এক্স নে ইনষ্টাগ্ৰাম ! ক'ত ব্যস্ত থাকে ধোনী?

ইউটিউব চেনেলত ধোনীয়ে দিলে ইয়াৰ উত্তৰ

author-image
Asomiya Pratidin
New Update
এক্স নে ইনষ্টাগ্ৰাম ! ক'ত ব্যস্ত থাকে ধোনী?

এক্স নে ইনষ্টাগ্ৰাম ! ক'ত ব্যস্ত থাকে ধোনী?

ডিজিটেল ডেস্কঃ এক্স নহয়, ইনষ্টাগ্ৰামহে ভাল পাই মহেন্দ্ৰ সিং ধোনীয়ে। আই পি এলত প্লে’ অফৰ যুঁজত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰৰ হাতত পৰাস্ত হোৱাৰ পিছতে চেন্নাই ছুপাৰ কিংছৰ প্ৰাক্তন অধিনায়ক তথা উইকেট কীপাৰ মহেন্দ্ৰ সিং ধোনী লণ্ডনলৈ চিকিৎসাৰ বাবে গৈছে।

Advertisment

চলিত আই পি এলেই ধোনীৰ অন্তিম আই পি এল বুলি ধাৰণা কৰি তেওঁ য’লৈকে খেলিবলৈ গৈছে তাতেই ভিৰ কৰিছে অনুৰাগীয়ে। ধোনিয়েও সকলোকে সন্তুষ্ট কৰিছে। যেতিয়াই বেটিং কৰিবলৈ আহিছে তেতিয়াই তেওঁ অনুৰাগীক মনোৰঞ্জন দিছে।

এটাৰ পিছত এটাকৈ বাউণ্ডেৰী, অভাৰ বাউণ্ডেৰী কোবাই দৰ্শকক উন্মাদ কৰি তুলিছে। অৱশ্যে গোটেই আই পি এলৰ সময়ছোৱাত তেওঁ আঘাতৰ সমস্যাৰেও যুঁজি আছিল। যাৰ বাবে তেওঁ ক্ৰীজত দৌৰিবলৈও অসুবিধা পাইছিল।

এনে পৰিস্থিতিত আই পি এলৰ পৰা চি এছ কে বাহিৰ হোৱাৰ পাছতেই ধোনী উন্নত চিকিৎসাৰ বাবে লণ্ডলৈ গৈছে। তাৰ মাজতে প্ৰচাৰ হৈছে ধোনীৰ এক বিশেষ ভিডিঅ’। য’ত তেওঁ এক্স (পূৰ্বৰ টুইটাৰ) আৰু ইনষ্টাগ্ৰামৰ ভিতৰত ইনষ্টাগ্ৰামহে ব্যৱহাৰ কৰি অধিক ভাল পায় বুলি কৈছে।

ডুবাই আই ১০৩.৮ ইউটিউব চেনেলত পোষ্ট কৰা এটা ভিডিঅ’ত ধোনীয়ে কয়, মই ভাবো, টুইটাৰত একো ভাল ঘটি থকা নাই।সদায়েই ইয়াত বিতৰ্ক চলি থাকে।কোনোবাই কিবা এটা লিখি দিয়ে আৰু তাক লৈ বিতৰ্ক চলি থাকে। মই ভাবোঁ যে মই তাত কিয় থাকিব লাগে? তাত ১৪০ টা শব্দৰ ভিতৰত লিখিব লাগে। আপুনি আপোনাৰ সম্পূৰ্ণ কথাও লিখিব নোৱাৰে। ভাবি চাওঁক মই তাত কিবা এটা লিখিলে মানুহৰ ওপৰতেই নিৰ্ভৰ কৰিব, মোৰ কথাৰ তেওঁলোকে যি অৰ্থ উলিয়াব বিচাৰে সেই অৰ্থহে তেওঁলোকে উলিয়াব।

ইয়াৰ পাছতে ধোনীয়ে কয় যে, তেওঁ ইনষ্টাগ্ৰামহে অলপ ভাল পায়। তেওঁ কয়, ইনষ্টাগ্ৰাম মই অলপ ভাল পাওঁ। তাত মই মোৰ এখন ফটো বা ভিডিঅ’ বা যিকোনো কিবা এটা পোষ্ট কৰিব পাৰোঁ। ইনষ্টাগ্ৰামো এতিয়া সলনি হৈছে। তাৰ পাছতো মই ইনষ্টাগ্ৰমেই ঠিক আছে বুলি ভাবোঁ। তাতোঁ মই বহুত বেছি সক্ৰিয় নহয়। মই বিশ্বাস কৰোঁ যে যিমান কম বিভ্ৰান্তি, সিমানেই ভাল। কিন্তু মাজে মাজে, মই অনুৰাগীসকলৰ বাবে কিবা এটা পোষ্ট কৰোঁ। যাতে তেওঁলোকে জানিব পাৰে মই ভালেই আছোঁ।"

উল্লেখ্য যে, ৪২ বছৰীয়া ধোনীয়ে এইবাৰ ২২০.৫৪ ষ্ট্ৰাইক ৰেটেৰে মুঠ ১০৪ ৰাণ কৰিবলৈ সক্ষম হৈছে। আৰ চি বিৰ বিৰুদ্ধে অন্তিমখন খেলত তেওঁ ১৩ টা বলত ২৪ ৰাণ কৰে।

Also Read: বোকাখাতত আটক চোৰাং চিকাৰীঃ সজীৱ গুলী উদ্ধাৰ...

মহেন্দ্ৰ সিং ধোনী আই পি এল