শেষ হৈ যোৱা নাই ৰোনাল্ডো...

শেষ হৈ যোৱা নাই ৰোনাল্ডো...

ডিজিটেল ডেস্ক : পিএছজি বনাম আল নাছৰ ! বৰ্তমান সময়ত ফ্ৰান্সৰ লীগ ১ ৰ দল হ'লেও ইউৰোপীয়ান আন দল সমূহক তুমুল প্ৰতিদ্বন্দিতা আগবঢ়াব পৰা ক্ষমতা আছে পি এছ জি ৰ । কিয়নো দলত আছে মেছি, এমবাপে, নেইমাৰৰ দৰে তাৰকা খেলুৱৈৰ ফৰৱাৰ্ড, ভেৰাট্টি, ভিটিন্হাৰ দৰে মিডফিল্ড, ৰামোছ, হাকিমিৰ দৰে ডিফেণ্ডাৰ া আৰু নাভাছৰ দৰে গ'লৰক্ষক । এনে এটা দলে সুযোগৰ সম্পূৰ্ণ সুবিধা গ্ৰহণ কৰি যিকোনো সময়তেই আধিপত্য স্থাপন কৰিব পাৰে ফুটবল জগতত । কিন্তু তাৰ পাছতো ছৌডি আৰৱৰ এটি পূৰ্বে অখ্যাত দলৰ পৰা লাভ কৰিলে প্ৰচণ্ড প্ৰতিযোগিতা ।

তাৰকা খেলুৱৈ ৰোনাল্ডোৰ নতুন ক্লাব আল নাছৰ । বিশ্বৰ শ্ৰেষ্ঠ দলসমূহ যেনে মানচেষ্টাৰ ইউনাইটেড, ৰিয়েল মাদ্ৰিদ, যুভেন্টাছৰ দৰে দলত খেলাৰ পাছত ৩৭ বছৰ বয়সত আল নাছৰ লৈ খেলুৱৈ গৰাকীৰ গমণক লৈ উত্থাপন হৈছিল বহু প্ৰশ্ন । শেষ হৈ গ'ল নেকি এক কাহিনী, ফুটবলৰ অন্যতম শ্ৰেষ্ঠ খেলুৱৈ জনৰ কেৰিয়াৰ ধ্বংস হৈ গ'ল, ইত্যাদি ।

কিন্তু বৃহস্পতিবাৰে নিশাৰ খেলখনত দুটাকৈ গ'ল কৰিবলৈ সক্ষম হয় খেলুৱৈ গৰাকীয়ে । সন্মুখত আছিল বাধাৰ প্ৰাচীৰ । ডিফেণ্ডাৰ পূৰ্বৰ সতীৰ্থ খেলুৱৈ ৰামোছ আৰু বিশ্বকাপৰ তাৰকা হাকিমি । এই দুয়োজনক অতিক্ৰম কৰি যাবলৈ কৰিব লাগিব বহু সংগ্ৰাম । কিন্তু এনে বহু বাধাৰ প্ৰাচীৰ বহু বছৰৰ পৰাই অতিক্ৰম কৰি আহিছে ৰোনাল্ডোই । শেষ নিশাও অনুৰূপ ফলাফল । এটা গ'ল পেনাল্টীৰ সহায়ত, আন এটা গ'ল পেনাল্টী বক্সৰ ভিতৰৰ পৰা লোৱা এটি শ্বট ।

আনহাতে, পি এছ জিত আছিল জীৱন্ত কিম্বদন্তি লিয়নেল মেছি । বিশ্বকাপ বিজয়ী মেছি আৰু বিশ্বকাপৰ সৰ্বাধিক গ'ল কৰা খেলুৱৈ এমবাপে । কাষতেই নেইমাৰ । মেছিয়ে খেলৰ ৩ মিনিটতে এটা গ'ল দিয়াৰ ওপৰিও সুন্দৰ পাছেৰে সহায় কৰে এমবাপেক ।

খেলৰ শেষত ফলাফল ৫-৪ । পি এছ জি জয়ী হ'ল এটা গ'লৰ ব্যৱধানত ।

বহু তাৰকা সমৃদ্ধ এই খেলখনত সকলোৰে দৃষ্টি নিৱদ্ধ হৈ আছিল ৰোনাল্ডোৰ ওপৰত । আৰু দৰ্শকক নিৰাশ নকৰিলে খেলুৱৈজনে । বহু বছৰজুৰি কেৱল এয়াইটো কৰি আহিছে ৰোনাল্ডোই । প্ৰত্যাহ্বান মানেই ৰোনাল্ডো...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in