/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/cd56661e-a95b-420f-94eb-08357bf883bc/download.jpg)
ডিজিটেল ডেস্ক : শুকুৰবাৰে ৱাংখাড়েত লক্ষ্ণৌ ছুপাৰ জায়েণ্টৰে অনুষ্ঠিত মেচৰ পাছতে শাস্তিৰ সন্মুখীন হৈছে মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক হাৰ্দিক পাণ্ডিয়া। উক্ত মেচখনত শ্ল’ অ’ভাৰ ৰেট বলিং কৰাৰ বাবে হাৰ্দিকক ৩০ লাখ টকা জৰিমনা বিহা হৈছে।
ইয়াৰোপৰি মুম্বাই ইণ্ডিয়ানছৰ অধিনায়কগৰাকীক উক্ত কাৰণত ২০২৫ বৰ্ষৰ আই পি এলৰ এখন মেচত তেঁওৰ অংশগ্ৰহণ নিষিদ্ধ কৰিছে। গতিকে অহাবাৰ তেঁও যিটো দলত থাকিব সেই দলটোৰ প্ৰথমখন খেল খেলিব নোৱাৰিব।
উল্লেখযোগ্য যে মুম্বাই ইণ্ডিয়ানছৰ যিহেতু শুকুৰবাৰতে আই পি এল অভিযানৰ অন্ত পৰিছে সেয়ে পৰৱৰ্তী বৰ্ষত হাৰ্দিকৰ শাস্তিৰ নিৰ্দেশনা প্ৰযোজ্য হ’ব।
Also Read: এছিয়ান টাইকোৱাণ্ড চেম্পিয়নশ্বিপত ৰ'দালীৰ ব্ৰঞ্জৰ পদক...