যুঁজ দিও পৰাস্ত ৰাজস্থান ৰয়েলছ

হেটমায়াৰে শেষৰফালে মাত্ৰ ১৮ বলত ৩৬ ৰানৰ উল্লেখনীয় ইনিংছ খেলে
যুঁজ দিও পৰাস্ত ৰাজস্থান ৰয়েলছ

ডিজিটেল ডেস্কঃ গৃহভূমি বৰ্ষাপাৰাত যুঁজ দিও পৰাস্ত ৰাজস্থান ৰয়েলছ। বুধবাৰে বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত পাঞ্জাৱ কিংছৰ হাতত পৰাস্ত হয় ঘৰুৱা দলটো।

প্ৰথমে বেট ধৰি শিখৰ ধাৱন নেতৃত্বাধীন পাঞ্জাৱ কিংছে মেচৰ আৰম্ভণিৰ পৰাই ৰাজস্থান ৰয়েলছৰ বলাৰসকলক প্ৰহাৰ কৰে। পাঞ্জাৱে নিৰ্ধাৰিত অ'ভাৰত মাত্ৰ ৪টা উইকেট হেৰুৱাই ১৯৭ ৰান সংগ্ৰহ কৰে।

এই ৰানৰ মূলতে অধিনায়ক শিখৰ ধাৱনৰ বিস্ফোৰক অৰ্ধশতক। তেওঁ ৫৬ বলত ৯টা বাউণ্ডেৰী আৰু ৩টা অ'ভাৰ বাউণ্ডেৰীৰে অপৰাজিত ৮৬ ৰান কৰাৰ লগতে অ'পেনাৰ প্ৰভিস্মৰণ সিঙ ৬০ ৰান কৰে।

প্ৰত্যুত্তৰত ৰাজস্থানে জয়ৰ বাবে ১৯৮ ৰানৰ লক্ষ্যলৈ খেলপথাৰত নামি শেষ মূহুৰ্তলৈকে যুঁজ দি ৭টা উইকেটৰ বিনিময়ত ১৯২ কৰি পৰাজয়বৰণ কৰে। ঘৰুৱা দলটোৰ হৈ অধিনায়ক সঞ্জু ছেমছনে ২৫ বলত ৫টা বাউণ্ডেৰী আৰু ১টা অ'ভাৰ বাউণ্ডেৰীৰে ৪২, ৰিয়ান পৰাগে ১২ বলত ১টা বাউণ্ডেৰী আৰু ২টা অ'ভাৰ বাউণ্ডেৰীৰে ২০ ৰান সংগ্ৰহ কৰে। লগতে হেটমায়াৰে শেষৰফালে মাত্ৰ ১৮ বলত ৩৬ ৰানৰ উল্লেখনীয় ইনিংছ খেলে। আনহাতে পাঞ্জাৱৰ নাথান ইলছে ৪টা উইকেট দখল কৰে।

যুঁজ দিও পৰাস্ত ৰাজস্থান ৰয়েলছ
বৰ্ষাপাৰাত পাঞ্জাৱ কিংছৰ ৰানৰ বৰষুণ,জয়ৰ বাবে ৰয়েলছৰ সন্মুখত ১৯৮ ৰানৰ লক্ষ্য

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in