মোডীয়ে জানে 'আৱেগ' কিঃ সাজ-পাৰৰ আঁৰত থাকে ৰাজনীতি !

মোডীয়ে জানে 'আৱেগ' কিঃ সাজ-পাৰৰ আঁৰত থাকে ৰাজনীতি !
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰায়ে সলনি কৰে তেওঁৰ ৰূপ। পৰিধান কৰে বিভিন্ন সাজ-পাৰ। কিন্তু তাৰ আঁৰতো থাকে ৰাজনীতি ! নিৰ্বাচনৰ আগে পিছে মোডীৰ সলনি হয় সাজ-পাৰ, কেশ সজ্জা। এই সন্দৰ্ভত আমাৰ এক প্ৰতিবেদন।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ফটো উঠি ভাল পায়। ফটো উঠাই নহয়, প্ৰচাৰৰ বাবে যিকোনো পৰিস্থিতিলৈ যাব পাৰে প্ৰধানমন্ত্ৰী মোডী। য'লৈ যায়, লগত লৈ যায় সুদক্ষ ফটোগ্ৰাফাৰ।

তেওঁৰ পৰা কিছু আঁতৰে আঁতৰে থকা ফটোগ্ৰাফাৰৰ যাতে ফটো ক্লিক কৰোতে কোনো অসুবিধা নহয় তাৰ ওপৰতো তেওঁৰ থাকে বিশেষ নজৰ। দেশতেই হওক বা বিদেশতেই হওক মোডীয়ে ফটোগ্ৰাফাৰৰ সন্মুখলৈ অহা বিষয়া, নেতাক নিজেই আঁতৰাই দি কেমেৰালৈ চাই পজ দিয়ে।

মোডীয়ে জানে কেনেকৈ এখন ভাল ফটো উঠিব পাৰি আৰু সেই ফটো ভাইৰেল কৰিব পাৰি। আনে বেয়া পালেও, সমালোচনা কৰিলেও মোডীৰ এয়া এক কলা। ফটো উঠিব জনাটোও এটা আৰ্ট। সকলোৰে ফটো ভাল নাহে। মোডীৰ ফটো ভাল আহে।

ফটো উঠাৰ উপৰিও মোডীৰ আছে আন কিছু চখ। মানুহৰ দৃষ্টি কেনেকৈ কাঢ়িব লাগে মোডীয়ে জানে। মানুহে কি ভাল পাই সেয়াও তেওঁ জানে। সেয়ে সময়ে সময়ে তেওঁ সলনি কৰে তেওঁৰ ষ্টাইল।

আজি অনুষ্ঠিত হৈ আছে ত্ৰিপুৰাৰ নিৰ্বাচন। ত্ৰিপুৰাত নাথাকিলেও প্ৰধানমন্ত্ৰী মোডীৰ মন আছে ত্ৰিপুৰাত ! ত্ৰিপুৰাক মোডীয়ে কিমান ভাল পায় সেয়া তেওঁ দেখুৱাবলৈ চেষ্টা কৰিছে।

প্ৰধানমন্ত্ৰী মোডীক ভালকৈ নিৰিক্ষণ কৰা লোকসকলে জানে মোডীৰ সাজ-পাৰৰ আঁৰতো লুকাই থাকে বিশেষ তাৎপৰ্য। প্ৰতিখন ৰাজ্যৰ নিৰ্বাচনৰ পূৰ্বে মোডীয়ে সলনি কৰে তেওঁৰ সাজ-পাৰ, কেশ সজ্জা আদি।

ত্ৰিপুৰা নিৰ্বাচনো ব্যতিক্ৰম নহ'ল। নিৰ্বাচনৰ দিনটোতেই মোডীয়ে মূৰত পিন্ধি ল'লে ত্ৰিপুৰাত তৈয়াৰ কৰা এটা পাগুৰি। আজি দিল্লীত অনুষ্ঠিত হোৱা আদি মহোৎসৱত মোডীৰ মূৰত দেখিবলৈ পোৱা গ'ল এই বিশেষ পাগুৰি।

কেন্দ্ৰীয় জনজাতীয় উন্নয়ন মন্ত্ৰী অৰ্জুন মুণ্ডাই আজি মোডীলৈ আগবঢ়ায় এই পাগুৰিটো। ইয়াৰ পূৰ্বে মোডীয়ে অসমৰ গামোচা, উত্তৰাখণ্ডৰ ব্ৰহ্মকমল টুপী পৰিধান কৰি সকলোৰে দৃষ্টি কাঢ়িছিল।

সুযোগ পালেই মোডীয়ে অসমৰ গামোচা পৰিধান কৰে। অসমৰ গামোচা পৰিধান কৰিয়েই তেওঁ কৰে যোগাভ্যাষ। অৱশ্যে মোডীৰ এই গামোচা প্ৰেমৰ আঁৰতো অসমৰ বহুতেই বিচাৰি পাইছে ৰাজনীতি।

যিদৰে মোডীয়ে ব্ৰহ্মকমল টুপী পৰিধান কৰোতে বিচাৰি পাইছিল ৰাজনীতি। মোডীৰ দীঘল দাড়িৰ আঁৰত দেখিছিল ৰাজনৈতিক ক্ষমতা দখলৰ স্বাৰ্থ।

