বিৰাট, আৰ চি বিৰ নিৰাপত্তাৰ প্ৰতি ভাবুকিঃ বাতিল অনুশীলন, ৪ জনক গ্ৰেপ্তাৰ...

সংবাদ মেলো এৰি চলিলে দলটোৱে
বিৰাট, আৰ চি বিৰ নিৰাপত্তাৰ প্ৰতি ভাবুকিঃ বাতিল অনুশীলন, ৪ জনক গ্ৰেপ্তাৰ...
বিৰাট, আৰ চি বিৰ নিৰাপত্তাৰ প্ৰতি ভাবুকিঃ বাতিল অনুশীলন, ৪ জনক গ্ৰেপ্তাৰ...

ডিজিটেল ডেস্কঃ ৰাজস্থান ৰয়েলছৰ সৈতে আৰ চি বিৰ এলিমেণ্টৰ মেচৰ পূৰ্বে অঘটন। বাতিল আৰ চি বিৰ অনুশীলন। সংবাদ মাধ্যমৰ খবৰ অনুসৰি আহমেদাবাদত বিৰাট কোহলিৰ সুৰক্ষাৰ প্ৰতি সৃষ্টি হৈছে প্ৰশ্ন। ফলত দলটোৰ অনুশীলন বাতিল কৰা হৈছে।

মঙ্গলবাৰে সন্ধিয়া দলটোৱে অনুশীলন কৰাৰ বাবে সময় নিৰ্ধাৰণ কৰিছিল যদিও নিৰাপত্তা ব্যৱস্থাৰ প্ৰতি অহা ভাবুকিৰ বাবেই এই অনুশীলন বাতিল কৰা বুলি জানিব পৰা গৈছে। আনহাতে মঙ্গলবাৰে অনুষ্ঠিত হোৱা সংবাদ মেললৈ আৰ চি বিৰ কোনো এজন সদস্য নহাৰ আঁৰতো তেওঁলোকৰ নিৰাপত্তা ব্যৱস্থাৰ ত্ৰুতি বুলিয়েই জানিব পৰা গৈছে।

খবৰ অনুসৰি ইতিমধ্যে আহমেদাবাদৰ পৰা বিৰাট, আৰ চি বিৰ আন সদস্যৰ সুৰক্ষাৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা চাৰি জনক গ্ৰেপ্তাৰ কৰা হৈছে বুলিও জানিব পৰা গৈছে।উল্লেখ্য যে, চলিত আই পি এলত বাৰে বাৰে ক্ৰিকেটাৰসকলৰ নিৰাপত্তাক লৈ প্ৰশ্ন উত্থাপন হৈ আহিছে।

মেচৰ মাজতে খেল পথাৰত প্ৰৱেশ কৰি বহু কেইজনে ক্ৰিকেটাৰক সাৱটি ধৰিছেগৈ। আনকি আৰ চি বি আৰু চি এছ কেৰ মেচৰ সময়তো খেল পথাৰত প্ৰৱেশ কৰিব বুলি এজন লোকে সামাজিক মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰিছিল।

ইমানলৈকে সকলো ঠিকেই আছিল। কিন্তু আহমেদাবাদত আজি অনুষ্ঠিত হ’বলগীয়া এলিমিনেটৰ মেচখনৰ পূৰ্বে বিৰাট কোহলি আৰু আৰ চি বিৰ সদস্যসকলৰ প্ৰতি ভাবুকি নামি আহিছে।

এক ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি মঙ্গলবাৰে আহমেদাবাদৰ গুজৰাট কলেজ গ্ৰাউণ্ডত আৰ চি বিয়ে অনুশীলন কৰাৰ কথা আছিল। কিন্তু সেয়া বাতিল কৰা হয়। সুত্ৰৰ খবৰ অনুসৰি আৰ চি বি দলটো অহাৰ পূৰ্বে আক্ৰমণৰ বাবে সাজু হৈ থকা ৪ সন্দেহজনক লোকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

ইয়াৰ পিছতেই এই খবৰ খবৰ আৰ চি বি আৰু ৰাজস্থান ৰয়েলছ দলক অৱগত কৰে আৰক্ষীয়ে। তাৰ পাছতেই আৰ চি বিয়ে অনুশীলন বাতিল কৰে। ৰাজস্থানৰো কেইবাজনো তাৰকা ক্ৰিকেটাৰে এৰি চলিলে অনুশীলন।

আজি সন্ধিয়া এই দুয়োটা দলৰ মাজত আছে মেচ। এই মেচতো নীৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে। অৱশ্যে আন এক সূত্ৰই দাবী কৰিছে নিৰাপত্তাৰ ক্ষেত্ৰত কোনো ত্ৰুতি নাই।

তেওঁলোকে নিজেই অনুশীলন বাতিল কৰিছে। প্ৰচণ্ড গৰমৰ বাবে সন্ধিয়া ৬ বজাত তেওঁলোকে অনুশীলন কৰাৰ কথা আছিল। কিন্তু ছাৰে ছয় বজালৈকেহে ফ্লাড লাইট জ্বলোৱাৰ অনুমতি থকাৰ বাবেই এই অনুশীলন বাতিল কৰিছে দলটোৱে।

বিৰাট, আৰ চি বিৰ নিৰাপত্তাৰ প্ৰতি ভাবুকিঃ বাতিল অনুশীলন, ৪ জনক গ্ৰেপ্তাৰ...
এক্স নে ইনষ্টাগ্ৰাম ! ক'ত ব্যস্ত থাকে ধোনী?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in