আজি পৰ্বতসম প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব ক্ৰিষ্টিয়ানো ৰোনাল্ডো...

আজি পৰ্বতসম প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব ক্ৰিষ্টিয়ানো ৰোনাল্ডো...

ডিজিটেল ডেস্ক : পূৰ্বৰ বন্ধু তথা সতীৰ্থ, শিষ্য, শত্ৰু সকলো এতিয়া এটা শিবিৰতে । এই কাহিনী নতুন নহয় । বৈদিন দিনৰ পৰাই এনে কাহিনীৰ উল্লেখ আছে বিভিন্ন কালজয়ী সাহিত্যত । কিন্তু বৰ্তমানৰ সময়ত এইয়া জানো সম্ভৱ ?

তেনে এক অনুৰূপ ঘটনা প্ৰত্যক্ষ কৰিব আজি বিশ্ববাসীয়ে । অৱশ্যে ফুটবলৰ খেলপথাৰত হে । ইয়াতে নাই শত্ৰু, আছে প্ৰতিপক্ষ । সেয়াও কেৱল খেলৰ সময়ছোৱাত হে, খেল পথাৰৰ বাহিৰত দুয়োগৰাকী সুহৃদ ।

সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ ফুটবলাৰ বুলি সততে মনলৈ অহা চাৰিটা নাম হৈছে পেলে, মাৰাডোনা, মেছি আৰু ৰোনাল্ডো । দুৰ্ভাগ্যবশত: পেলে আৰু মাৰাডোনা বৰ্তমান ইহ সংসাৰত নাই কিন্তু তেওঁলোকৰ স্মৃতি সদায়েই সজীৱ হৈ ৰ'ব সকলোৰে মনত । যেন দুগৰাকী খেলুৱৈয়ে নহয় বৰং দুখন দেশৰ ৰাষ্ট্ৰীয় পতাকা । ব্ৰাজিল অথবা আৰ্জেন্টিনা বুলিলে এই দুগৰাকী কিম্বদন্তী খেলুৱৈৰ কথা মনলৈ অহাতো স্বাভাৱিক ।

এই দুগৰাকী খেলুৱৈৰ পিছতেই আন দুগৰাকী খেলুৱৈয়ে সমগ্ৰ বিশ্বত সৃষ্টি কৰিছিল খলকনিৰ । আৰ্জেন্টিনাৰেই লিয়নেল মেছি আৰু পৰ্টুগালৰ ক্ৰিষ্টিয়ানো ৰোনাল্ডো ।মেছিয়ে খেলিছিল স্পেইনৰ অন্যতম ক্লাব বাৰ্ছিলোনাৰ হৈ আনহাতে ৰোনাল্ডোই খেলিছিল স্পেইনৰ শীৰ্ষৰ ক্লাব ৰিয়েল মাদ্ৰিদৰ হৈ । এই দুয়োটা ক্লাবৰ মাজৰ খেল সমূহক কোৱা হৈছিল এল ক্লাছিকো অৰ্থাৎ কালজয়ী অতবা ক্লাছিক খেল । এনেকুৱাই আছিল দুয়োটা ক্লাবৰ মাজৰ সম্পৰ্ক । পৰাজয় মানেই কেৱল গ্লানি, ইয়াতে ভুল শুধৰাবলৈ সুযোগ দিয়া নহয় খেলুৱৈক । ভুল মানেই খলনায়ক । জিকিলে নায়ক ।

কালক্ৰমত বিভিন্ন পৰিস্থিতিত বাৰ্ছিলোনা এৰিব লগীয়‍া হ'ল মেছি আৰু নেইমাৰে । ৰিয়েল মাদ্ৰিদ এৰিলে ৰোনাল্ডোই । বহু কেইটা ক্লাব সলনি কৰি এতিয়া চৌদি আৰৱৰ এটি অখ্যাত ক্লাব আল নাছাৰ হৈ অৱতীৰ্ণ হ'ব ৰোনাল্ডো ।

আনহাতে, নেইমাৰ-মেছিৰ ফৰৱাৰ্ডৰ যু্ঁটি গৈ পালে ফ্ৰান্সৰ পেৰিছ চেইন্ট জাৰ্মান । একেটা ক্লাবতেই খেলে বিগত দুখনকৈ বিশ্বকাপৰ চাঞ্চল্য এমবাপে । ইয়াৰ ওপৰিও আছে ৰোনাল্ডোৰ পুৰণি ক্লাব ৰিয়েল মাদ্ৰিদৰ সতীৰ্থ ৰামোছ । প্ৰতিপক্ষৰ ভৰিৰ পৰা কেৱল ফুটবলেই নহয় বৰং মনোবলো কাঢ়ি নিয়ে এই গৰাকী ডিফেণ্ডাৰে । ৰামোছ মানেই সন্ত্ৰাস । ইয়াৰ পূৰ্বে ৰোনাল্ডোৰ ঢাল হৈ ৰোৱা খেলুৱৈ গৰাকীয়ে এইবাৰ খেলিব ৰোনাল্ডোৰ বিৰুদ্ধে ।

মেছি-ৰোনাল্ডোৰ প্ৰতিযোগিতা বহু পুৰণি । তেনেস্থলত, নতুন বছৰত, নতুন ক্লাবত. এক নতুন ৰূপত দেখা পোৱা যাব নেকি এল ক্লাছিকো ? এতিয়া মাথো তাৰেই অপেক্ষাত বিশ্ব..

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in