উত্তৰাখণ্ডৰ নিৰ্বাচনৰ পূৰ্বে মোডীৰ মূৰত দেখিবলৈ পোৱা গৈছিল ব্ৰহ্মকমল টুপী। অৱশ্যে তাৰ পূৰ্বে আৰু উত্তৰাখণ্ডৰ নিৰ্বাচনৰ পিছত মোডীৰ মূৰত দেখা পোৱা নাই সেই টুপী।

পশ্চিমবংগৰ নিৰ্বাচনৰ পূৰ্বে সলনি হৈছিল নৰেন্দ্ৰ মোডী। নিৰ্বাচনৰ পূৰ্বৰে পৰা মোডীয়ে কাটিবলৈ বাদ দিছিল দাড়ি। লাহে লাহে দীঘল হৈ আহি নিৰ্বাচনৰ সময়লৈ প্ৰধানমন্ত্ৰী মোডী হৈ পৰিছিল সাইলাখ কবিগুৰু ৰবিন্দ্ৰনাথ ঠাকুৰ !

কবিগুৰুৱে পৰিধান কৰাৰ দৰেই দীঘল পোচাক, মুখত দীঘল দাড়ি। এইদৰেই বংগৰ ৰাজপথত, জনসভাত মোডীয়ে চলাইছিল নিৰ্বাচনী প্ৰচাৰ। অংশ লৈছিল দেশ, বিদেশৰ বিভিন্ন অনুষ্ঠানত।

অৱশ্যে কবিগুৰুৰ দৰে নিজৰ দেহটোক সজাই পৰাই তুলিলেও হঠাৎ মোডীয়ে সলনি কৰিছিল তেওঁৰ ৰূপ। উত্তৰাখণ্ডত আদিগুৰু শংকৰাচাৰ্যৰ এটা সুবিশাল প্ৰতিমূৰ্তি উন্মোচন কৰিবলৈ যাওতে মোডীৰ সলনি হৈছিল সেই ৰূপ।

মোডীৰ মুখত নাছিল দীঘল দাড়ি, দেহত নাছিল দীঘল পোচাক। আছিল ক'লা এজোৰ পোচাকৰ সৈতে ক'লা চশমা। যেন হিন্দী চিনেমাত দেখুওৱা গেংষ্টাৰ ! বহুতেই আকৌ সামাজিক মাধ্যমত মোডীৰ এই নতুন ৰূপক দক্ষিণৰ চিনেমাৰ হিৰ', কোনোবাই আকৌ হিন্দী চিনেমাৰ হিৰ' বুলিও অভিহিত কৰিলে।

মুঠতে এটা নতুন ৰূপ। সেয়া আছিল পশ্চিমবংগৰ নিৰ্বাচনত পৰাজিত হোৱাৰ পিছৰ সময়ৰ কথা। আজি ত্ৰিপুৰাৰ নিৰ্বাচন। আজিও দেখা গৈছে মোডীৰ মূৰত ত্ৰিপুৰাৰ জনগোষ্ঠীয় পাগুৰি।

ইয়াৰ আঁৰত অৱশ্যে কাৰণ নথকা নহয়। ত্ৰিপুৰাত এইবাৰ তিপ্ৰামথাই জনজাতীয় অধ্যুষিত অঞ্চলসমূহত বিজেপিক কঠিন প্ৰত্যাহ্বান জনাইছে। এই অঞ্চলসমূহত তিপ্ৰামথাৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে।

ত্ৰিপুৰাৰ খিলঞ্জিয়া লোকসকলক স্বাস্থ্য সুৰক্ষাৰ বাবে গ্ৰেটাৰ তিপ্ৰালেণ্ডৰ দাবী উত্থাপন কৰি পূৰ্বৰ কংগ্ৰেছৰ নেতা তথা যুৱৰাজ আৰু এতিয়াৰ উগ্ৰ আঞ্চলিকতাবাদী নেতা, তিপ্ৰামথাৰ নেতা প্ৰদ্যুৎ বিক্ৰম দেৱ মানিক্যৰ জনপ্ৰিয়াতা বৃদ্ধি পাইছে ৰাজ্যখনত। তিপ্ৰামথাৰ প্ৰতি আগ্ৰহী হৈ পৰিছে খিলঞ্জিয়া নাগৰিক।

কিয়নো এই খিলঞ্জিয়া জনজাতীয় লোকসকলে ত্ৰিপুৰাত দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে বাস কৰি আহিছে বুলি দোষ আৰু ক্ষোভেৰে তিপ্ৰামথাক সমৰ্থন কৰিবলৈ মুকলিকৈ ওলাই আহিছে। এনে পৰিস্থিতিত মোডীয়ে পূৰ্বৰ ধাৰাবাহিকতা ৰক্ষা কৰিয়েই বাচি ল'লে সেই পুৰণি কৌশল।

ৰাজ্যখনৰ জনজাতীয় লোকসকলক সন্তুষ্ট কৰিবলৈ, আৱেগৰ ৰাজনীতিৰে পিন্ধি ল'লে ত্ৰিপুৰাৰ জনজাতীয় লোকসকলৰ টুপী। অৱশ্যে সময়ে হে ক'ব মোডীৰ এই কৌশলে কিমান কাম কৰে।

মোডীয়ে জানে 'আৱেগ' কিঃ সাজ-পাৰৰ আঁৰত থাকে ৰাজনীতি !
পোলিং এজেণ্টক প্ৰহাৰ, বাওঁ কৰ্মীৰ ঘৰত বোমা বিস্ফোৰণঃ উত্তপ্ত ত্ৰিপুৰাৰ নিৰ্বাচন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in