ইতিহাস সৃষ্টিৰে ৰোহণ বোপান্নাৰ গ্ৰেণ্ড শ্লাম দখল

এই খবৰে ভাৰতীয় ক্ৰীড়া জগতক স্বাভাৱিকতে আনন্দিত কৰি তুলিছে।

author-image
Asomiya Pratidin
New Update
ইতিহাস সৃষ্টিৰে ৰোহণ বোপান্নাৰ গ্ৰেণ্ড শ্লাম দখল

ডিজিটেল ডেস্ক : ভাৰতীয় টেনিছ তাৰকা ৰোহন বোপান্নাই ৰচিলে ইতিহাস। অষ্ট্রেলিয়ান অ'পেনৰ পুৰুষৰ ডাবলছৰ খিতাপ দখল কৰি ইতিহাস সৃষ্টি ৰোহন বোপান্নাৰ।

শনিবাৰে ভাৰতীয় টেনিছ তাৰকাগৰাকীয়ে গ্ৰেণ্ড শ্লাম দখল কৰি সবাতোকৈ বৰ্ষীয়ান খেলুৱৈ হিচাপে পৰিগণিত হয়। উল্লেখযোগ্য যে ৰোহন বোপান্নাৰ সহযোগী আছিল অষ্ট্রেলিয়াৰ মেথিউ এবডেন।

দুয়োৰে হাতত ধৰাশায়ী হয় ইটালীৰ ছিমন বলেলি আৰু আণ্ড্রেয়া ভাভাছ’ৰি। ৭-৬, ৭-৫ ব্যৱধানত জয়ী হয় বোপান্না আৰু এবডেন। এই খবৰে ভাৰতীয় ক্ৰীড়া জগতক স্বাভাৱিকতে আনন্দিত কৰি তুলিছে।

Also Read: সমাজকৰ্মী মুকেশ আগৰৱালাৰ মৃত্যুত শোকৰ ছাঁ

sports Australian Open rohan bopanna