বৰ্ষাপাৰাত ৰাজস্থান-কলকাতাৰ হাইভ'ল্টেজ মেচ উপভোগ কৰিব শ্বাহৰুখ খানে !

ৰাজস্থান আৰু কলকাতাৰ খেলৰ মাজত বিশেষ লেজাৰ শ্ব’ প্ৰদৰ্শন কৰা হ’ব

author-image
Asomiya Pratidin
New Update
বৰ্ষাপাৰাত ৰাজস্থান-কলকাতাৰ হাইভ'ল্টেজ মেচ উপভোগ কৰিব শ্বাহৰুখ খানে !

ডিজিটেল ডেস্ক : গুৱাহাটীৰ বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত দেওবাৰে অনুষ্ঠিত হ'ব ৰাজস্থান ৰয়েলছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ হাইভ'ল্টেজ মেচ। ইতিমধ্যে পইণ্ট তালিকাৰ শীৰ্ষ স্থানত আছে বলিউদৰ বাদশ্বাহ শ্বাহৰুখ খান মালিকনাধীন কলকাতা নাইট ৰাইডাৰ্ছ।

Advertisment

আনহাতে তালিকাৰ দ্বিতীয় স্থানত আছে আই পি এল-২৪ৰ খিতাপ জয়ৰ অন্যতম দাবীদাৰ ৰাজস্থান ৰয়েলছ। সেয়েহে কাইলৈৰ মেচখনকলৈ অনুৰাগীৰ মাজত ব্যাপক চৰ্চা লাভ কৰিছে।

ইতিমধ্যে কাইলৈৰ মেচখনৰ টিকটো শেষ হৈ যোৱাৰ কথা এক সূত্ৰত প্ৰকাশ পাইছে। কিয়নো কাইলৈৰ মেচখন দুয়ো দলৰ লীগ পৰ্যায়ৰ অন্তিমখন মেচ। অৱশ্যে প্লে-অফলৈ উভয় দলে যোগ্যতা অৰ্জন কৰিছে যদিও কাইলৈৰ মেচখন বেচ আকৰ্ষণীয় হৈ উঠিব।

লীগ পৰ্যায়ৰ অন্তিম মেচ হেতু কাইলৈ গুৱাহাটীত ভালেকেইগৰাকী ভি ভি আই পি পৰ্যায়ৰ ব্যক্তিৰ আগমন ঘটাৰ সম্ভাৱনা আছে। এই সন্দৰ্ভত শনিবাৰে ৰাজস্থান ৰয়েলছৰ অধ্যক্ষ ৰঞ্জিত বৰঠাকুৰে কেতবোৰ কথা জানিবলৈ দিছে।

ৰয়েলছৰ অধ্যক্ষ তথা অসম সন্তান বৰঠাকুৰে কয় যে ৰাজস্থান ৰয়েলছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মেচ উপভোগ কৰিবলৈ বলিউদৰ বাদশ্বাহ শ্বাহৰুখ খান গুৱাহাটীলৈ অহাৰ সম্ভাৱনা আছে। কলকাতা নাইট ৰাইডাৰ্ছৰ স্বত্বাধিকাৰী তথা বাদশ্বাহ শ্বাহৰুখ খান চাৰ্টাৰ্ড বিমানযোগে গুৱাহাটীত পদাৰ্পণ কৰাৰ সম্ভাৱনা আছে।

তাৰকা অভিনেতাগৰাকী কোনো ছবিৰ দৃশ্যগ্ৰহণত ব্যস্ত থকা হেতু এতিয়াই তেঁওৰ আগমণ সন্দৰ্ভত নিশ্চয়তা দিব পৰা নাযায় বুলি অধ্যক্ষ ৰঞ্জিত বৰঠাকুৰে জানিবলৈ দিয়ে। ইফালে বৰ্ষাপাৰাৰ পিছত সন্দৰ্ভত ৰাজস্থান ৰয়েলছৰ ডেকৰেছন হেদ ৰাজীৱ খান্নাই কয় যে বৰ্ষাপাৰা ষ্টেডিয়ামখন অতি উন্নতমানৰ।

এই পিটছখনৰ পানী শুহিব পৰা ক্ষমতা আন পিটছতকৈ সৰ্বাধিক ৷ অনাকাঙ্খিতভাৱে কাইলৈ মেচৰ সময়ত যদি বৰষুণ হয় তেন্তে বৰষুণ এৰাৰ কম সময়ৰ ভিতৰতে খেল অনুষ্ঠিত কৰিব পৰা যাব।

ইয়াৰোপৰি ৰাজস্থান আৰু কলকাতাৰ খেলৰ মাজত বিশেষ লেজাৰ শ্ব’ প্ৰদৰ্শন কৰা হ’ব বুলি জানিব পৰা গৈছে। অসম ক্ৰিকেট সন্থাৰ ফালৰ পৰা ড্ৰোণ শ্ব’ কৰা হ’ব যদিও খেলৰ আগত কোনোধৰণৰ সাংস্কৃতিক অনুষ্ঠান নাথাকিব বুলি জানিবলৈ দিয়ে।

Also Read: হাৰ্দিক পাণ্ডিয়াক নিলম্বনঃ খেলিব নোৱাৰিব পৰৱৰ্তী মেচ...

Kolkata Knight Riders BARSHAPARA shah rukh khan assam cricket association rajasthan royals IPL 2024