেণ্ট প্ৰক্ৰিয়া। সহজ ভাষাত এই প্ৰক্ৰিয়া হৈছে বৃক্ক তথা অন্যান্য অংশ সংৰোপণৰ প্ৰক্ৰিয়া।
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক অচ্যুৎ বৈশ্যৰ সভাগৃহত অনুষ্ঠিত এক সংবাদমেলযোগে এই কথা ৰাজহুৱা কৰে। ডা০ অচ্যুত বৈশ্যক প্ৰমুখ্য কৰি জি এম চি এইছৰ অধীক্ষক ডা০ অভিজিৎ শৰ্মা, নেফ্ৰ’ল’জী বিভাগৰ মুৰব্বী ডা০ মঞ্জুৰী শৰ্মা, ইউৰ’ল’জী বিভাগৰ মুৰব্বী ডা০ শশাংক কুমাৰ বৰুৱা সংবাদমেলযোগে এই কথা সদৰী কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/d0f2d007-aa2c-4e13-b9ac-570d515ba6ab/GMCH PRESS MEET.jpg)
এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে ২০২৩ চনৰ ১৩ ডিচেম্বৰত ব্ৰেইন ডেড হোৱা এজন লোকৰ পৰা দুয়োটা বৃক্ক আহৰণ দুজন বৃক্ক বিকল ৰোগীৰ দেহত সংৰোপণ কৰা হৈছিল। ইয়াৰোপৰি দ্বিতীয়বাৰৰ বাবে যোৱা ৮জুনত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত সফলভাৱে সংৰোপণ কৰা হৈছিল এনে বৃক্ক সংৰোপণ প্ৰক্ৰিয়া।
ব্ৰেইন ডেড হোৱা এজন ৫৫ বছৰীয়া ৰোগীৰ পৰা বৃক্ক আহৰণ কৰি এজন ১৯ বছৰীয়া ৰোগীৰ দেহত এই প্ৰক্ৰিয়াৰে বৃক্ক সংৰোপণ কৰা হৈছিল। আনহাতে দ্বিতীয়টো প্ৰচেষ্টাত এগৰাকী ৩৯ বছৰীয়া ৰোগীৰ দেহত সফলভাৱে সংৰোপণ কৰা হৈছিল বৃক্ক।
উল্লেখ কৰা প্ৰয়োজন যে ২০২৩ চনৰ নৱেম্বৰত অসম চৰকাৰৰ পৰা কেডাভেৰিন ট্ৰেন্সপ্লেণ্টৰ অনুমতি লাভ কৰিছিল জি এম চি এইছে। এই প্ৰক্ৰিয়াৰ দ্বাৰা মগজুৰ মৃত্যু হোৱা তথা জীয়াই থকাৰ কোনো সম্ভাৱনা নথকা লোকৰ দেহৰ পৰা বৃক্ক আহৰণ কৰি অইন ৰোগীৰ দেহত অস্ত্ৰোপচাৰৰ দ্বাৰা বৃক্ক সংৰোপণ কৰা হয়। অৱশ্যে এই কাম কৰাৰ আগেয়ে ৰোগীৰ পৰিয়ালৰ অনুমতি গ্ৰহণ কৰিব লাগে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/d2df052f-f91f-4af6-9671-356b424fdae9/GMCH PRESS MEET 4.jpg)
উল্লেখিত ৫৫ বছৰীয়া যিগৰাকী ৰোগীৰ দেহত বৃক্ক সংৰোপণ কৰা হৈছিল তেওঁৰ মগজুৰ পৰা ৰক্তক্ষৰণ হৈছিল আৰু মগজু বিকল হৈ ভেণ্টিলেচনত আছিল। তেওঁৰ এই বৃক্ক সংৰোপণৰ অস্ত্ৰোপচাৰত এদল বিশেষজ্ঞ চিকিৎসকৰ লগতে আন আন স্বাস্থ্যকৰ্মীসকল জড়িত আছিল। অস্ত্ৰোপচাৰটো সফলভাৱে সম্পন্ন কৰা চিকিৎসকসকল হৈছে- ডা০ শশাংক বৰুৱা, ডা০ পুস্কিল বাগতী আৰু ডা০ দেৱাংগ শৰ্মা।
উল্লেখযোগ্য যে বৃক্ক সংৰোপণ কৰা ৰোগী দুজনৰ এজনৰ ঘৰ নগাঁও জিলাৰ কামপুৰত আৰু আনজন গুৱাহাটীৰ বাসিন্দা। সম্প্ৰতি তেওঁলোক জি এম চি এইছতে আছে। যদিহে সকলো ঠিকে-ঠাকে তেন্তে অহা ৩-৪দিনৰ ভিতৰত ঘৰলৈ যাবলৈ দিয়া হ’ব বুলি জানিবলৈ দিয়ে।
আনহাতে এই অস্ত্ৰোপচাৰৰ পাছত ব্যৱহাৰ কৰিব লগা ঔষধ-পাতিৰ দাম যিহেতু বেছি সেয়ে সকলো ঔষধ বিনামূলীয়াকৈ প্ৰদান কৰিব বুলি সংবাদমেলত উল্লেখ কৰে।
ইফালে উক্ত সংবাদমেলতে উল্লেখ কৰে আন এক খবৰ। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত বৰ্তমানে আই ভি এফৰ জৰিয়তে ৮গৰাকী মহিলা গৰ্ভৱতী হৈছে।
হাস্পতালখনৰ বাবে এয়া এক ডাঙৰ সফলতা। বাহিৰত এনে প্ৰক্ৰিয়াৰে গৰ্ভৱতী কৰালে ইয়াৰ খৰচ বহু বেছি। কিন্তু জি এম চিত ৭০ হাজাৰ টকাৰ ভিতৰতে সম্পন্ন হৈ যায় বুলি জানিবলৈ দিয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/2c418f82-49bd-494f-ad6f-836b58f2e83b/GMCH PRESS MEET 2 (1).jpg)
গতিকে ৰাইজে এই সুবিধা ল’ব কৰিব বিচাৰিলে ল’ব পাৰিব বুলি জনায়। ইফালে জি এম চি এইছৰ বায়’কেমেষ্ট্ৰী, পেথ’ল’জী আৰু মাইক্ৰ’বায়’ল’জী এই ৩টা গৱেষণাৰ এন এ বি এলৰ দ্বাৰা যোৱা মাহতে স্বীকৃতি হৈছে বুলি জনায়।
Also Read: চাবুৱাত ভয়ংকৰ দুৰ্ঘটনা...