গোৰেশ্বৰত অনুষ্ঠিত হ’ব অস্মিতা ৰাগবী লীগ : বিজয়ী দলে লাভ কৰিব ৩ লাখ টকাৰ আৰ্থিক পুৰস্কাৰ

গোৰেশ্বৰত অনুষ্ঠিত হ’ব অস্মিতা ৰাগবী লীগ : বিজয়ী দলে লাভ কৰিব ৩ লাখ টকাৰ আৰ্থিক পুৰস্কাৰ

author-image
Asomiya Pratidin
New Update
গোৰেশ্বৰত অনুষ্ঠিত হ’ব অস্মিতা ৰাগবী লীগ : বিজয়ী দলে লাভ কৰিব ৩ লাখ টকাৰ আৰ্থিক পুৰস্কাৰ

ডিজিটেল ডেস্ক : দেশৰ অন্যতম ৰাগবী লীগ অস্মিতা ৰাগবী লীগ। এই অস্মিতা ৰাগবী লীগ এইবাৰ অনুষ্ঠিত হ’ব বিটিআৰ এলেকাৰ অন্তৰ্গত গোৰেশ্বৰত। প্ৰতিযোগিতাখনি অহা ৯ আৰু ১০ নৱেম্বৰ দুদিনীয়া কাৰ্যসূচীৰে গোৰেশ্বৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আয়োজন কৰিবলৈ লোৱা হৈছে।

Advertisment

আয়োজক সমিতিয়ে জনোৱা অনুসৰি ইতিমধ্যে ২৪ টা দলে অংশগ্ৰহণ কৰিছে। এতিয়ালৈকে ২৮৮ জন খেলুৱৈয়ে প্ৰতিযোগিতাত যোগদান কৰিছে। এই প্ৰতিযোগিতাখনি ৩টা শাখাত অনুষ্ঠিত হ’ব। শাখাকেইটা হৈছে ১৫ বছৰ অনুৰ্ধ, ১৮ বছৰ অনুৰ্ধ আৰু ইয়াৰ ওপৰৰ বয়সৰ খেলুৱৈসকল।

প্ৰতিযোগিতাখনিত বিজয়ী দলক আৰ্থিক ধনেৰে পুৰস্কৃত কৰা হ’ব। প্ৰাইজমানি হৈছে ৩ লাখ টকা। এইখিনিতে এটা কথা উল্লেখ কৰিব পাৰি যে আন্তঃ জিলা, আঞ্চলিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত দেশৰ ভিন্ন প্ৰান্তত খেলো ইণ্ডিয়াৰ উদ্যোগত অস্মিতা লীগৰ আয়োজন কৰা হয়।

প্ৰতিযোগিতাখনি এইবাৰ অসমত অনুষ্ঠিত কৰাৰ লক্ষ্য হৈছে- ক্ৰীড়াৰ জৰিয়তে যুৱতীসকলক শক্তিশালী কৰা আৰু তেওঁলোকৰ প্ৰতিভা প্ৰদৰ্শনৰ বাবে এখন মঞ্চ প্ৰদান কৰা। প্ৰতিযোগিতাত বিজয়ীসকলে ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ পৰা ডিবিটি মোডৰ জৰিয়তে মুঠ ৩ লাখ টকাৰ পুৰস্কাৰ লাভ কৰিব। গোৰেশ্বৰত অনুষ্ঠিতব্য প্ৰতিযোগিতাখন উদ্বোধন কৰিব তামুলপুৰ জিলাৰ আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে।

Also Read: তিৱা মাথনলাই তখ্ৰাৰ উদ্যোগত তিৱা ভাষা গৌৰৱ উৎসৱ উদযাপন

Asmita Rugby League