টি-২০ বিশ্বকাপত খেলিবনে ৰোহিতে ? আমেৰিকাৰ পৰা হিটমেনে লগাইছে খেলিমেলি...

টি-২০ বিশ্বকাপত খেলিবনে ৰোহিতে ? আমেৰিকাৰ পৰা হিটমেনে লগাইছে খেলিমেলি...
টি-২০ বিশ্বকাপত খেলিবনে ৰোহিতে ? আমেৰিকাৰ পৰা হিটমেনে লগাইছে খেলিমেলি...

ডিজিটেল ডেস্কঃ আগন্তুক ২০২৪ ত আছে টি-২০ ক্ৰিকেট বিশ্বকাপ। ক্ৰিকেটৰ এই চমু সংস্কৰণৰ পৰা ৰোহিত শৰ্মাক লাহে লাহে আঁতৰাই হাৰ্দিক পাণ্ডিয়াক অধিনায়ক হিচাপে ভাৰতীয় ক্ৰিকেটৰ দলীয় নিৰ্বাচকে প্ৰস্তুত কৰি তুলিছে।

কিন্তু তাৰ মাজতে ৰোহিত শৰ্মাই টি-২০ ক্ৰিকেট বিশ্বকাপক কেন্দ্ৰ কৰি দিলে এক ডাঙৰ খবৰ। তেওঁ টি-২০ ক্ৰিকেটৰ পৰা অৱসৰৰ ইংগিত দিয়াৰ পৰিৱৰ্তে ২০২৪ ৰ টি-২০ বিশ্বকাপৰ বাবে সাজু হোৱাৰ কথাহে স্পষ্টকৈ জনালে।

বিগত বছৰত ইংলেণ্ডত অনুষ্ঠিত হোৱা টি-২০ বিশ্বকাপৰ ছেমি ফাইনেলৰ পৰা বাহিৰ হৈছিল ভাৰত। তাৰ পাছৰে পৰা টীম ইণ্ডিয়াৰ টি-২০ দলটোৰ পৰা প্ৰায় বাহিৰতেই আছে ৰোহিত শৰ্মা।

শেহতীয়াকৈ ৱেষ্ট ইণ্ডিজ ছিৰিজটো দলত স্থান দিয়া হোৱা নাই ৰোহিত শৰ্মাক। কিন্তু তাৰ পাছতো ৰোহিতে বিশ্বকাপ যে, খেলিবই সেই কথা লুকুৱাই নাৰাখি স্পষ্টকৈ কৈ এতিয়া নিৰ্বাচকৰ গোটেই অংকত লগাই দিলে খেলিমেলি।

বৰ্তমান আমেৰিকা যুক্তৰাষ্ট্ৰত অৱসৰৰ সময় অতিবাহিত কৰা ৰোহিত শৰ্মাই আমেৰিকাৰ মাটিৰ পৰাই স্পষ্ট কৰিলে এই কথা। বিগত টি-২০ বিশ্বকাপৰ পাছতে ৰোহিত শৰ্মাই এই ফৰ্মেটৰ পৰা অৱসৰ গ্ৰহণ কৰিব লাগে বুলি ক্ৰিকেট সমালোচকসকলে মন্তব্য কৰিছিল।

ইয়াৰোপৰি নিৰ্বাচকেও ক্ৰিকেটৰ চমু ফৰ্মেটৰ পৰা ৰোহিত শৰ্মাৰ দৰে জ্যেষ্ঠ খেলুৱৈক আঁতৰাই যুৱ খেলুৱৈক স্থান দিব লাগে বুলি দাবী জনাই আহিছিল। নিৰ্বাচকেও সেই নীতিকেই পালন কৰি আহিছে।

যোৱা টি-২০ বিশ্বকাপৰ পাছৰে পৰা নিৰ্বাচকে টি-২০ ফৰ্মেটৰ পৰা অধিক সময়ে বিৰাট, ৰোহিত দুয়োকে আঁতৰাই ৰাখিছে। কিন্তু আমেৰিকাৰ মাটিৰ পৰাই ৰোহিত শৰ্মাই সকলো সমীকৰণ খেলি মেলি কৰি দিলে।

আমেৰিকাৰ এক অনুষ্ঠানত ৰোহিত শৰ্মাক কৰা এক প্ৰশ্নত তেওঁ কয়, ক্ৰিকেটৰ পৰা বিৰতি লৈছো। সেয়ে  ঘূৰিছো। তাৰোপৰি ইয়ালৈ অহাৰ আন এটা কাৰণ আছে। বিশ্বকাপ আহি আছে। ২০২৪ ৰ জুনত ইয়ালৈকে টি-২০ বিশ্বকাপৰ বাবে আহিব লাগিব। সেই কথা ভাবিয়েই আগে আগে এই ঠাই ভ্ৰমণ কৰি গ’লো।

ৰোহিতৰ এই মন্তব্যক লৈ এতিয়া আৰম্ভ হৈছে চৰ্চা।

টি-২০ বিশ্বকাপত খেলিবনে ৰোহিতে ? আমেৰিকাৰ পৰা হিটমেনে লগাইছে খেলিমেলি...
জাতিত কৈ ৰাজনীতি ডাঙৰ নহয়,এটা ভুলৰ বাবে জীৱনটো গালি খাই জীয়াই থাকিব নোৱাৰো...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in