/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-11-08/fb7tdv65/326.jpg)
ডিজিটেল ডেস্ক : দীৰ্ঘদিন ধৰি ভাৰতীয় জাতীয় ক্ৰিকেট দলৰ পৰা বাহিৰত থকা শ্ৰেয়াছ আয়াৰে স্বমহিমাৰে উজলি উঠিছে ঘৰুৱা ক্ৰিকেটত। চলিত ৰঞ্জী ট্ৰফীৰ এখন মেচত দ্বিশতক কৰিবলৈ সক্ষম হৈছে প্ৰতিভাৱান বেটছমেনগৰাকী।
অতি শেহতীয়াকৈ শ্ৰেয়াছে ওড়িশাৰ বিৰুদ্ধে অৰ্জন কৰে দ্বিশতক। তেঁও ২২৮ টা বলত ২৩৩ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়। তেঁও এই ইনিংছটো ৯টা ছিক্সাৰ আৰু ২৪ বাউণ্ডেৰীৰে সজায়। এইখিনিতে এটা কথা উল্লেখ কৰিব পাৰি যে সুদীৰ্ঘ ৯ বছৰৰ মূৰত ৰঞ্জী ট্ৰফীত দ্বিশতকৰ মুখ দেখিলে ভাৰতীয় তাৰকা বেটাৰগৰাকীয়ে।
তেঁও এই দ্বিশকীয় ইনিংছ খেলি জাতীয় দললৈ প্ৰত্যাৱৰ্তনৰ বাট মুকলি কৰাৰ ইংগিত দিয়া বুলি একাংশই মন্তব্য কৰিছে। চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহতে দেশৰ হৈ টেষ্ট মেচ খেলিছিল আয়াৰে।
Also Read: গোৰেশ্বৰত অনুষ্ঠিত হ’ব অস্মিতা ৰাগবী লীগ : বিজয়ী দলে লাভ কৰিব ৩ লাখ টকাৰ আৰ্থিক পুৰস্কাৰ