নিৰ্বাচনী প্ৰচাৰ, দলৰ সংবাদ মেল ক'তো নাই আপৰ সাংসদ ৰাঘৱ চাড্ডা...

কেজৰিৱালৰ গ্ৰেপ্তাৰৰ পাছৰ পৰা দেখিবলৈ পোৱা নাই নেতাজনক
নিৰ্বাচনী প্ৰচাৰ, দলৰ সংবাদ মেল ক'তো নাই আপৰ সাংসদ ৰাঘৱ চাড্ডা...

ডিজিটেল ডেস্কঃ অষ্টাদশ লোকসভা নিৰ্বাচনৰ দুটা পৰ্যায়ৰ ভোটগ্ৰহণ অন্ত পৰিল। তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰস্তুতি পূৰ্ণগতিত চলি আছে। সমান্তৰালকৈ দুটা পৰ্যায়ৰ ভোটগ্ৰহণৰ সকলো প্ৰক্ৰিয়া বিশ্লেষণ কৰি ৰাজনৈতিক দলসমূহেও আৰু অধিক পূৰ্ণোদ্যমে নিৰ্বাচনী প্ৰচাৰত লিপ্ত হৈছে। সলনি কৰিছে প্ৰচাৰৰ কৌশল।

সকলো ৰাজনৈতিক দল, নেতাৰ ব্যস্ততাৰ অন্ত নাই। নিৰ্বাচনী সভা, সংবাদ মাধ্যমৰ কেমেৰাৰ সন্মুখত, ষ্টুডিঅ'ত, ইউটিউবাৰ আদিৰ সন্মুখত নিজৰ প্ৰচাৰৰ লগতে বিপৰীত পক্ষক সমালোচনা কৰি ভাগৰিও নাভাগৰা এই ৰাজনৈতিক নেতাসকলৰ মাজত হেৰাইছে এজন নেতা। প্ৰায়ে চৰ্চাত থকা এই নেতা জন নিৰ্বাচনৰ ভৰপক সময়ত নাই নিৰ্বাচনী সভাত। তেওঁক দেখা নাই টেলিভিচন চেনেলৰ ষ্টুডিঅ'ত অথবা সংবাদ মেলত।

আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে তেওঁ এনেকুৱা এটা দলৰ নেতা যি দলৰ সভাপতিগৰাকীয়েই সোমাই আছে জে'লত। কেৱল সভাপতিয়েই নহয়, দলটোৰ আন বহু নেতাই এতিয়া জে'লত। দলৰ এনে বিপৰ্যয়ৰ সময়ত বহু চৰ্চিত আৰু বাকপটু বুলি পৰিচিত এই বিশেষ নেতাজনৰ অনুপস্থিতি বহুতৰ বাবেই চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।

আম আদমি পাৰ্টিৰ ৰাজ্যসভাৰ সাংসদ ৰাঘৱ চাড্ডা হেৰাইছে। নিৰ্বাচনৰ এই ভৰপক সময়ত ক'তো দেখিবলৈ নাই ৰাঘৱক। অন্তিম বাৰৰ বাবে এই নেতাগৰাকী দেশৰ জনতাই ভালকৈ দেখিছিল বলিউড অভিনেত্ৰী পৰিণীতি চোপ্ৰাৰ সৈতে তেওঁৰ বহু চৰ্চিত বিয়াৰ সময়ত। ইয়াৰ পাছত মাজত দুবাৰমান তেওঁক সংবাদ মাধ্যমৰ সন্মুখত দেখিছিল যদিও পৰৱৰ্তী সময়ত আপৰ সভাপতি তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক ইডিয়ে গ্ৰেপ্তাৰ কৰাৰ সময়ৰে পৰা ৰাঘৱক দেখা নাই দলটোৰ কৰ্মীসকলে। চৰ্চালৈ অহা নেই তেওঁ।

দলটোৰ হৈ নিৰ্বাচনী প্ৰচাৰত লিপ্ত হোৱাটো দূৰৰে কথা কেজৰিৱালৰ মুক্তিৰো সৱল দাবী কৰা দেখা নাই তেওঁক। অথচ দৈনিক এই দলটোৰ আন নেতাসকলে সংবাদ মেল সম্বোধন কৰি কেজৰিৱালৰ সপক্ষে নানান মন্তব্য কৰিছে। কেজৰিৱাল অবিহনেই নিৰ্বাচনী যুঁজত জপিয়াই পৰিছে সকলো।

কিন্তু ক'ত হেৰাল ৰাঘৱ? এই প্ৰশ্নৰ উত্তৰ অৱশ্যে আপৰ এজন নেতাই ৰাজহুৱাকৈয়ে দিছে। দিল্লী চৰকাৰৰ মন্ত্ৰী সৌৰভ ভৰদ্বাজে মঙ্গলবাৰে ৰাঘৱৰ সন্দৰ্ভত মুখ খুলিছে। তেওঁ প্ৰকাশ কৰা মতে ৰাঘৱে তেওঁৰ চকুৰ চিকিৎসাৰ বাবে ইংলেণ্ডত আছে।

সৌৰভ ভৰদ্বাজে প্ৰকাশ কৰা মতে ৰাঘৱৰ চকুৰ ৰোগ গুৰুত্বৰ। সামান্য গাফিলতি কৰিলেই দৃষ্টিহীন হৈ পৰিব পাৰে তেওঁ। সেয়ে তেওঁক নিৰ্বাচনী প্ৰচাৰত দেখিবলৈ পোৱা নাই। যেতিয়াই তেওঁৰ এই চিকিৎসা সম্পূৰ্ণ হ'ব তেতিয়াই তেওঁ পুনৰ দেশলৈ আহি নিৰ্বাচনী প্ৰচাৰত নিশ্চয় ভাগ ল'ব।

মন কৰিবলগীয়া যে, ২১ মাচৰ্ত অৰবিন্দ কেজৰিৱালক ইডিয়ে গ্ৰেপ্তাৰ কৰাৰ সময়তো ৰাঘৱ চড্ডাক দেখিবলৈ পোৱা নাছিল। সেই সময়তে জ্যেষ্ঠ অধিবক্তা তথা পূৰ্বৰ কংগ্ৰেছ নেতা কপিল ছিব্বালে কৈছিল বিজেপিৰ পৰৱৰ্তী লক্ষ্য ৰাঘৱ চড্ডা। যিকোনো সময়তে তেওঁৰ গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা প্ৰৱল।

অৱশ্যে সৌৰভ ভৰদ্বাজে ৰাঘৱ চাড্ডা কেতিয়া স্বদেশলৈ ঘূৰি আহিব সেই সন্দৰ্ভত সঠিক কৈ একো কোৱা নাই। চিকিৎসাৰ বাবে গ'লেও সামাজিক মাধ্যমত সক্ৰিয় হৈ থকা ৰাঘৱক অৱশ্যে ৰাজনৈতিক বিষয়ত পূৰ্বৰ দৰে সামাজিক মাধ্যমত সক্ৰিয় ৰূপত দেখিবলৈ পোৱা নাই।

নিৰ্বাচনী প্ৰচাৰ, দলৰ সংবাদ মেল ক'তো নাই আপৰ সাংসদ ৰাঘৱ চাড্ডা...
পুনৰ নিৰাপত্তাৰক্ষী-মাওবাদীৰে সংঘৰ্ষঃ ৪ জন নিহতৰ খবৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in