বৰ্ষাপাৰাত পাঞ্জাৱ কিংছৰ ৰানৰ বৰষুণ,জয়ৰ বাবে ৰয়েলছৰ সন্মুখত ১৯৮ ৰানৰ লক্ষ্য

দলৰ হৈ অধিনায়ক শিখৰ ধাৱন ৮৬ (অপঃ),অ'পেনাৰ প্ৰভিস্মৰণ সিঙ ৬০ ৰানেৰে অৰ্ধশতক অৰ্জন কৰি জয়ৰ বাবে ঘৰুৱা দলটোৰ সন্মুখত ১৯৮ লক্ষ্য বান্ধি দিয়ে

author-image
Asomiya Pratidin
New Update
বৰ্ষাপাৰাত পাঞ্জাৱ কিংছৰ ৰানৰ বৰষুণ,জয়ৰ বাবে ৰয়েলছৰ সন্মুখত ১৯৮ ৰানৰ লক্ষ্য

ডিজিটেল ডেস্কঃ বৰ্ষাপাৰাত পাঞ্জাৱ কিংছৰ ৰানৰ বৰষুণ। দলটোৰ মাত্ৰ ৪টা উইকেটৰ পতন। বেটিং সহায়ক পিটছখনত নিৰ্ধাৰিত অ'ভাৰত পাঞ্জৱে ১৯৭ ৰান সংগ্ৰহ কৰে।

Advertisment

আজিৰ এই মেচখনত টছত জয়ী হৈ ঘৰুৱা দল ৰাজস্থান ৰয়েলছে বলিং কৰাৰ সিদ্ধান্ত লয় আৰু পাঞ্জৱক বেটিং কৰাৰ বাবে আমন্ত্ৰণ জনায়। প্ৰথমাৱস্থাৰ পৰাই পঞ্জাৱে আক্ৰমনাত্মকভাৱে ঘৰুৱা দলটোৰ বলাৰসকলক প্ৰহাৰ কৰে।

দলৰ হৈ অধিনায়ক শিখৰ ধাৱন ৮৬ (অপঃ),অ'পেনাৰ প্ৰভিস্মৰণ সিঙ ৬০ ৰানেৰে অৰ্ধশতক অৰ্জন কৰি জয়ৰ বাবে ঘৰুৱা দলটোৰ সন্মুখত ১৯৮ লক্ষ্য বান্ধি দিয়ে।

Also Read: আজি প্ৰথমবাৰৰ বাবে আই পি এলৰ মেচ অনুষ্ঠিত কৰিবলৈ গৈ আছে অসমে...

IPL 2023