জাতিত কৈ ৰাজনীতি ডাঙৰ নহয়,এটা ভুলৰ বাবে জীৱনটো গালি খাই জীয়াই থাকিব নোৱাৰো...

জাতিত কৈ ৰাজনীতি ডাঙৰ নহয়,এটা ভুলৰ বাবে জীৱনটো গালি খাই জীয়াই থাকিব নোৱাৰো...
জাতিত কৈ ৰাজনীতি ডাঙৰ নহয়,এটা ভুলৰ বাবে জীৱনটো গালি খাই জীয়াই থাকিব নোৱাৰো...

ডিজিটেল ডেস্কঃ অৱশেষত বিজেপি ত্যাগ কৰিলে অভিনেতা তথা সাংস্কৃতিক কৰ্মী বৈকুণ্ঠ প্ৰিন্স পাঠকে। নাগৰিকত্ব সংশোধনী আইন আন্দোলনত সক্ৰিয় ভাৱে আংশগ্ৰহণ কৰাৰ লগতে ৰাজ্যৰ শিল্পী সমাজক নেতৃত্ব প্ৰদান কৰি পৰৱৰ্তী সময়ত বিজেপিত যোগদান কৰা এইগৰাকী অভিনেতাই আজি বিজেপি ত্যাগ কৰাৰ কথা সমামাজিক মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰিছ।

নিজকে এজন অভিনেতা আৰু সাংস্কৃতিক কৰ্মী হিচাপে পৰিচয় দি সেইদৰেই জীয়াই থাকিব বিচাৰে বুলি উল্লেখ কৰি বৈকুণ্ঠ প্ৰিন্স পাঠকে সামাজিক মাধ্যমৰ জৰিয়তে কয়, ''বিজেপি দলৰ প্ৰাথমিক পদৰ পৰাও বিদায় ল'লো।লখিমপুৰ জিলাৰ সাংস্কৃতিক সমন্বয়কৰ পদৰ পৰাও বিদায় ল'লোঁ। কাকো পত্ৰ নিদিওঁ কাৰণ মোকো একো পত্ৰ দি মতা নাছিল।''

ইয়াৰোপৰি তেওঁ লিখিছে, সময় থাকোঁতে মই শুদ্ধ হোৱা প্ৰয়োজন আছে বুলি ভাবি এই সিদ্ধান্ত ললোঁ। অসমৰ ৰাইজে মোক ৰাজনৈতিক ব্যক্তি হিচাপে ভাল নাপায় । গতিকে সাংস্কৃতিক কৰ্মী হিচাপে ৰাইজৰ বিপদ আপদত মাত মাতি আহিছোঁ, মাতি যাম। জাতিটোত কৈ ডাঙৰ মোৰ ৰাজনীতি নহয়। এটা ভুলৰ বাবে মই জীৱনটো গালি খাই জীয়াই থাকিব নোৱাৰো। ৰাইজ মোৰ বাবে ৰজা। মোৰ ভুলৰ বাবে অসমৰ ৰাইজে ক্ষমা কৰি দিব বুলি সেৱা জনালোঁ।

বিজেপি ত্যাগ কৰাৰ পাছত ফেচবকত বৈকুণ্ঠ প্ৰিন্স পাঠকে লিখা সেই কথাবোৰ পঢ়ক অসম্পাদিত ৰূপতঃ

''মই এজন অভিনেতা গতিকে এজন অভিনেতা তথা সাংস্কৃতি কৰ্মী হিচাপে জীয়াই থাকিব বিচাৰোঁ । আজিৰে পৰা মই কোনো ৰাজনৈতিক দলৰ লগত জড়িত নহয়। সকলো ত্যাগ কৰিলোঁ। বিজেপি দলৰ প্ৰাথমিক পদৰ পৰা ও বিদায় ললোঁ। লখিমপুৰ জিলা ৰ সাংস্কৃতিক সমন্বয় ক পদৰ পৰা ও বিদায় ললোঁ। কাকো পত্ৰ নিদিওঁ কাৰণ মোকো একো পত্ৰ দি মতা নাছিল। প্ৰতি জন বিজেপি দলৰ কৰ্মী ৰ ভাল কামৰ লগত সদায় আছোঁ থাকিম কিন্তু ৰাজনীতি আমাৰ বাবে নহয়। ধন্যবাদ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ককাইদেউ; ধন্যবাদ ৰঞ্জিত দাস ডাঙৰীয়া;

আশা বৰদলৈ; যতীন দা; চুৰঞ্জন দা;। সময় থাকোঁতে মই শুদ্ধ হোৱা প্ৰয়োজন আছে বুলি ভাবি এই সিদ্ধান্ত ললোঁ। অসমৰ ৰাইজে মোক ৰাজনৈতিক ব্যক্তি হিচাপে ভাল নাপায় । গতিকে সাংস্কৃতিক কৰ্মী হিচাপে ৰাইজৰ বিপদ আপদ ত মাত মাতি আহিছোঁ মাটি যাম। জাতি টোত কৈ ডাঙৰ মোৰ ৰাজনীতি নহয়। এটা ভুলৰ বাবে মই জীৱন তো গালি খাই জীয়াই থাকিব নোৱাৰো। ৰাইজ মোৰ বাবে ৰজা। মোৰ ভুলৰ বাবে অসম ৰ ৰাইজে ক্ষমা কৰি দিব বুলি সেৱা জনালোঁ। লখিমপুৰ বিজেপি ৰ সকলোকে ধন্যবাদ জনালোঁ। ইমান মৰম আদৰ দিলে। ভাল কৰ্ম ত সদায় লগত আছোঁ। বেয়া ত নাই। সময় থাকোতেই মই মোৰ নিজৰ পথত আহিলোঁ কাৰো প্ৰতি বেয়া ভাব নাই নাথাকে। দলত থাকি মই যদি কাকো সহায় কৰিব নোৱাৰো কিয় থাকিম ? মূল্যবৃদ্ধি অন্য এক কাৰক দল এৰাৰ।

জয় আই অসম

আজিৰে পৰা --- বৈকুণ্ঠ প্ৰিন্স অভিনেতা''

জাতিত কৈ ৰাজনীতি ডাঙৰ নহয়,এটা ভুলৰ বাবে জীৱনটো গালি খাই জীয়াই থাকিব নোৱাৰো...
ঢকুৱাখনাত শ্মশানৰ ভূমি বেদলকাৰী ৰূপত পৌৰপতি ৰাজীৱ দাস...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in