/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/8a3743c8-af60-412a-a9d0-6b2b4000f846/SA_30.jpg)
দক্ষিণ আফ্ৰিকাই ঘোষণা কৰিলে ট-২০ বিশ্বকাপৰ দল...
ডিজিটেল ডেস্কঃ অহা ২ জুনৰ পৰা আমেৰিকা যুক্ত ৰাষ্ট্ৰ আৰু ৱেষ্ট ইণ্ডিজত অনুষ্ঠিত হ'বলগীয়া আই চি চি টি-২০ বিশ্বকাপৰ বাবে দক্ষিণ আফ্ৰিকাই ঘোষণা কৰিলে দল। উল্লেখ্য যে, আই চি চিয়ে বিশ্বকাপ প্ৰতিযোগিতাখনৰ বাবে দল ঘোষণা কৰিবলৈ ১ মে' পৰ্যন্ত সময় নিৰ্ধাৰণ কৰি দিছে। সেই অনুসৰিয়েই নিউজিলেণ্ডেও ইতিমধ্যে তেওঁলোকৰ ১৫ জনীয়া দলটো ঘোষণা কৰিলে।
দক্ষিণ আফ্ৰিকাই ক্ৰিকেট ব'ৰ্ডে ঘোষণা কৰা ১৫ জনীয়া দলটোত অধিনায়কৰ দায়িত্ব দিয়া হৈছে এডেন মাৰক্ৰামক। দলটোৰ টি-২০ অধিনায়ক হিচাপে এডেন মাৰক্ৰামে দায়িত্ব লাভ কৰাৰ পাছত এয়া হ'ব তেওঁৰ প্ৰথম আইচিচি ইভেণ্ট।
এডেন মাৰক্ৰামৰ নেতৃত্ব ঘোষণা কৰা দলটোৰ বাকী কেইজন সদস্য হৈছে অটনিয়েল বাৰ্টমেন, গেৰাল্ড কোয়েটজি, কুইন্টন ডি ক'ক, বজৰ্ণ ফৰ্টুইন, ৰিজা হেণ্ড্ৰিক্স, মাৰ্কো জানচেন, হেনৰিখ ক্লাসেন, কেশৱ মহাৰাজ, ডেভিড মিলাৰ, এনৰিচ নৰ্টজে, কাগিচো ৰাবাডা, ৰিয়ান ৰিকলটন, টাব্ৰাইজ চামচি, ট্ৰিষ্টান ষ্টবছ।
উল্লেখ্য যে, ঘোষিত দলটোত স্থান পোৱা এনৰিছ নৰ্টজে আৰু কুইণ্টন ডি ক'কক দক্ষিণ আফ্ৰিকা বৰ্ডে কেন্দ্ৰীয় চুক্তিৰ তালিকাৰ পৰা বাদ দিছিল। পিঠিৰ আঘাতৰ বাবে নৰ্টজে ২০২৩ ৰ ছেপ্টেম্বৰৰ পৰা আন্তৰ্জাতিক ক্ৰিকেটৰ পৰা আঁতৰি আছে। আনহাতে ডি ককে ২০২৩ চনৰ ক্ৰিকেট বিশ্বকাপৰ পিছত এদিনীয়া খেলৰ পৰা অৱসৰ ঘোষণা কৰিছিল। ইয়াৰ পূৰ্বে ২০২২ ত টেষ্ট ক্ৰিকেটকো তেওঁ বিদায় জনাইছে।
দলটোত স্থান লাভ কৰা ৰিয়ান ৰিকেলটন আৰু অটনিয়েল বাৰ্টমেনে শেহতীয়া SA20 টুৰ্ণামেণ্টত দুৰ্দান্ত প্ৰদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছিল। যাৰ বাবে তেওঁলোক দুয়োজনে দেশখনৰ ৰাষ্ট্ৰীয় দলটোত আত্মপ্ৰকাশৰ সুযোগ লাভ কৰিছে। ৰিকেলটন প্ৰতিযোগিতাখনত ৫৮.৮৮ গড়ে ৫৩০ ৰাণ সংগ্ৰহ কৰি এম আই কেপ টাউনৰ হৈ ১৭৩.৭৭ ৰ ষ্ট্ৰাইক ৰেটৰ সৈতে শীৰ্ষস্থানৰ ৰাণ সংগ্ৰহকাৰী আছিল। আনহাতে বাৰ্টমেনে ডিফেণ্ডিং চেম্পিয়ন ছানৰাইজাৰ্ছ ইষ্টাৰ্ণ কেপৰ হৈ আঠখন মেচত ১৮ টা উইকেট দখল কৰিছিল।
বিশ্বকাপৰ বাবে ঘোষিত দলটোঃ এডেন মাৰক্ৰাম (অধিনায়ক), অটনিয়েল বাৰ্টমেন, গেৰাল্ড কোয়েটজি, কুইন্টন ডি ক'ক, বজৰ্ণ ফৰ্টুইন, ৰিজা হেণ্ড্ৰিক্স, মাৰ্কো জানচেন, হেনৰিখ ক্লাসেন, কেশৱ মহাৰাজ, ডেভিড মিলাৰ, এনৰিচ নৰ্টজে, কাগিচো ৰাবাডা, ৰিয়ান ৰিকলটন, টাব্ৰাইজ চামচি, ট্ৰিষ্টান ষ্টবছ।
ৰিজাৰ্ভ প্লেয়াৰঃনন্দ্ৰে বাৰ্গাৰ আৰু লুঙ্গি এনগিডি।
Also Read: নিৰ্বাচনী প্ৰচাৰ, দলৰ সংবাদ মেল ক'তো নাই আপৰ সাংসদ ৰাঘৱ চাড্ডা...