/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/69588dbe-6071-4bbc-8966-0cd83d2c009d/hockey_16.jpg)
মহিলাৰ ছিনিয়ৰ হকী প্ৰতিযোগিতালৈ অসম দলঃ ১৮ ফেব্ৰুৱাৰীত আৰম্ভ কৰিব অভিযান...
ডিজিটেল ডেস্কঃ ১৫ ফেব্ৰুৱাৰী, বুধবাৰৰ পৰা আৰম্ভ হৈছে ত্ৰয়োদশ সংখ্যক মহিলাৰ ছিনিয়ৰ হকী চেম্পিয়নশ্বিপ। ২৬ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'বলগীয়া এই প্ৰতিযোগিতাৰ বাবে ইতিমধ্যে অসম দলটো ৰাওনা হৈছে।
অন্ধ্ৰপ্ৰদেশৰ কাশীনাদাত অনুষ্ঠিত হ'বলগীয়া এই প্ৰতিযোগিতাৰ বাবে মহম্মদ তৈয়বুল্লা হকী ষ্টেডিয়ামত এছ এল এ চিৰ উদ্যোগত তথা অসম হকী সন্থাৰ সহযোগত অনুষ্ঠিত হৈ যায় ১২ দিনীয়া প্ৰশিক্ষণ শিবিৰ । এই প্ৰশিক্ষণ শিবিৰৰ পৰাই অসম দলটো নিৰ্বাচন কৰা হয়।
ৰাজ্যৰ প্ৰায় ১৭ খন জিলাৰ ৩৭ গৰাকী হকী খেলুৱৈৰ মাজৰ পৰা অসম দলটো নিৰ্বাচন কৰা হৈছে। এইবাৰ অসম দলটোক ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাখনৰ বাবে প্ৰশিক্ষণেৰে প্ৰস্তুত কৰি তুলিছে হাৰিয়ানাৰ প্ৰশিক্ষকে।
ইতিমধ্যে এই দলটো গৈ অন্ধ্ৰপ্ৰদেশত উপস্থিত হৈছেগৈ। দলটোৱে ১৮ ফেব্ৰুৱাৰীত বিহাৰৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিব। অসম দলটোৰ মেনেজাৰৰ দায়িত্বত আছে দীপ্তি নাথ।
Also Read: মোডীয়ে জানে 'আৱেগ' কিঃ সাজ-পাৰৰ আঁৰত থাকে ৰাজনীতি !
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us